লিপিৰ জন্ম আৰু বিকাশৰ বিভিন্ন স্তৰ

    

লিপিৰ জন্ম আৰু বিকাশৰ বিভিন্ন স্তৰ


    বাণীৰ লৈখিক প্ৰতিৰূপেই লিপি'৷ আন কথাত, বাগযন্ত্ৰৰ সহায়ত উচ্চাৰিত ধ্বনিসমূহক যি প্ৰতীক চিহ্ন অথবা ৰেখাচিত্ৰৰ সহায়ত ব্যক্ত কৰা হয়, সেয়ে লিপি৷ প্ৰাচীন ভাৰতত ধাতুৰে নিৰ্মিত সূক্ষ্মাগ্ৰ কলমৰ সহায়ত ভূৰ্জপত্ৰ আৰু তালপাতত দাগ কাটি তাৰ ওপৰত চিয়াঁহী ঘঁহি দিয়া হৈছিল৷ এনেধৰণৰ ৰঞ্জক পদাৰ্থ লেপন কৰাৰ পৰাই লিপি শব্দৰ উৎপত্তি৷ ক্ষৰণ নাই গুণে ই অক্ষৰৰূপে পৰিচিত'৷ পৃথিৱীত মানুহৰ আৱিৰ্ভাৱৰ তুলনাত লিপিৰ আৱিষ্কাৰ নিতান্তই সাম্প্ৰতিক বুলিব পাৰি৷ ই মাত্ৰ ছ হাজাৰ বছৰৰ পূৰ্বৱৰ্তী কথা৷ পূৰ্ণাংগ আক্ষৰিক লিপিৰ ইতিহাস আৰু সাম্প্ৰতিক৷ ইয়াৰ জন্মলগ্নত ঈশ্বৰ অথবা ঈশ্বৰ প্ৰেৰিত দূতৰ হাত থকা বুলি বিভিন্ন দেশৰ লোকে বিশ্বাস কৰিছিল৷ দৃষ্টান্তস্বৰূপে ভাৰতীয় ব্ৰাহ্মী লিপিৰ সৈতে সৃষ্টিকৰ্তা ব্ৰহ্মাক, মিছৰীয় লিপিৰ সৈতে থচ (Thoth) বা আইচিচ, বেবিলনীয় লিপিৰ লগত নেবু, গ্ৰীকলিপিৰ সৈতে হৰ্মিচ (Hermes), পেলমিচড়, প্ৰমেথিউচ, লিনোজ আদি, চীনালিপিৰ লগত ৱেনচাং (Wenchang), ফিনিছীয় লিপিৰ সৈতে কেদমচ (Cedmus), ৰোমান লিপিৰ লগত মাকুৰী (Mercury), ইজৰাইলৰ লিপিৰ লগত জেহোৱা (Jehova), আৰবৰ লিপিৰ সৈতে আল্লা (হ) আৰু আয়াৰলেণ্ডৰ কেল্টিক ওগম লিপিৰ লগত ওগম (Oghama) প্ৰভৃতি পৌৰাণিক দেৱতাক সাঙোৰা ৰূপকথা আজিও সুপ্ৰচলিত৷ পিছে বাস্তৱ দৃষ্টিত আদিম মানৱৰ প্ৰয়োজন পূৰ্তিৰ দীৰ্ঘম্যাদী প্ৰযত্নৰ ফলশ্ৰুতিৰূপেহে লিপিৰ জন্ম আৰু বিকাশ সম্ভৱ হয়'৷

    স্মৃতি সংৰক্ষণৰ কাৰণে গামোচা বা ৰুমালত গাঁঠি যি ৰখা পদ্ধতি আজিও অব্যাহত৷ আদিম মানবে অৱশ্যে ৰুমাল অথবা গামোচাৰ পৰিৱৰ্তে ৰছী অথবা জন্তুৰ ছালৰ ফিতাত গাঁঠি দি কথা মনত ৰখাৰ উপায় উদ্ভাৱন কৰি লৈছিল৷ দক্ষিণ আমেৰিকাৰ পেৰু দেশৰ আদিবাসীসকলে (ক) বছী এডালত বেলেগ বেলেগ বং লগাই, (খ) ৰছী অথবা চামৰাৰ ফিতাত বেলেগ বেলেগ ৰঙৰ সূতা বা মণি আদি আঁৰি দি, (গ) এডাল দীঘল লাঠি কিংবা বাঁহ-কাঠৰ মাৰিত ভিন্ন ৰঙৰ ৰছী লগ লগাই তাত গাঁঠি মাৰি, (ঘ) একেডাল ৰছীতে ভিন্ ভিন্ কৈ গাঁঠি মাৰি অথবা ভিন্ন দূৰত্বত গাঁঠি দি উল্লেখযোগ্য বিষয়, ঘটনা, পৰিসংখ্যা আদি মনত ৰখাৰ উপৰি ব্যৱসায়-বাণিজ্যৰো প্ৰাথমিক কাৰ্য সম্পাদন কৰিছিল৷ সাধাৰণতে ৰঙা ৰঙৰ ৰছীয়ে সৈনিক, হালধিয়া ৰঙৰ বছীয়ে সোণৰ, আৰু বগা ৰঙৰ ৰছীয়ে বিয়াৰ অৰ্থ সূচায়৷ তদুপৰি এটা গাঁঠিয়ে ১০, দুটা গাঁঠিয়ে ২০, এজটা ৰছীৰ গাঁঠিয়ে ১০০, দুজটা ৰছীৰ গাঁথিয়ে ২০০ আদি বুজাইছিল৷ এই কালত এনেদৰে ৰছীত গাঁঠি বন্ধা আৰু তাৰ অৰ্থ বুজাবলৈ এশ্ৰেণী লোকেই নিয়োজিত হৈছিল৷ মনৰ ভাৱ প্ৰকাশ কৰা এই পদ্ধতিক পেৰু দেশত কিপাচ (Kipus), কুইপাচ (Quipus), কুইপু (Quipu) অথবা গ্ৰন্থিলিপি ৰূপে জনা যায়৷

    দক্ষিণ আমেৰিকাৰ ইন্‌কা সাম্ৰাজ্যৰ ভিন্ন অঞ্চলত গ্ৰন্থিলিপিৰ বিভিন্ন নিদৰ্শন উদ্ধাৰ হোৱাটো মন কৰিবলগীয়া৷ পেৰুৰ অফচৰে এই গ্ৰন্থিলিপিৰ বিশেষ উন্নতি সাধন কৰা বুলি জনা যায়৷ খ্ৰীঃপূঃ ৪৯৮-ত হালিকাবত জন্মগ্ৰহণ কৰা প্ৰখ্যাত ঐতিহাসিক হেৰোডোটাচে লিখা ডেৰিয়াচৰ চাইথিয়া আক্ৰমণৰ বৰ্ণনাত গ্ৰন্থিলিপিৰ উল্লিখন তাৎপৰ্যপূৰ্ণ৷ ডেৰিয়াচে তেওঁৰ সৈন্যসকলৰ হাতত দলং এখনি ৰক্ষাৰ ভাৰ অৰ্পণ কৰি গাঁঠি মৰা ৰছী এডাল দি ক'লে- 'প্ৰতিদিনে ইয়াৰ একোটাকৈ গাঁঠি খুলি বা আৰু অন্তিম গ্ৰন্থি খোলাৰ দিনাও যদি মই ঘূৰি নাহোঁ, তেন্তে দলংখনি ভাঙি তোমালোকে স্বদেশলৈ ঘূৰি যাবা৷' উত্তৰ আমেৰিকাৰ ইৰোকোৱা আদিবাসীসকলৰ মাজত প্ৰচলিত 'ৰামপুম' (Wampum) নামৰ সাংকেতিক পদ্ধতিটোও গ্ৰন্থিলিপিৰ সমপৰ্যায়ৰ৷ 'ৱামপুম' হ'ল শামুকৰ খোলাৰে বোৱা টঙালি বিশেষ৷ খোলাসমূহ গঁঠা আৰু সজোৱাৰ বৈচিত্ৰ্যত বক্তব্য বিষয় লুকাই থাকে৷ টংগানিকাৰ মকোন্দে আদিবাসীসকলে ছালৰ ৰছীত গাঁঠি দি বিভিন্ন ঘটনা আৰু সময় গণনা কৰা পদ্ধতি দীৰ্ঘদিন জুৰি প্ৰচলিত হৈ আহিছে৷ অষ্ট্ৰেলিয়াৰ আদিবাসীসকলে আকৌ গছৰ ডাল এটাত ধাৰ থকা শিলৰ টুকুৰা এটিৰে বিভিন্ন দাগ দি স্মৃতি সংৰক্ষণ কৰে৷

    কেতিয়াবা কেতিয়াবা দূৰত থকা লোক এজনৰ মনোভাৱ প্ৰকাশৰ বাবে পতাকা, বিশেষ ধৰণৰ বস্তু অথবা চিহ্নৰ প্ৰয়োগ কৰা দেখা যায়৷ বগা পতাকা উত্তোলনেৰে চলি থকা যুদ্ধ সাময়িকভাবে স্থগিত ৰখা পদ্ধতি বিশ্বত আজিও প্ৰচলিত৷ ৰাষ্ট্ৰীয় পতাকা অৰ্ধ-নমিতকৈ ৰাখি নেতৃস্থানীয় লোকৰ বিয়োগৰ শোক প্ৰকাশ কৰা হয়৷ নৱজাতকৰ জন্মৰ পিছত কামৰূপৰ বিভিন্ন স্থানত মাছ কিংবা জলাবটা বিলোবা প্ৰথা আছে৷ ফতেহপুৰ জিলাৰ উচ্চশ্ৰেণীৰ হিন্দুসকলে হালধিৰে ছোৱালীৰ আৰু চুপাৰীৰ দ্বাৰা ল'ৰাৰ নিমন্ত্ৰণী আগবঢ়ায়৷ বাস্তব দৃষ্টিত এনেবোৰ প্ৰক্ৰিয়াক লিপি বুলিব নোৱাৰিলেও ইয়াৰ দ্বাৰা যে এজনৰ মনোভাৱ ব্যক্ত হয়, তাত অকণো সন্দেহ নাই৷ এনে পদ্ধতিক ভাৰ অভিব্যক্তিৰ প্ৰতীকাত্মক ৰীতি অথবা প্ৰতীকাত্মক লিপি আখ্যা দিয়া হয়'৷ লিপি বিকাশৰ ক্ষেত্ৰত গ্ৰন্থিলিপি আৰু প্ৰতীকাত্মক লিপিৰ স্থান নিঃসন্দেহে শূন্যৰ ঘৰত৷

    লিপিৰ উদ্ভৱ আৰু বিকাশৰ ইতিহাসলৈ লক্ষ্য কৰিলে ইয়াৰ কেইটামান স্তৰ স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়৷ সেই স্তৰকেইটা হ'ল-

ক. চিত্ৰলিপি

    অৰণ্যচাৰী আদিম মানৱে চিকাৰৰ অনুসন্ধান কৰোঁতে চকুৰ আগত পৰা বিভিন্ন জীৱ-জন্তুৰ চেহেৰাক স্মৰণীয় কৰি ৰাখিছিল- বিভিন্ন ৰৈখিক চিত্ৰৰ মাধ্যমত৷ এনেকৈয়ে মানৱ মনৰ সুকুমাৰ চিন্তাধাৰাৰ প্ৰকাশ সম্ভৱ হৈছিল- পৰ্বতৰ বুকুত থকা বিভিন্ন আকাৰৰ মসৃণ শৈলপৃষ্ঠত৷ গুহাবাসী মানৰে আন ঠাইলৈ নগৈ গুহাৰ ভিতৰতে চিত্ৰাংকন সমাধা কৰিছিল৷ সেই চিত্ৰসমূহ অংকিত হৈছিল বাস্তৱৰ ভেটিত৷ সাধাৰণতে হৰিণ এটা বুজাবলৈ সম্পূৰ্ণ হৰিণটো আঁকিব লগা হৈছিল৷ চিকাৰৰ দৃশ্যত হৰিণৰ সৈতে আয়ুধহস্ত চিকাৰীকো দেখা যায়৷ এই চিত্ৰসমূহে আদিম মানৱৰ সৌন্দৰ্যবোধৰ পৰিচয় প্ৰদৰ্শন কৰাৰ উপৰি আন এটি উদ্দেশ্যও সাধন কৰিছিল৷ অনামী শিল্পীয়ে যেতিয়া এটি হৰিণ অথবা বাইচনৰ ছবি আঁকিছিল তেতিয়া তেওঁৰ সংগীসকলে সহজে বুজিব পাৰিছিল যে তেওঁ হৰিণ বা বাইচনৰ কথা চিন্তা কৰিছে৷ এনেদৰেই এই চিত্ৰসমূহে এজনৰ মনৰ ভাৱ আন এজনৰ ওচৰলৈ কঢ়িয়াই নিয়াত সফল হৈছিল৷ সময়ৰ অগ্ৰগতিয়ে চিত্ৰলিপিৰ ভালেখিনি বিকাশ সাধে৷ এই স্তৰত গৰু এটা বুজাবলৈ সম্পূৰ্ণ গৰুটো আঁকাৰ পৰিৱৰ্তে শিং দুটিৰে সৈতে মুখখন আঁকি গৰুক দ্যোতনা কৰা ৰীতি প্ৰচলিত হ'ল৷ দক্ষিণ ফ্ৰান্স, স্পেইন, ক্ৰীটদ্বীপ, মেছোপটেমিয়া, গ্ৰীচ, ইটালী, পৰ্তুগাল, চাইবেৰীয়া, উজবেকিস্তান, ছিৰিয়া, মিছৰ, কেলিফোৰ্নিয়া, ব্ৰাজিল, অষ্ট্ৰেলিয়া, চীন আৰু ভাৰতবৰ্ষৰ বিভিন্ন স্থানত প্ৰাচীন চিত্ৰলিপি উদ্ধাৰ হৈছে৷ ভিন্নকালীন এই চিত্ৰবোৰ শৈলপৃষ্ঠৰ উপৰি হাতী দাঁত, গছৰ ছাল, জন্তুৰ ছাল, মৃণ্ময় বাচন-বৰ্তন, কাঠৰ ফলক আৰু জন্তুৰ হাড়তো অংকন কৰা দেখা যায়৷ এই সমস্ত চিত্ৰই ৰেখা সৰ্বস্ব৷ চিত্ৰলিপিৰ বিশ্বজনীন মূল্যবোধৰ কথা কোনোপধ্যেই নুই কৰিব নোৱাৰি যদিও ইয়াত থকা সীমাবদ্ধতাৰ কথাও উনুকিয়াই থোৱা ভাল- (১) চিত্ৰলিপিয়ে ব্যক্তি ভিন্নতা বুজাবলৈ অসমৰ্থ, (২) স্কুল বস্তু অথবা জীৱ-জন্তুৰ প্ৰকাশত চিত্ৰলিপিয়ে সাহায্য আগবঢ়ালেও সূক্ষ্ম ভাৱানুভূতিৰ প্ৰকাশত সিবোৰে কোনো ধৰণৰ ভূমিকা ল'ব নোৱাৰে, (৩) চিত্ৰাংকনত ভালেখিনি সময়ৰ প্ৰয়োজন৷ তদুপৰি (৪) প্ৰত্যেক মানুহেই চিত্ৰবিদ্যাত পাৰদৰ্শী হ'ব বুলিও আশা কৰিব নোৱাৰি৷

খ. ভাবলিপি

    চিত্ৰলিপিৰ বিকশিত ৰূপেই ভাৱলিপি৷ চিত্ৰলিপিত যিটো প্ৰাণী বা বস্তুৰ ছবি আঁকা হয়, সেই বস্তুটোহে ব্যক্ত হয়; সুখ-দুখ, দয়া-ক্ষমা প্ৰভৃতি বিমূৰ্ত ভাৱৰাশি চিত্ৰলিপিৰে প্ৰকাশ কৰিব নোৱাৰি; কিন্তু ভাৱলিপিৰে সিবোৰো ব্যক্ত কৰিবলৈ সম্ভৱ হ'ল৷ এই স্তৰত চিত্ৰৰ প্ৰাধান্য কমি আহিল, ৰেখা অথবা চিহ্নই মুখ্য আসন অধিকাৰ কৰিলে৷ ভাৱলিপিত অংকিত কোনো এটা বস্তুৰ প্ৰতীকটোৰে বস্তুটোক প্ৰত্যক্ষভাৱে নুবুজায় সেই বস্তুটোৰ সৈতে সংযোজিত ভাৱটোৰ দ্যোতনা কৰে'৷ দৃষ্টান্ত স্বৰূপে, গোলাকাৰ চিত্ৰটোৱে চিত্ৰলিপিত মাথোঁঁ সূৰ্যটো বুজাইছিল, কিন্তু ভাৱলিপিত সি সূৰ্যদেৱতা, গৰম প্ৰভৃতি বুজাবলৈ ধৰিলে৷ এই স্তৰত, অৰ্ধচন্দ্ৰৰ তলত তৰা আঁকিলে সি বুজাব ৰাতিৰ অন্ধকাৰক, চকুৰ কাষৰ প্ৰাণীৰ টোপালে দুখৰ সংবাদ দিব আৰু সিংহৰ সমুখভাগে ইংগিত দিব প্ৰভুত্বৰ৷ চীনদেশৰ ভাৱলিপিত মুখনিঃসৃত বাক্য বুজাবলৈ মুখৰ লগত বাষ্পৰ প্ৰতীক আৰু বক্তৃতা বুজাবলৈ মুখ আৰু বাষ্পৰ লগত জিভাৰ প্ৰতীক সংযোগ কৰা দেখা যায়'৷ আমেৰিকাৰ চুপিৰিয়ৰ হ্ৰদৰ পাৰত অৱস্থিত পাহাৰ এখনিত এটি মনোৰম ভাৱলিপিৰ নমুনা পোৱা গৈছে৷ সেই লিপিত অংকিত হৈছে- পাঁচখনি নাও৷ প্ৰত্যেকখনি নাৱত যাত্ৰী থকাৰ ইংগিত ৰেখা চিত্ৰৰে দিয়া হৈছে৷ কাষত এটি চৰাই৷ সি নিঃসন্দেহে দলনেতা৷ তাৰ ওপৰত এটি অৰ্ধবৃত্ত- তাৰে তলত তিনিটা গোলক৷ অৰ্ধবৃত্তটো আকাশৰ আৰু গোলক তিনিটা তিনিটা সূৰ্য অৰ্থাৎ তিনিদিনৰ প্ৰতীক৷ সোঁফালে আছে এটি কাছ- তাক পানীৰ পৰা বামলৈ উঠি অহাৰ ইংগিত দিয়া হৈছে৷ এই ভাৱলিপিৰ সহায়ত বেড ইণ্ডিয়ানসকলে বুজাব বিচাৰিছে যে জনৈক দলনেতাই পাঁচখনি নাবত যাত্ৰীসহ জল অভিযানত ওলাই তিনিদিনৰ মূৰত নিৰাপদে হ্ৰদটো পাৰ হৈছিল'৷

    ভাৱলিপিৰ সহায়ত দীঘলীয়া সংবাদ প্ৰেৰণৰো সুযোগ ওলাল৷ ডেভিদ ডিৰিঞ্জাৰৰ গ্ৰন্থত' এই বিষয়ক এটি সুন্দৰ উদাহৰণ পোৱা যায়৷ আমেৰিকাৰ বেড ইণ্ডিয়ান আদিবাসীসকলৰ সাতোটা উপজাতিৰ লোকে পুখুৰী বিশেষত মাছ মাৰিবলৈ যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্টৰ ওচৰত ভাৱলিপিৰ সহায়েৰে তেওঁলোকৰ এটা দাবী উত্থাপন কৰিছে৷ তেওঁলোকে যে একেলগে মাছ ধৰিব, সেইটো বুজাবলৈ সাতোটি প্ৰাণীৰ চকু আৰু হৃৎপিণ্ড একেডাল সূতাৰে গ্ৰথিত কৰা হৈছে৷ ছবিৰ সাতোটি প্ৰাণী সাতটা ভিন্ন উপজাতিৰ প্ৰতীক৷ প্ৰথমতে আঁকা ডাঙৰ বগলী জাতীয় চৰাইটো হ'ল নেতৃস্থানীয় 'অঙ্কাবাওইচ্' উপজাতিৰ প্ৰতীক৷ দলৰ আগত চিত্ৰিত পখীটোৰ সৈতে পিছফালে থকা পুখুৰীৰ মাছকেইটি সংযোগ কৰি ভাৱলিপিকাৰে কৰা স্বজাতিৰ মাছ ধৰা দাবী উত্থাপনৰ ব্যঞ্জনা মনোৰম৷ ভাৱলিপিৰ প্ৰয়োগ আজিও অব্যাহত৷ আলিবাটত থকা উপপথ, দলং, চোকা ভাঁজ প্ৰভৃতি বুজাবলৈ ব্যৱহাৰ কৰা চিত্ৰসমূহেই তাৰ প্ৰমাণ৷ পিছে ছবিৰে মুখৰ ধ্বনিক ৰূপ দিব নোৱাৰি৷ দৃশ্যমান বস্তু এটিয়ে আমাৰ মানসপটত যিটো ছবি আঁকে, তাৰ ৰেখাময় ৰূপটিহে চিত্ৰলিপি কিম্বা ভাৱলিপিত পৰিস্ফুট হয়৷ পা গ. ভাব-ধ্বনিমূলক লিপি: ভাৱলিপিৰ বিকশিত ৰূপটো ভাৰ-ধ্বনিমূলক লিপিৰূপে পৰিচিত৷ এই স্তৰত অংকিত সৰলীকৃত সংক্ষিপ্ত ৰেখাৰূপটোৰ কিছু অংশ চিত্ৰধৰ্মী, কিছু অংশ ভাৱদ্যোতক আৰু আন কিছু অংশ কোনো বস্তুৰ ধ্বনিৰূপৰ প্ৰতিভূ৷ মেছোপটেমিয়া, হিত্তী আৰু মিছৰৰ পুৰণি লিপিক সাধাৰণভাৱে ভাৱলিপিৰূপে চিহ্নিত কৰিলেও সিবোৰ দৰাচলতে ভাৱ-ধ্বনিমূলক লিপিৰহে দৃষ্টান্ত৷ মিছৰৰ চিত্ৰ-প্ৰতীক লিপিত আকাশৰ চিত্ৰৰূপ আকাশবাচক 'পতা' এই ধ্বনিৰূপত ব্যৱহাৰ হোৱাটো এইখিনিতে স্মৰণযোগ্য৷ কোনো কোনো পণ্ডিতে হৰপ্পা আৰু মহেঞ্জদাৰোত উদ্ধাৰ হোৱা ছীল-মোহৰৰ লিপিক ভাৱ-ধ্বনিমূলক অথবা মিশ্ৰৰীতিৰ অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰে৷ আধুনিক চীনালিপিয়ো ইয়াৰ পৰ্যায়ভুক্ত৷ দৃষ্টান্ত স্বৰূপে, ফ্যাং শব্দটোৱে চীনা ভাষাত বুজায় নাও, স্থান, বয়ন প্ৰভৃতি৷ গতিকে স্থান বুজাবলৈ নাৱৰ লগত পৃথিৱী আৰু বয়নৰ অৰ্থ বুজাবলৈ নাৱৰ সৈতে ৰেচমৰ চিহ্ন অংকন কৰিবলগীয়া হয়৷

ঘ. ধ্বনিমূলক লিপি

     লিপি বিকাশৰ এই স্তৰটোত অংকিত চিহ্নই কোনো বস্তু অথবা ভাৰ প্ৰকাশৰ পৰিৱৰ্তে কোনো এটা ধ্বনিহে প্ৰকাশ কৰিবলৈ লয়৷ সেই ধ্বনিৰ সহায়ত মূৰ্ত-বিমূৰ্ত বস্তু অথবা ভাৱ আপোনা আপুনি প্ৰকাশ পাবলৈ বাধ্য৷ নাগৰী, আৰবী প্ৰভৃতি লিপি ইয়াৰ দৃষ্টান্ত৷ ধ্বনিমূলক লিপিক আকৌ দুটা ভাগত ভগোৱা হৈছে- অক্ষৰলিপি আৰু বৰ্ণলিপি৷

    যি লিপিত কোনো চিহ্নই সম্পূৰ্ণ বৰ্ণটো নুবুজায় সাধাৰণতে আদ্য অক্ষৰটিহে বুজায়, তাক অক্ষৰলিপি কোৱা হয়”৷ দৃষ্টান্তস্বৰূপে, হিব্ৰু ভাষাত আলেফ্ মানে গৰু৷ এই গৰু বুজোৱা চিনটোৱে ফিনিছীয় লিপিৰ বাতায়নেদি সৰকি গৈ গ্ৰীক বৰ্ণমালাত আলফা লিপিৰ ৰূপ লয়৷ ইংৰাজী family শব্দটো fa-mi-ly এই তিনিটা শব্দাংশ বা অক্ষৰত ভাগ কৰি প্ৰতিটো অক্ষৰৰ বাবে এটিকে প্ৰতীকচিহ্ন বহুৱালে সি হ'ব অক্ষৰ লিপি৷ গতিকে শব্দাংশ বা অক্ষৰৰ লৈখিক ৰূপদান এই লিপিৰ মূল কথা৷ ভাৰতৰ নাগৰীলিপি এইবিধ লিপিৰ উদাহৰণ৷ ইয়াৰ 'ক' চিহ্ন ক + অ- এই দুই বৰ্ণৰ সংযুক্ত ৰূপ৷ অসমীয়া লিপিৰ ক্ষেত্ৰতো ই প্ৰযোজ্য৷ আনহাতে ৰোমান লিপি 'অক্ষৰলিপি' নহয়- বৰ্ণলিপিহে৷ দৃষ্টান্তস্বৰূপে, 'জগত' শব্দটো বুজাবলৈ নাগৰী বা অসমীয়াৰ তিনিটা লিপি চিহ্নৰ ব্যৱহাৰে যথেষ্ট (জ-গ-ত); কিন্তু বোমান লিপিত তাক বুজাবলৈ পাঁচোটা চিহ্নৰ প্ৰয়োগৰ প্ৰয়োজন (J-A-G-A-T) হয়৷ উত্তৰ মিছবীয়, মেছোপটেমিয়াৰ মধ্যস্তৰৰ বাণমুখ আৰু ছুমেৰৰ লিপি আলোচিত লিপিৰ আন উদাহৰণ৷ ডুমেৰৰ লিপিৰ ৩৫০টা আক্ষৰিক চিহ্ন থকাৰ কথা পণ্ডিতসকলে সদৰী কৰিছে৷

    লিপি বিকাশৰ অন্তিম স্তৰটি বৰ্ণলিপি ৰূপে পৰিচিত৷ এই ধ্বনিৰ কাৰণে এটি প্ৰতীক চিহ্নৰ প্ৰয়োগ বৰ্ণলিপিৰ মূল কথা৷ উত্তৰ মিছৰীয় লিপি (বৰ্ণলিপিৰ সংখ্যা ২৪), ফিনিছীয় লিপি (বৰ্ণলিপি ২২টা) আৰু ৰোমানলিপি বৰ্ণলিপিৰ প্ৰতিভূ৷ মিছৰৰ ভাষাত 'লাবোই'ৰ অৰ্থ সিংহী৷ তাত প্ৰথমে সিংহীৰ চিত্ৰৰূপে, পৰৱৰ্তী কালত 'লাবোই'ৰ ধ্বনি হিচাপে তাৰ পৰা ই প্ৰথম অক্ষৰ 'লা'ৰ প্ৰতীক ৰূপত ব্যৱহাৰ হয় ৰোমান লিপিত সেয়ে 'ল' বৰ্ণলিপিলৈ উত্তৰণ কৰিছে৷

    চিত্ৰলিপিত আৰম্ভ কৰি আক্ষৰিক লিপিলৈ অগ্ৰসৰ হ'ব পৰা বা নোৱাৰা যিকেইটা পুৰণি লিপিৰ নিদৰ্শন উদ্ধাৰ হৈছে, সেইকেইটা হ'ল- ছুমেৰীয়, মিছবীয়, ক্ৰীটান, হিত্তী, চীনা, বেবিলনীয়, প্ৰত্ন-এলামীয়, লেটিন আমেৰিকাৰ মায়া তথা আজটেকীয় আৰু প্ৰত্নভাৰতীয় অথবা সিন্ধূলিপি প্ৰখ্যাত৷ আজিৰ পৃথিবীৰ বিভিন্ন দেশত প্ৰচলিত লিপিসমূহ উপৰ্যুক্ত লিপিমালাৰ প্ৰত্যক্ষ কিংবা পৰোক্ষ প্ৰভাৱৰ ফলত গঢ় লোৱা৷

Post a Comment

0 Comments