কংসাৰি কবিঃ ৰামসৰস্বতীয়ে তেওঁৰ পুষ্পহৰণ বন-পৰ্বত লেখিছে যে মহাৰাজ নৰনাৰায়ণৰ আদেশক্রমে মহাভাৰত ৰচনা কৰিবলৈ ধৰোঁতে কংসাৰি প্ৰমুখ্যে কবিসকলেও ৰচনা কাৰ্যত সহায় কৰিছিল।
কংসাৰি প্ৰমুখ্যে ঋষি (কবি) আছা যত যত,
সি সৱেও পদচয় কৰিলা পাচত।
আমাক বুলিলা পাচে সংকেত বচন,
আমাসাৰো পদছয় কৰিবাক মন।
ৰাজাত কাহিনী কৰি দিলো কতখানি,
তাৰাসৱে পদ কৰি আছে মনে মানি।
কংসাৰি যশচন্দ্ৰ খাঁ নামৰ কায়স্থ-শ্রেষ্ঠৰ বংশধৰ। কংসাৰিৰ সম্ভৱতঃ পৃষ্ঠপোষকৰ নাম গাভৰু খাঁ। গাভৰু খাঁ ভূঞা চিলাৰায়ৰ আহোম ৰাজ্য আক্ৰমণৰ অভিযানত অন্যতম সেনাপতি আৰু সহযোগীৰূপে যোৱাৰ উল্লেখ চৰিত-পুথিত পোৱা যায়। এই গাভৰু খাঁ ভূঞাই কংসাৰিৰ সম্ভৱতঃ পৃষ্ঠপোষক আছিল। মাধৱদেৱৰ সংগত থাকি তেওঁ বিৰাট-পৰ্ব ৰচনা কৰিছিল। এওঁ পীতাম্বৰ কায়স্থ নামেও পৰিচিত।
কংসাৰিয়ে 'কিৰাত-পর্ব' আৰু 'বিৰাট-পৰ্ব'ৰ দক্ষিণ গো-গ্ৰহৰ কিছু অংশ আৰু উত্তৰ গো-গ্রাহ ৰচনা কৰে। কিৰাট পৰ্বত অর্জুনে কিৰাটবেশী মহাদেৱক যুদ্ধত সন্তুষ্ট কৰি দিব্যাস্ত্ৰ লাভ কৰি দেৱতাৰ শত্রু নিৱাত-কৱচ, কালকেয় আদি দৈত্যক বধ কৰাৰ বিৱৰণ আছে। বিৰাট-পৰ্বৰ উত্তৰ আৰু দক্ষিণ গো-গ্রাহত কৌৰৱসকলে বিৰাট ৰজাৰ ধেনুবোৰ কাঢ়ি নিয়া আৰু ছদ্মবেশী অর্জুনৰদ্বাৰা যুদ্ধত কৌৰৱক পৰাজয় কৰি ধেনুবোৰ উদ্ধাৰ কৰাৰ কথা পোৱা যায়। কিৰাট আৰু বিৰাট- এই দুয়োটা পর্বতে কংসাৰিয়ে এজন প্রতিষ্ঠাশীল কবি হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে। কিৰাত-পৰ্বৰ বৰ্ণনা বৰ উপাদেয় আৰু কবিত্বপূর্ণ।
ৰত্নাকৰ কন্দলীঃ দৈত্যাৰি ঠাকুৰৰ শঙ্কৰ-মাধৱৰ চৰিতত পোৱা যায় যে মহাপুৰুষ ধুৱাহাট-বেলগুৰিত থাকোঁতে ৰত্নাকৰ কন্দলী নামে এজনে নিতৌ গীতা পাঠ কৰিছিল। সম্ভৱতঃ এই ৰত্নাকৰ কন্দলীয়েই 'কীৰ্তন'ৰ অন্তর্ভুক্ত হোৱা সহস্রনাম বৃত্তান্তৰ ৰচক। কীৰ্তনৰ ঠাঁচত ৰচনা কৰা এই খণ্ডকাব্যখনত কবিৰ ভক্তিভাবৰ গভীৰতা আৰু ৰচনাৰ সৌষ্ঠব বিশেষভৱে প্ৰকাশ পাইছে। ৰত্নাকৰ কন্দলীয়েই সম্ভৱতঃ স্কন্দপুৰণৰ অনুবাদ 'ব্রহ্মগীতা' আৰু 'গীতাকীৰ্তন'ৰো গ্ৰন্থকাৰ ।
সার্বভৌম ভট্টাচার্য (?)ঃ এইজন কবিৰ ক্ষুদ্র স্বর্গখণ্ড, বৃহৎ স্বর্গখণ্ড নামৰ দুখন সৰু পুথি পোৱা যায়। কবিয়ে পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ সাৰাংশ বুলি উক্ত পুথি দুখন প্ৰচাৰ কৰিছে। দৰাচলতে পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ লগত উক্ত গ্ৰন্থদ্বয়ৰ বিশেষ সম্পর্ক নাই। কলিকালৰ দোষ, হৰিভক্তিৰ মাহাত্ম্য, বৈষ্ণৱ সন্ত-মহন্তৰ পৰিচয় আৰু মহাপুৰুষ শংঙ্কৰদেৱৰ গুণাবলী আৰু কাৰ্য ইয়াত বর্ণনা কৰা হৈছে। পদ্মপুৰাণৰ বাহিৰেও বশিষ্ট-সাহিত্য, মৃত-সাহিত্য, অগতি-সংহিতা, ৰুদ্র-যামল, বিষ্ণু-ধর্মোত্তৰ, যোগিনীতন্ত্র, হৰ-গৌৰী সংবাদ আদি বহুতো গ্রন্থৰপৰা সহায় লোৱা বুলি উল্লেখ কৰিছে; কিন্তু পুথি দুখনৰ বিষয়বস্তু ইমান ব্যাপক আৰু গভীৰ নহয় যে অতবোৰ শাস্ত্ৰ চাবৰ প্ৰয়োজন হৈছিল। এইবোৰ উল্লেখ কেৱল পাঠকক ভয় খুৱাবৰ কাৰণেই সন্নিবিষ্ট কৰা যেন লাগে।
সার্বভৌমৰ নিজা বিবৃতি মতে তেওঁ পাণ্ডিত্যৰ গৰ্বত ওফন্দি মহাপুৰুষৰ লগত তৰ্ক কৰিবলৈ আহে আৰু পৰাজয় হৈ কাশীত পঢ়িবলৈ যায়। তাতে হবিনামৰ মাহাত্ম্য বুজি উভতি আহি শঙ্কৰত শবণ লয়। সার্বভৌম নামে কোনো পণ্ডিত নৰনাৰায়ণৰ সভাত থকাৰ প্ৰমাণ দৰং-ৰাজবংশাৱলীয়ে নিদিয়ে। স্বর্গখণ্ড পুথি দুখন অধ্যয়ন কৰি আমাৰ সন্দেহ হয় যে পৰৱৰ্তী কোনো কবিয়ে সার্বভৌম নাম লৈ সৰু পুস্তিকা দুখন ৰচনা কৰে। মহাপুৰুষৰ লগত তৰ্ক কৰিবলৈ যোৱা মানুহজনে মহাপুৰষৰ নাতি চতুর্ভুজ ধৰ্মৰ গাদিত অধিষ্ঠিত হোৱা আৰু তেওঁ অপুত্ৰক হৈ জীয়ৰীৰ সন্তানক ধৰ্ম দান কৰাৰ কথা কেনেকৈ ক'ব? তাৰ উপৰিও বৰ আতা যদুমণিদের আদিৰো উল্লেখ থকা কথাই সার্বভৌমৰ প্ৰকৃত অস্তিত্ব সম্বন্ধে সন্দেহ নজন্মাই নাথাকে।
শ্রীধৰ কন্দলীঃ শ্রীধৰ কন্দলী মহাপুৰষৰ সমসাময়িক নহ'লেও বেছি পিছৰ নাইবা শ্রীধৰ কন্দলী দুখন প্রসিদ্ধ গ্ৰন্থৰ গ্ৰন্থকাৰ, এখন 'কাণখোৱা' আৰু আনখন 'ঘুনুচা-কীর্তন'। নিচুকণি গীতৰ আৰ্হিত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সবল প্রাঞ্জল আৰু অভিনৱ ৰূপত কবিয়ে 'কাণখোৱা'ত প্রকাশ কৰিছে। শিশুকৃষ্ণক কাণখোৱা আহিব বুলি মাক যশোদাই ভয় খুৱাই শুৱাবলৈ চেষ্টা কৰোঁতে শিশুৰূপী পৰমেশ্বৰ কৃষ্ণই বিভিন্ন অৱতাৰৰ কথা সুঁৱৰি ক'তো কাণখোৱাক লগ পোৱাৰ কথা মনত পেলাব নোৱাৰি কৃত্রিম ভয়ত মাকক সাৱটি ধৰিছে। কৃষ্ণৰ ঈশ্বৰত্ব আৰু শিশুত্ব-এই দুটা দিশ অকণমান পুথিখনত ফুটাই তুলিছে। মাকৰ বুকুত সোমাই ভয়ার্ত শিশুৰ দৰে কৃষ্ণই কাণখোৱাৰ নাম শুনি টেপা মাৰিছে আৰু বিভিন্ন অৱতাৰত বধ কৰা অসুৰ- বাক্ষসবোৰৰ নাম সুঁৱৰি কাণখোৱাৰ বীৰ উৱাদিহ উলিয়াব নোৱাৰি বিহ্বল হৈ পৰিছে । কৃষ্ণৰ ইন্দ্রদ্যুম্নৰ কন্যা ঘুনুচাৰ (গুণ্ডিচা) ঘৰলৈ যাত্ৰা আৰু সেই কথাত ৰুক্মিণীৰ ঈর্ষা আৰু কৃষ্ণৰ ওপৰত খং আৰু অভিমান-এইবোৰ কথা আমোদজনকভাবে ঘুনুচা- কীর্তনত বর্ণনা কৰিছে। এই প্রসঙ্গত শঙ্কৰদেৱৰ 'পাৰিজাত হৰণ'ৰ শচী-সত্যভমাৰ কন্দললৈ পাঠকৰ মনত পৰি নাথাকে। কাব্যখনত গ্রাম্য স্ত্রী-কলহৰ প্রতিবিম্ব পৰিছে। সৰল প্রকাশভঙ্গী আৰু লঘু হাস্যৰস এওঁৰ ৰচনাৰ বৈশিষ্ট্য।
'ঘুনুচা-কীর্তন'ৰ কাহিনী জগন্নাথৰ বৃথযাত্রা উৎসৱৰ ভিত্তিত 'স্কন্দপুৰাণ'ৰ উৎকলখণ্ডৰ কাহিনীৰ আলাম লৈ ৰচনা কৰিছে। দুয়োখন কাব্যৰ মাজেদি শ্রীধৰ কন্দলীৰ ৰসিকতাৰ পৰিচয় পোৱা যায়।

0 Comments