'অৰুণোদই'য়ে অসমীয়া ভাষা-সাহিত্যৰ ভেটি সুদৃঢ় কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যক আধুনিক গঢ়ত গঢ়ি তোলাত সহায় কৰে। মিছনেৰীৰ বিদ্যায়তনিক পদক্ষেপে আধুনিক অসমীয়া ভায়া-সাহিত্য সৃষ্টিত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ইয়াৰ পিছে পিছে জোনাকীয়ে আধুনিক অসমীয়া ভাষা-সাহিত্য সৃষ্টিৰ এক পটভূমি তৈয়াৰ কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল। কুৰি শতিকাৰ বৌদ্ধিক পৰিৱেশটো ঊনবিংশ শতিকাৰ অৰুণোদই অথবা জোনাকীৰ মাজেৰেই প্ৰতিভাত হোৱা দেখা যায়। ১৯০০ চনত হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ অভিধান প্রকাশ হয়। ১৯০১ চনত উচ্চ শিক্ষা প্ৰদানৰ মাধ্যমস্বৰূপে গুৱাহাটীত কটন কলেজ স্থাপন হয়। অৰুনোদই প্ৰকাশৰ পৰা অসমীয়া সাহিত্যই আলোচনীৰ ওপৰত নিৰ্ভৰ কৰি আগবঢ়াৰ বাট বুলিলে। কবি-সাহিত্যিকসকলৰ সময়সাপেক্ষ চিন্তা-ধাৰা আৰু লেখনি আলোচনীসমূহৰ মাজেৰেই প্ৰকাশিত হ'ল। 'অৰুনোদই' প্ৰকাশৰ পৰৱৰ্তী কালত অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে সাহিত্যিকসকলে অহোপুৰুষাৰ্থ কৰিছিল।
'জোনাকী'য়ে অসমীয়া সাহিত্যলৈ কঢ়িয়াই অনা ৰোমাণ্টিক ধাৰাৰ শেষ সময় আৰু অসমীয়া সাহিত্যত আধুনিক ধাৰাৰ আৰম্ভণিৰ সময় নির্দিষ্টকে ডাঠি ক'ব পৰা নাযায় যদিও সাহিত্যৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰিলে ১৯৩৯ চনটোক যুগ সন্ধিৰ বছৰ হিচাপে বিবেচনা কৰিব পাৰি। বোমাণ্টিকতাৰ লক্ষণ এৰি আধুনিক চিন্তা-ধাৰাত ভৰি দিয়া অসমীয়া সাহিত্যৰ সন্দৰ্ভত হোমেন বৰগোহাঞিৰ এটি মন্তব্য প্রণিধানযোগ্য- '১৯৩৯ চনটো সমগ্ৰ মানৱ সভ্যতাৰ বুৰঞ্জীতেই এটা যুগান্তকাৰী বছৰ, কাৰণ সেই বছৰতে আৰম্ভ হ'ল আধুনিক সভ্যতাৰ গতি-পথ সলনি কৰি দিয়া দ্বিতীয় বিশ্বযুদ্ধ। প্রায় একে সময়তে অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ মৃত্যু-লক্ষণ আৰু আধুনিক যুগৰ জন্ম-যন্ত্ৰণাৰ লক্ষণবোৰ প্রকট হ'বলৈ ধৰিলে। গতিকে সাতে সোতৰই মিলাই ১৯৩৯ চনটোক অসমীয়া সাহিত্যৰ আধুনিক যুগৰ আৰম্ভণিৰ বছৰ বুলি ধৰি লোৱা হৈছে।' (অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, ২০১৭, ভূমিকা, পৃঃ ২২)
সত্যেন্দ্রনাথ শৰ্মাৰ জীৱনকালৰ আদিছোৱা (১৯১৬) আছিল অসমীয়া সাহিত্যৰ বাবে যুগসন্ধিৰ কাল। কিয়নো সেই সময়তে ইখনৰ পাছতে সিখন অসমীয়া আলোচনীৰ ধাৰাবাহিক প্রকাশে অসমীয়া সাহিত্যৰ ক্ৰমবিকাশৰ বাট মুকলি কৰি দিছিল। শৰ্মাৰ জন্মৰ আগত আসাম এছ'চিয়েশ্যন (১৯০৩)ব জন্ম আৰু শৰ্মাৰ জন্মৰ পিছে পিছে অসম সাহিত্য সভা (১৯১৭)ৰ জন্ম- এইসমূহে অসমীয়া ভাষা-সাহিত্যক আগুৱাই নিয়াৰ বাবে কার্য সম্পাদনা কৰিছিল। গতিকে শৰ্মাৰ জন্মৰ সময়ছোৱাতে অসমত আধুনিক অসমীয়া ভাষা-সাহিত্যই বিকাশৰ পথত ভৰি দিছিল। শৰ্মাৰ ঘৰত পঢ়াৰ পৰিৱেশৰ পৰা আৰম্ভ কৰি সমসাময়িক অসমত শিক্ষাৰ এক অনুকূল পৰিৱেশ পোৱাৰ ফলত অসমীয়া ভাষা-সাহিত্যৰ অধ্যয়ন আৰু চৰ্চাত তেখেতে মনোনিৱেশ কৰিবলৈ সুযোগ পাইছিল। প্রবন্ধ সাহিত্য ৰচনাৰে অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰি পাছলৈ তেওঁ সমালোচনা সাহিত্যত অধিক মনোনিৱেশ কৰা দেখা যায়। প্রয়োজন সাপেক্ষে ছাত্র- ছাত্ৰীৰ বাবে পাঠ্যক্রম প্রস্তুত কৰাৰ দায়িত্ব গ্রহণ কৰি শৰ্মাই অসমীয়া ভাষা-সাহিত্যৰ ইতিহাস চৰ্চাৰ বাবে উঠি পৰি লগাৰ কথা তেখেতৰ সাহিত্যৰাজিৰ পৰা বুজিব পাবি। সত্যেন্দ্রনাথ শৰ্মাৰ সাহিত্য চর্চাৰ প্রধান বিষয় আছিল- অসমীয়া সাহিত্যৰ ইতিহাস তথা পুৰণি পাঠ উদ্ধাৰ। সেয়েহে শৰ্মাৰ কৰ্মৰাজিৰ ভিতৰত অধিক সংখ্যক ৰূপত পুৰণি পাঠৰ সম্পাদনা পোৱা যায়। শৰ্মাৰ প্ৰবন্ধসমূহৰ ভিতৰতো বেছিভাগ পুৰণি সাহিত্যৰ আলোচনাই পোৱা যায়। শৰ্মাৰ দ্বাৰা ৰচিত প্রবন্ধসমূহৰ তিনিখন সংকলন হ'ল- সাহিত্যৰ আভাস (১৯৬৩), প্রবন্ধ চয়নিকা (১৯৭৯), পুৰণি সাহিত্যৰ অধ্যয়ন (১৯৮৮)। এই সংকলনকেইটিত সন্নিৱিষ্ট প্রবন্ধসমূহৰ বিষয়বস্তুলৈ লক্ষ্য কৰিলে দেখা যায় প্ৰায়বোৰ পুৰণি সাহিত্য বিষয়ক আলোচনা শৰ্মাৰ ৰচনাই সামৰি লৈছে।
কুৰি শতিকাৰ আৰম্ভণিৰ সময়ছোৱা আছিল অসমীয়া ভাষাই নিজে থিতাপি লোৱাৰ' সময়। তাৰ প্রস্তুতিপর্বৰূপে ঊনবিংশ শতিকাটো অসমৰ বাবে আছিল অতি জটিল সময়। অসমৰ ৰাজনীতি, সমাজনীতি আদি সকলোতে ষড়যন্ত্রই ঠাই পাইছিল। ঊনবিংশ শতিকাৰ অসমৰ ছেদেলি-ভেদেলি অৱস্থাৰ আঁৰত মানৰ আক্রমণ, ইংৰাজৰ অসম শাসন আদিবোৰ কাৰণ নিহিত হৈ আছে, যাৰ ফলত অসমীয়া জাতি-ভাষা সংকটত পৰিছিল। ৰাজনৈতিক অৰাজকতাই অসমৰ সামাজিক বিশৃংখলতাৰ সমান্তৰালভাৱে বৌদ্ধিক পৰিমণ্ডলতো প্রভাৱ পেলাইছিল। ভাষাৰ সংকটকালীন অৱস্থাত সাহিত্যৰ চর্চা ৰুদ্ধ হোৱাটো স্বাভাৱিক। ইংৰাজৰ শাসনত অসমীয়া মানুহ আৰু অসমীয়া ভাষা দুয়োটাই মূৰ তুলি চাব নোৱৰা হ'ল। ইংৰাজৰ নতুন চৰকাৰ, প্ৰশাসনীয় নতুন নীতি-নিয়ম, নতুন শিক্ষা ব্যৱস্থা, শিক্ষাৰ মাধ্যমস্বৰূপে নতুন ভাষা, নতুন পাঠ্যক্রম আদিৰ ফলত বিপর্যয়ৰ সন্মুখীন এই অসমীয়া লোক এনেবোৰ জটিলতা পাৰ কৰিবৰ বাবে অসমীয়াই অধিক কছৰৎ কৰিবলগীয়া হ'ল। এই কছৰৎ আছিল অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সমাজখনৰ সামগ্রিক উন্নতিৰ বাবে। এনে কছৰতৰ মাজতে ইংৰাজৰ নিজৰ স্বাৰ্থ পূৰণৰ অৰ্থে প্রকাশ কৰা অৰুনোদই আলোচনীখন ইংৰাজৰ অজানিতে অসমীয়া ভাষা-সাহিত্যৰ বাবে বৌদ্ধিক আদর্শ সৃষ্টি কৰাৰ এক মাধ্যম আছিল। অৰুনোদই আলোচনীয়ে দেখুৱাই দিয়া বাটেৰে ইখনৰ পাছত সিখন আলোচনী প্ৰকাশ হৈ অসমীয়া ভাষা-সাহিত্যৰ অহৰহ চৰ্চাৰ এক পৰিৱেশ মুকলি কৰিলে। কুৰি শতিকাৰ বৌদ্ধিক আদৰ্শৰ ভেঁটি এই সময়ছোৱাৰ মাজেৰেই স্থাপন হ'বলৈ ল'লে। এনে সময়তে ভাষাটোক সবল কৰি তোলা, সাহিত্য সৃষ্টিৰে ভাষাটোক চহকী কৰি তোলা অতি দৰকাৰ হৈ পৰিছিল। এনেবোৰ প্ৰয়োজনীয় কাম কৰিছিল সমসাময়িক লেখকসকলে। অসমীয়া ভাষা- সাহিত্যৰ সংকটকালত ভাষাটোক পুনৰুজ্জীৱিত কৰিবলৈ অৰিহণা যোগাইছিল ভাষা-সাহিত্যৰ চৰ্চাকাৰীসকলে। সত্যেন্দ্রনাথ শর্মা প্রভৃতি লেখকসকলে কচি সাপেক্ষেই হওক বা প্রয়োজন সাপেক্ষেই হওক অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰি, সাহিত্যৰ বিষয়সমূহ উদঘাটন কৰি লেখনিৰ মাজেৰে প্রকাশ কৰাৰ বাট দেখুৱাই দিলে। বিষয়সমূহৰ আলোচনাৰ পৰিধি বহল হ'ল।
ভাষাৰ ইতিহাস, সাহিত্যৰ ইতিহাস, পুৰণি পুথি উদ্ধাৰ,পুৰণি পণ্ডিত লেখকসকলৰ সাহিত্যকৃতিক স্মৰণ, সাহিত্যৰ বিধাসমূহৰ বিশ্লেষণ কৰাৰ দৰে বৌদ্ধিক চর্চাই অসমীয়া সাহিত্যত স্থান পালে। সত্যেন্দ্রনাথ শৰ্মা, মহেশ্বৰ নেওগ, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ প্রভৃতি সমসাময়িক লেখকসকলৰ ৰচনাত গৱেষণামূলক চিন্তা- বিশ্লেষণে স্থান পালে। আঁতি-গুৰি মাৰি কৰা চর্চাই অসমীয়া সাহিত্যক অধিক সবল কৰি তুলিলে আৰু এই লেখকসকলৰ সমসাময়িক আৰু পৰৱৰ্তী অন্যান্য লেখকসকলে সাহিত্যচর্চাৰ নতুন নতুন চিন্তা-ধাৰা প্ৰকাশ কৰাত মগ্ন হ'ল।
সত্যেন্দ্রনাথ শৰ্মাৰ সাহিত্যৰ ইতিহাসমূলক ৰচনা, নাট্যসাহিত্যৰ ইতিহাস ৰচনা, উপন্যাস সাহিত্যৰ ইতিহাস ৰচনা, প্রাচীন সাহিত্যৰ বিভিন্ন পুথিৰ আলোচনা, পুৰণি পাঠ উদ্ধাৰ আৰু সম্পাদনা আদিবোৰ আছিল অসমীয়া সাহিত্যৰ বাবে কিছুমান নতুন ধৰণৰ আলোচনা। সাহিত্য সমীক্ষাৰ লগতে লেখক সমীক্ষা সত্যেন্দ্রনাথ গৰ্মাৰ চৰ্চাৰ এক বিশেষ বৈশিষ্ট্য। কুৰি শ.কাৰ অসমৰ বৌদ্ধিক পটভূমিত সত্যেন্দ্রনাথ শৰ্মাৰ এনে প্রচেষ্টাই ভাষা-সাহিত্য চর্চাৰ তুন দিশ মুকলি কৰিছিল। উল্লেখ্য যে শৰ্মাৰ দ্বাৰা ৰচিত সাহিত্যৰ বুৰঞ্জীসমূহৰ আলোচনা কেরল বর্ণনাত্মক নহয়, এয়া তথ্যসমৃদ্ধ আলোচনা। শৰ্মাৰ অসমীয়া সাহিত্যৰ উদ্ভবকালৰ পৰা সাহিত্যৰ বিধাসমূহব আলোচনা সামৰি লোৱা অসমীয়া সাহিত্যৰ ইতিবৃত্ত (বর্তমান অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত); নাটকৰ ইতিহাসৰ আলোচনা আগবঢ়োৱা অসমীয়া নাট্য সাহিত্য; উপন্যাসৰ সমালোচনামূলক গ্রন্থ অসমীয়া উপন্যাসৰ ভূমিকা, অসমীয়া উপন্যাসৰ গতিধাৰা গ্রন্থ অসমীয়া সাহিত্যৰ প্ৰথম প্রণালীবদ্ধ, সুচিন্তিত আৰু বিশ্লেষণাত্মক আলোচনা বুলিব পাৰি, যিয়ে ছাত্র-ছাত্রীসকলৰ ভাষা-সাহিত্যৰ ইতিহাস পঢ়িবৰ বাবে পাঠৰ অভাৱ দূৰ কৰিছিল। এই ইতিহাস ৰচনাই কেৱল ছাত্র- ছাত্রীকেই নহয়, অসমীয়া সাহিত্যৰ ইতিহাস পঢ়িব বিচৰা সমস্ত অভিলাষী লোককে সহায় কৰিছে। সাহিত্যৰ ভাগসমূহৰ বিষয়ে ক'বলৈ গ'লে সততে মনলৈ অহা উপন্যাস, নাটক, গল্প, কবিতাৰ ভিতৰত উপন্যাস আৰু নাটকৰ সমালোচনাক সামৰি লৈ শর্মাই সুকীয়াকৈ গ্রন্থ প্রকাশ কৰিছে যদিও গল্প আৰু কবিতাৰ সুকীয়া সমালোচনামূলক, গ্রন্থ শর্মাই প্রকাশ নকৰিলে। কুৰি শতিকাৰ বিদ্যায়তনিক দিশটো' সবল কৰি তোলাৰ ক্ষেত্ৰত সত্যেন্দ্রনাথ শৰ্মাৰ নাম নলৈ নোৱাৰি। বিশেষকৈ সাহিত্যৰ সমালোচনাৰ পৰিশীলিত রূপ এটি আগবঢ়াই দিয়াৰ ক্ষেত্ৰত সত্যেন্দ্রনাথ শৰ্মাৰ কর্মবাজী অবিস্মৰণীয়।
কুৰি শতিকাৰ অসমীয়া সাহিত্য বিভিন্নজন লেখকৰ অৱদানেৰে সমৃদ্ধ আছিল। প্রবন্ধ, গল্প, নাটক, উপন্যাস, সমালোচনা সাহিত্য, অনুবাদ, জীৱনী আদি বচনাৰে সমৃদ্ধ কুৰি শতিকাটো অসমীয়া সাহিত্য জগতৰ বাবে এক স্মৰণীয় যুগ নুবুলি নোৱাৰি। কিয়নো উনবিংশ শতিকাৰ শেষ সময়ছোৱাৰ পৰা অসমীয়া ভাষা-সাহিত্যৰ উত্থান ঘটি কুৰি শতিকাত গতিশীলতা লাভ কৰে আৰু এই সময়ছোৱাতে ভাষা-সাহিত্যৰ প্রতি আকৃষ্ট হৈ বিভিন্নজন লেখক-সাহিত্যিকৰ উদ্ভৱ হয়। কুৰি শতিকাৰ অসমীয়া সাহিত্য সমৃদ্ধ কৰা পুৰোধা ব্যক্তি তথা সাহিত্যিক সংখ্যাত বহুত। সত্যেন্দ্ৰনাথ শৰ্মাৰ সমসাময়িক ব্যক্তি (১৯০৬ চনৰ পৰা ১৯২৬ চনলৈ জন্ম), যিসকলে সমালোচনা সাহিত্যৰে অসমীয়া সাহিত্যত বৰঙণি যোগাইছে, তেনে কিছুমান নাম হ'ল-যজ্ঞেশৰ শর্মা, ত্রৈলোক্যনাথ গোস্বামী, বিৰিঞ্চিকুমাৰ বৰুৱা, মহেশ্বৰ নেওগ, হেম বৰুৱা, প্রফুল্লদত্ত গোস্বামী, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্য আদি। সত্যেন্দ্রনাথ শৰ্মাৰ ৰচনাসমূহলৈ মন কৰিলে দেখা যায় যে তেখেতৰ সৃষ্টি ইতিহাসকেন্দ্রিক। সেয়েহে তেখেত অসমীয়া সাহিত্যৰ ইতিহাস প্রণেতা বুলিয়ে খ্যাত। শৰ্মাৰ পূর্ববর্তী আন লেখক সাহিত্যিকৰ ইতিহাসমূলক ৰচনাৰ নাম ইতিমধ্যে এই লেখাত উল্লেখ কৰা হৈছে আৰু শৰ্মাৰ সমসাময়িক সাহিত্যৰ ইতিহাস ৰচনা কৰা ব্যক্তিসকলৰ ভিতৰত বিৰিঞ্চিকুমাৰ বৰুৱা, মহেশ্বৰ নেওগ, ত্রৈলোক্যনাথ গোস্বামী, হেম বৰুৱা, প্রফুল্লদত্ত গোস্বামীৰ নাম উল্লেখনীয় ।
পুৰণি পুথি উদ্ধাৰ তথা সম্পাদনাত শৰ্মাৰ অধিক ৰুচি আছিল বুলি ক'ব পাৰি। শৰ্মাই পুৰাতত্ত্ব অধ্যয়নক বাদ দি আন সকলো বিষয়ত হাত দিয়া বুলি ক'ব পাৰি। অসম আৰু অসমীয়াৰ মনে-প্রাণে উন্নতি কামনা কৰা শৰ্মাই অসমীয়া ভাষা- সাহিত্যৰ অগ্রগতিৰ বাবে নিজেও সাহিত্য ৰচনাত মনোনিৱেশ কৰিছিল আৰু উঠি অহা চামৰ বাবেও আদর্শ দাঙি ধৰি ভাষা-সাহিত্যৰ উন্নতিৰ হকে কাম কৰিবলৈ উৎসাহ-উদ্দীপনা যোগাইছিল। ছাত্র-ছাত্রী তথা শৰ্মাৰ সমসাময়িক চিন্তাবিদসকলক অসমীয়া ভাষা-সাহিত্যৰ দুৰ্বল দিশসমূহ আঙুলিয়াই দি সেইসমূহক উদ্ধাৰ কৰাৰ পথ শৰ্মাই দেখুৱাই দিছিল, প্রয়োজন অনুযায়ী শৰ্মাৰ নিজৰ তথ্যৰে আগ্রহীজনক সহায় কৰিছিল বুলি জানিব পৰা যায়। মুঠৰ ওপৰত সত্যেন্দনাথ শর্মাই অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে নিজে কাম কৰাৰ লগতে আনকো এই কামত নিয়োজিত কৰিবলৈ চেষ্টা কৰিছিল। শৰ্মাৰ জীৱনৰ শেষ সময়ছোৱাত তেখেতে কৰিবলৈ হেঁপাহ কৰা বা কৰিব নোৱৰা কামৰ বাবে হুমুনিয়াহ কাঢ়িছিল আৰু তেখেতে বহু কাম বাকী ৰ'ল বুলি দুখ প্রকাশ কৰিছিল। ১৯৯৯ চনৰ ১১ আগষ্টত মৃত্যুবৰণ কৰা শৰ্মাই হয়তো অসমীয়া ভাষা-সাহিত্যক আৰু বহুতো অৰিহণা যোগোৱাৰ আশা মনত লৈয়ে মৃত্যুবৰণ কৰিলে। কিন্তু শর্মাই আগবঢ়াই থৈ যোৱা সাহিত্যই উত্তৰ প্ৰজন্মক উপকৃত কৰিলে।
শৰ্মাৰ পূৰ্বেও সাহিত্যৰ বুৰঞ্জী প্ৰকাশ পাইছিল। শর্মাই অসমীয়া ভাষা-সাহিত্যৰ নতুন ধৰণে শৃংখলিত ৰূপত যুগ বিভাজন কৰি দেখুৱাই ক্রমান্বয়ে সেইসমূহৰ আলোচনা আগবঢ়াইছে। শৰ্মাৰ সমালোচনা সাহিত্যৰ বিশেষত্বই হৈছে বিধা বিভাজন কৰি আগবঢ়োৱা আলোচনা।
শৰ্মাৰ ৰচনাসমূহৰ ভাষা সহজ-সৰল। ছাত্ৰ-ছাত্ৰীৰ বাবে সহজে বোধগম্য হোৱা শৰ্মাৰ সাহিত্যৰ ভাষা জটিলতাবিহীন। সাহিত্য-সমালোচনাৰ ক্ষেত্ৰত তেওঁৰ পক্ষপাতশূন্য আৰু নির্লিপ্ত ভূমিকাই অন্য এক আদর্শ দেখুৱায়। সমালোচক এজনে আলোচনা আগবঢ়াওঁতে ভাল-বেয়া চালি-জাৰি চাই নিৰপেক্ষ মন্তব্য আগবঢ়োৱাটো উচিত। তদুপৰি সত্যেন্দ্রনাথ শর্মাই আলোচনাসমূহ আগবঢ়াওঁতে নিজৰ মন্তব্যসমূহ দাঙি ধৰাৰ উপৰি সেইসমূহৰ মূল্যায়ন কৰি যায়।
শৰ্মাই ৰচনা কৰা গ্ৰন্থসমূহৰ পৰিশিষ্টত নির্ঘণ্ট আগবঢ়োৱাটো শৰ্মাৰ সাহিত্যৰ এক বিশেষ বৈশিষ্ট্য। অসমীয়া সাহিত্যত ইয়াৰ ব্যৱহাৰ ইয়াৰ আগতে ক'তো পৰিলক্ষিত নহয়। কুৰি শতিকাৰ বিভিন্নজন সাহিত্যিকৰ মাজত শর্মাক বিশেষ কৰি তোলা শৰ্মাৰ অসমীয়া সাহিত্য জগতলৈ অৱদান আৰু শৰ্মাৰ সাহিত্যৰ বৈশিষ্ট্যসমূহৰ উপৰি শৰ্মাৰ ব্যক্তিত্বইও তেখেতক বহুজনৰ মাজত বিশেষ কৰি ৰাখিছে। অসম আৰু অসমীয়াৰ চিন্তাতেই ওৰেটো জীৱন মগ্ন হৈ থকা শৰ্মা সৰল ব্যক্তিত্বৰ অধিকাৰী আছিল। কুৰি শতিকাৰ অসমীয়া সাহিত্যজগতলৈ আগবঢ়োৱা অৰিহণাই তেওঁক অসমীয়া সাহিত্যজগতৰ বিভিন্নজন লেখক- সাহিত্যিকৰ মাজত বিশেষ কৰি তুলিছে।
সত্যেন্দ্ৰনাথ শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিলৈ লক্ষ্য কৰিলে দেখা যায় যে আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ লগ্নটি ঊনবিংশ শতিকাত উকলি যোৱাৰ পাছৰ বিকাশমুখী ভাষা-সাহিত্যক ঠন ধৰি উঠাত সত্যেন্দ্ৰনাথ শৰ্মাৰ দৰে সাৰস্বত সাধকে বৰঙণি যোগাইছিল। নিজৰ সৃষ্টিশীল প্রতিভাক বিকাশ কৰাত মনোযোগ নিদি অসমীয়া সাহিত্যৰ প্রাচীনত্ব আৰু ঐতিহ্য প্রতিষ্ঠা কৰাতহে তেওঁ ব্রতী হৈছিল। এইক্ষেত্রত সত্যেন্দ্রনাথ শৰ্মাৰ অৱদান আৰু ভূমিকা নিশ্চয়কৈ প্রণিধানযোগ্য বুলি সিদ্ধান্ত দিব পাৰি।
ড° কৃত্তিকা ডেকা
সাতসৰী ।। ছেপ্টেম্বৰ,২০২৩

0 Comments