ৰুক্মিণীৰ প্রেমপত্র - শংকৰদেৱ সৃষ্ট অসমীয়া ভাষাৰ আদিগদ্য

  


 অতিমানৱীয় প্রতিভাৰ গৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমকক্ষ দ্বিতীয় এগৰাকী ধর্মগুক সমগ্র বিশ্বতে বিৰল। কাৰণ কেৱল ধর্মগুৰু হিচাপেই নহয় নাট্যকাৰ, সাহিত্যিক, গীতিকাৰ, চিত্ৰকাৰ, সমাজ সংগঠক আদি সৰ্বকলাতে অসাধাৰণ পাৰদৰ্শিতা প্রদর্শন কৰোঁতা হিচাপে শংকৰদেৱ বিশ্বশ্রেষ্ঠ হিচাপে চিৰকাল বন্দিত হৈ থাকিব। আনহে নালাগে গদ্য সৃষ্টিৰ ক্ষেত্ৰতো শংকৰদেৱে সৰ্বভাৰতীয় পর্যায়ত অনন্য অভিলেখ গঢ়িবলৈ সমর্থ হৈছিল। অন্যান্য ভাৰতীয় আর্যভাষাসমূহত কাব্যৰীতিয়ে পৈণত অৱস্থা পোৱাৰ পূর্বেই অসমত শংকৰদেৱৰ হাতত গদ্যৰীতিয়ে ধলফাট দিয়ে। উদাহৰণস্বৰূপে শংকৰদেৱে ৰচনা কৰা 'ৰুক্মিণী হৰণ নাট'ৰ ৰুক্মিণীয়ে শ্রীকৃষ্ণলৈ লিখা প্রেমপত্ৰখনৰ কথাই ক'ব পাৰি।

    পত্ৰখনৰ একেবাৰে পহিলা বাক্যটো আৰু শেষৰ বাক্যটো সংস্কৃত ভাষাত ৰচিত হৈছে। মাজৰ অংশটো অসমীয়া অসমীয়া যেন লগা ভাষাবিশেষত ৰচিত। ড° বিৰিঞ্চি কুমাৰ বৰুৱাই এই অংশক অসমীয়া ভাষাবে উপভাষা বুলিছে। সি যি কি নহওক; শংকৰদেৱৰ নাটকবোৰৰ সংলাপসমূহ পূর্ণ ছন্দোবদ্ধ ৰূপত পোৱা নাযায়। বাক্যৰ শাৰীত ধৰিব পৰাকৈ এই সংলাপবোৰত শব্দ চয়নো হোৱা নাই। ই বিশুদ্ধ কাব্যৰ শ্ৰেণীত যিদৰে নপৰে সেইদৰে বিশুদ্ধ গদ্যৰ শ্ৰেণীতো ধৰা টান। কাৰণ কথোপকথনৰ ভংগিমাখিনি বাস্তৱতাৰ লগত নিমিলে। ইয়াত যেন ছন্দময়তাৰ 'ছাপ অলপ-অচৰপ বর্তমান। গতিকে পণ্ডিতসকলে বৃত্তগন্ধী গদ্য, সুৰীয়া 'গদ্য, স্পন্দিত গদ্য আদি নানা নামেৰে নামকৰণ কৰিছে। ছন্দোবদ্ধ ৰূপৰ পৰা মুক্ত কিন্তু লয়লাস ভংগিমাযুক্ত এই গদ্যৰ উদাহৰণ হিচাপে ৰুক্মিণীৰ প্রেমপত্ৰখনকে ধৰিব পাৰি। পত্ৰখনৰ এঠাইত ৰুক্মিণীয়ে • লিখিছে-"জব বোল তুহু অন্তেসপুৰে ৰহ, কুন পৰকাৰে ভেট পাঞ, তথি উপায় কহু হে নাম, তা সুনহ, বিবাহক পূর্ব দিৱসে ভবানীক মঠ চলব, সে সময়ে হামাক হৰি নিয়ে জাব।"-ই আজিৰ দিনৰ দৰে পৰিস্ফুট গদ্য নহ'লেও কবিতাও নহয়। গতিকে ড° মহেশ্বৰ নেওগে 'অসমীয়া সাহিত্যৰ ৰূপৰেখা' গ্রন্থত সঠিক কথাই কৈছে যে "অসমীয়া গদ্যৰ বুৰঞ্জী শংকৰদেৱৰ লগতে আৰম্ভ হয়।"

    'ৰুক্মিণী হৰণ' নাটকত বেদনিধিয়ে শ্রীকৃষ্ণৰ আগত ৰুক্মিণীৰ পত্ৰখন পাঠ কৰাৰ পাছত 'কথা' হিচাপে সংযোজিত দুটা শাৰী এনেকুৱা-“তদন্তৰ ঝকমিনীক সকরুণ পত্র দেখিয়ে শ্রীকৃষ্ণক হৃদয়ে তাপ উপজল। কমল নয়নক নীৰঝুৰয়ে লাগল।"- নিঃসন্দেহে এই বাক্য দুটাক গদ্যৰ শাৰীত ধৰিব পাৰি। কিন্তু 'কমল-নয়নক নীৰ ঝুৰয়ে' অংশটো স্বাভাৱিক কথোপকথনৰ বস্তু নহয়। এই অংশটো কৃত্রিমভাবে ব্যৱহাৰ হৈছে। অর্থাৎ শংকৰদেৱৰ গদ্যক বিশুদ্ধ অসমীয়া ভাষাৰ গদ্য বোলাত অসুবিধাৰ সৃষ্টি হৈছে। কিন্তু অসমীয়া গদ্যৰ বুৰঞ্জী শংকৰদেৱৰ লগতে আৰম্ভ হোৱাত সন্দেহ নাই। কথা-বতৰা পাতোঁতে মানুহে যিধৰণে বাক্য গঠন কৰে, সেই গঠনৰ আলমত সৃষ্ট গদ্যই প্রকৃত 'গদ্য। কর্তা, কর্ম আৰু ক্রিয়াই একাদিক্রমে অবস্থান কৰাই হ'ল অসমীয়া গদ্যৰ সৰল গাঁথনিক ৰূপ। কর্তা, কর্ম আৰু ক্ৰিয়াৰ মাজে মাজে বিশেষণ পদবোৰে নিজৰ স্থিতি সাব্যস্ত কৰে। কর্তাসাপেক্ষে ক্রিয়াপদে ৰূপধাৰণ কৰে, বিভক্তিৰো প্রয়োগ ঘটে। এনেবোৰ নিয়মৰ ভিত্তিতে অসমীয়া গদ্য গঠন হয়। যি নিয়ম শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটৰ প্রেমপত্ৰত পৰিলক্ষিত হৈছে।

    পত্রখন এনেকুৱা-"হে স্বামী ভিক্ষুক মুখে তুৱা ৰূপ গুণ সুনিয়ে কায়-বাক্য-মনে তোহাক পতিভাবে বৰইছি। তুহি পাপী শিশুপাল হামাক বিবাহ কৰিতে আৱলথিক জৈছে সিংহক ভাগ নিতে শৃগাল চুপিয়ে ৰহিয়থিক। তাহে দেখিয়ে ভয়ে দণ্ডে জাই। জানি হামু নিজ দাসীক সত্বৰে নেৱসিয়া স্বামী।। জব বোল তুহু অন্তেসপুৰে ৰহ, কুন পৰকাৰে ভেট পাঞ, তথি উপায় কহু হে নাথ, তা সুনহ। বিবাহক পূৰ্ব দিবসে ভৱানীক মঠ চলব, সে সময়ে হামাক হৰি নিয়ে জাব।। জব তুহু হেলা কৰিয়ে হামাক নাহি নেৱব তব - তোহাত-বধ দিয়ে হামু প্রাণ ছাড়ব। পাপী শিশুপালক ছায়াক হামু কবহো পাবে নাহি পৰসু। এহি জানি নিজ দাসীক হে নাথ উদ্ধৰ, উদ্ধৰ।"

    'হে স্বামী' বুলি সম্বোধন কৰাত যিদৰে গদ্যধর্ম ৰক্ষিত হৈছে সেইদৰে বাকী অংশতো গদ্যৰ বিশেষত্ব নিহিত আছে। 'ভিক্ষুকৰ মুখে'ৰ ঠাইত 'ভিক্ষুক মুখে' ব্যৱহাৰ হৈছে। বিভক্তি উহ্য ৰাখি অসমীয়াত গদ্যৰ ব্যৱহাৰ হোৱাটো অনিয়ম নহয়। দৈনন্দিনৰ ব্যৱহৃত বিভক্তিবোৰৰো সু-প্রয়োগ ঘটিছে, যেনে- মুখে (-এ), সুনিয়ে (-এ), মনে (-এ), তোহাক (ক), ভাবে (-এ) ইত্যাদি। অর্থাৎ প্রথম বাক্যটোতে বিভক্তিৰ প্ৰয়োগ হোৱা কথাটো মন কৰিবলগীয়া।

'জব বোল তুহু' বুলি ৰুক্মিণীয়ে নিজে প্রশ্নৰ অৱতাৰণা কৰি নিজেই উত্তৰ দিয়াৰ শৈলীটো ব্যৱহাৰ হৈছে। লেখন ৰীতিত শ্ৰীধৰ স্বামীয়ে ব্যৱহাৰ কৰা শৈলীটোৰ প্রভাৱতে সম্ভৱতঃ শংকৰদেৱেও ইয়াৰ ব্যৱহাৰ কৰিছে। "তুহু অন্তেসপুৰে ৰহ” ইয়াত 'তুহু' কৰ্তাৰ লগত 'বহ' ক্ৰিয়াৰূপ সার্থকভাবে ব্যৱহাৰ হৈছে।

    শংকৰদেৱ আছিল অলংকাৰ শাস্ত্ৰৰো বিশাৰদ পণ্ডিত। অন্য কথা বাদ দি কেৱল এই চিঠিখনত চকু দিলেই উপমা অলংকাৰৰ বিশেষ প্রয়োগ দৃষ্টিগোচৰ হয়। শিশুপালক শিয়ালৰ লগত আৰু শ্ৰীকৃষ্ণক সিংহৰ লগত বিজোৱা হৈছে। কোনো কোনোখিনিত লেখকে পদৰ অন্ত্যমিল ৰখাৰ যত্নও কৰিছে। 'মুখে সুনিয়ে', 'মনে ভাবে' আদিৰ অন্ত্যমিলক আলংকাৰিক প্রয়োগ বুলিব পৰা যায়। ড° বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছে-“ভাষাৰ কথা বাদ দিলেও প্রাচীন পত্র লিখাৰ পদ্ধতিৰ পৰিচয়স্বৰূপে এই পত্ৰৰ বিশেষ মূল্য আছে।"


ড° চম্পক কুমাৰ শৰ্মা

ঠিকনা : বগুৰিহাটী, নলবাৰী-৭৮১৩১০,
ফোন: ৯৩৬৫৬৫৪৮৮২

প্ৰান্তিক ।। ছেপ্টেম্বৰ ২০২২

Post a Comment

0 Comments