অর্থনৈতিক স্বাৱলম্বিতাৰ দিশত গুৰুজনাৰ কৰ্ম আঁচনি

    


    পঞ্চদশ শতিকাত অসমত আবিৰ্ভাব হোৱা সৰ্বকালৰ সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত৷ শংকৰদেৱ অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন৷ গীত, নৃত্য, নাম-প্ৰসংগ, অভিনয়ৰ মাধ্যমেৰে ঈশ্বৰ উপাসনাৰ পথ প্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম, সাহিত্য, সংস্কৃতি, সমাজ গঠন, ঐক্য- সংহতি, সম্প্ৰীতিৰ নিদৰ্শন অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল৷ 'এক দেৱ এক সেৱ, এক বিনে নাই কেৱ' এই মহামন্ত্ৰৰে প্ৰচাৰ কৰিলে একশৰণ নামধৰ্ম৷ সমসাময়িক ৰাজনৈতিক অস্থিৰতাৰ মাজতো গুৰুজনাই অসমত নববৈষ্ণৰ আন্দোলনৰ গুৰি ব'ঠা ধৰি গণতান্ত্ৰিক অনুষ্ঠানৰ প্ৰৱৰ্তন কৰিছিল৷ অস্পৃশ্যতা বৰ্জন, চিত্ৰকলাৰ বিকাশ, উচ্চ মানবিশিষ্ট গীত-বাদ্যৰ প্ৰচলন, জনসাধাৰণৰ মনোগ্ৰাহী নাটকৰ প্ৰৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ এইদৰে গুৰুজনাই অসমীয়া সমাজক কু-সংস্কাৰমুক্ত কৰাৰ ওপৰত মনোনিৱেশ কৰিছিল৷ সাংস্কৃতিক প্ৰগতি আৰ্থিক প্ৰগতিৰ ওপৰত নিৰ্ভৰশীল৷ সেয়ে গুৰুজনাই ধৰ্মসংস্কাৰৰ লগে লগে আৰ্থিক স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব দিছিল৷ অসমীয়া জাতিক কুটীৰ শিল্পৰ বিকাশৰ দ্বাৰা আৰ্থিকভাবে নিৰ্ভৰশীল কৰি তুলিবৰ বাবে তেখেতৰ কৰ্মৰ দ্বাৰা পথ দেখুৱাইছিল৷

    গুৰুজনাই অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ বট বৃক্ষৰূপে প্ৰতিষ্ঠা কৰিলে 'সত্ৰ'৷ 'সত্ৰ'ব নামকৰণ শংকৰ গুৰুৱে কৰা উল্লেখ পোৱা নাযায়৷ গুৰুজনাই উপাসনা গৃহৰূপে 'থান' বা কীৰ্তনঘৰ স্থাপনৰ কথা উল্লেখ পোৱা যায়৷ অসমৰ ধৰ্ম-সংস্কৃতিৰ ইতিহাসত শংকৰদেৱৰ বৰদোৱা বা বটুদবা থানখনক অসমৰ আদি আৰু পূৰ্ণাংগ বৈষ্ণব থান বুলি জনা যায়৷ 'মধ্য অসমৰ বৰদোৱাত প্ৰথম বৈষ্ণৱ থান স্থাপন কৰি শংকৰদেৱে উজনি-নামনিলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ যোৱাৰ ফলত তেওঁৰ পৰা ধৰ্ম গ্ৰহণ কৰা ধৰ্মাচাৰ্যসকলে লুইতৰ ইপাৰ-সিপাৰত গাঁৱে-ভুঞে অনেক সত্ৰ পাতে, যাৰ ফলত সত্ৰ আৰু বৈষ্ণব ধৰ্ম সমাদৃত হৈ পৰে৷' সত্ৰৰ অন্যান্য প্ৰধান অংগ যেনে হাটী, কৰপাট,

    বিষয়ববীয়া আদি পৰৱৰ্তীকালৰ সংযোজন৷ মহাপুৰুষ শংকৰদেৱ এগৰাকী নিপুণ স্থপতিবিদ আছিল৷ কীৰ্তনঘৰ, নামঘৰৰ নিৰ্মাণশৈলী ভাৰতবৰ্ষৰ অন্যান্য সমসাময়িক উপাসনা গৃহতকৈ সম্পূৰ্ণৰূপে পৃথক৷ থলুৱাভাৱে উৎপাদিত বনজ সম্পদ যেনে বাঁহ-বেত, কাঠ, খেৰৰ দ্বাৰা ইয়াক নিৰ্মাণ কৰা হয়৷ কীৰ্তনঘৰ বা নামঘৰৰ নিৰ্মাণ মধ্যযুগীয়া অসমৰ অৰ্থনীতিৰ সফল প্ৰয়োগ বুলি অভিহিত কৰিব - পাৰি৷ নামঘৰসমূহত ধৰ্ম চৰ্চা কৰাৰ উপৰিও - আজৰি সময়ত ভক্তসকলে বিভিন্ন কুটীৰ শিল্পৰ সামগ্ৰী যেনে পাচি, খৰাহি, মুখা, সাঁচিপাতৰ পুথি প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ দিয়া হৈছিল৷ সেইবাবেই নামঘৰে ৰজাঘৰৰ পৃষ্ঠপোষকতাৰ অবিহনেও ব্যাপক সমাদৰ লাভ কৰিছিল৷ মধ্যযুগৰ অসমৰ অৰ্থনীতি টনকিয়াল কৰিবৰ - বাবে মহাপুৰুষগৰাকীয়ে নামঘৰ আৰু সত্ৰসমূহৰ স্ব-নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ ইয়াৰ শিষ্যসকলে (আৱাসী) কেতিয়াও বাহিৰৰ সমাজৰ পৰা আৰ্থিক অনুদান বিচৰা পৰিলক্ষিত নহয়৷ কেৱলীয়া ভকতসকলে আজৰি সময়ত নানা শিল্প-কৰ্মত নিয়োজিত হৈ নিজৰ বাবে অৰ্থোপাৰ্জন কৰাৰ লগতে সত্ৰসমূহ, নামঘৰৰ মণিকূট, সিংহাসনৰ হাটীৰ সৌন্দৰ্যবৰ্দ্ধনৰ কাম কৰিছিল৷ কাঠৰ আচবাব, হাতীদাঁতৰ কৰ্ম, লিখন সামগ্ৰী, বন্তিধাৰক গছা, ভাওনাৰ পোছাক, অস্ত্ৰ-শস্ত্ৰ, কাঠৰ দেৱ-দেৱীৰ মূৰ্তি, সিংহদ্বাৰ, বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী এই সত্ৰসমূহত নিৰ্মিত হৈছিল৷ আজিও এই পৰম্পৰা বৰ্তি থকা দেখা যায়৷ ইয়াৰ দ্বাৰা ভকতসকল স্ব-নিৰ্ভৰশীল হ'ব পাৰিছিল৷ আউনীআটি সত্ৰত বেতৰ বিচনী, বৰপেটা সত্ৰত হাতীদাঁতৰ কাম সংৰক্ষিত হৈ আছে৷     শ্ৰীমন্ত শংকৰদেৱক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কোৱা হয়৷ শাস্ত্ৰীয় লৌকিক নাট্যকলাৰ অপূৰ্ব সংমিশ্ৰণেৰে অংকীয়া নাটক ৰচনা কৰি অসমীয়া সমাজ আৰু সংস্কৃতিলৈ অনবদ্য অৱদান দি থৈ গৈছে৷ গুৰুজনাৰ আগেয়ে মুখাৰ ব্যৱহাৰৰ কোনো নিশ্চিত তথ্য পোৱা নাযায়৷ সিংহ, ভালুক, বৰাহ, পুতনা, বকাসুৰ, ব্ৰহ্মা, ৰাৱণ, অসুৰ আদিৰ নানা মুখা তৈয়াৰ কৰা হয়৷ মুখা চাৰিপ্ৰকাৰে প্ৰস্তুত কৰা হয়-ক) বাঁহৰ কাঠীৰে খ) কাঠৰ গ) কাপোৰৰ ঘ) সাঁচৰ৷ এই চাৰিপ্ৰকাৰৰ মুখাৰ ভিতৰত বাঁহৰ কাঠীৰ মুখায়েই ভাওনাত সৰ্বাধিক ব্যৱহাৰ কৰা হয়৷ কিয়নো বাঁহৰ কাঠীৰ মুখা তৈয়াৰ কৰিবলৈ সহজ, লঘু, কৌশলাংকৃত আৰু আহিলাৰ সহজলভ্যতা ইত্যাদি৷ ৰক্ত হিচাপে হেঙুল- হাইতাল, নীল, বালিচন্দা আৰু দাড়ি, চুলি লগাবৰ বাবে সাধাৰণতে মৰাপাট ব্যৱহাৰ কৰা হয়৷ আজিকালি ইয়াৰ পৰিৱৰ্তে আধুনিক প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ পৰিলক্ষিত হোৱা দেখা যায়৷ শংকৰোত্তৰ কালছোৱাত মুখা শিল্প এক লাভজনক বৃত্তি হিচাপে পৰিগণিত হয়৷ বৰ্তমানে এই শিল্পৰ যথেষ্ট আদৰ দেখা যায় আৰু আন্তৰ্জাতিক স্তৰতো ইয়াৰ চাহিদা আৰু সমাদৰ দুয়োটাই দেখা পোৱা গৈছে৷     শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া ভাওনাত ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া বন্তি প্ৰজ্বলিত তোৰণক অগ্নিগড় বোলা হয়৷ সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে, 'অসমীয়া ভাওনাত কাঠৰ তোৰণাকৃতিৰ ওপৰত নটা অথবা ১৮টা প্ৰদীপ জ্বলাই তাৰ তলেদি ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া হয়৷ ইয়াক অগ্নিগড় বোলা হয়৷' (পৰম্পৰাগত প্ৰাচ্য নাট্যাভিনয়, পৃষ্ঠা ৫৯) এই অগ্নিগড়ত সাধাৰণতে ধেনু আকৃতিৰ ঠাঁচ তৈয়াৰ কৰি দুয়োফালে মগৰৰ আকৃতিৰ ৰূপ দি হেঙুল-হাইতালেৰে বোল দি দেখনিয়াৰ কৰা হয়৷ প্ৰৱেশ পথত ইয়াক স্থাপন কৰি ন-ভক্তিৰ প্ৰতীকন-গছি বন্তি জ্বলোৱা হয়৷ এই অগ্নিগড়ো অসমীয়া স্থানীয় শিল্পৰ অপূৰ্ব নিদৰ্শন আৰু ইয়াৰ মাধ্যমত অসমীয়া শিল্পীৰ কাৰ্যদক্ষতা ফুটি উঠে৷ ভাওনাৰ চৰিত্ৰসমূহ ফুটাই তুলিবৰ বাবে অংগ ৰচনা কৰা হয়৷ সাধাৰণতে ৰঙা, নীলা, বগা, হালধিয়া ৰঙৰ ব্যৱহাৰ কৰা হয়৷ এইবোৰ ৰং হেঙুল, হাইতাল, নীল, এঙাৰ, পিঠাগুৰি আদিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল৷ অংগসজ্জাৰ কাম খনিকৰৰ দ্বাৰা কৰোৱা হৈছিল৷ এই খনিকৰে তেখেতৰ বিদ্যা-বুদ্ধিৰ দ্বাৰা ডেকাক বুঢ়া, পুৰুষক নাৰী কৰি তোলে৷ এই বিদ্যাৰ দ্বাৰা বহু অসমীয়া লোকে স্বাৱলম্বনৰ মুখ দেখা পাইছিল৷ কিন্তু আজিকালি ভাওনাৰ জনপ্ৰিয়তা ঠাইবিশেষে কিছু পৰিমাণে ম্লান পৰা দেখা গৈছে আৰু বহু লোকে এই সাতামপুৰুষীয়া বৃত্তি এৰি অন্যফালে ধাবিত হৈছে৷ ভাওনাৰ বাবে প্ৰয়োজনীয় বস্তুসমূহৰ পৰাও এক ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিছিল৷ বিভিন্ন চৰিত্ৰ অনুসৰি বস্তুৰ প্ৰয়োজনীয়তা আহি পৰিছিল৷ সেয়ে এই ক্ষুদ্ৰ উদ্যোগেও থলুৱা অৰ্থনীতিত প্ৰভৃত অৰিহণা আগবঢ়াইছিল৷ এনে বৃত্তিৰ লগত জড়িত লোকসকলক বেশকাৰ বোলা হৈছিল৷ ভাৱৰীয়াসকলে ব্যৱহাৰ কৰা অলংকাৰসমূহ কাঠ, মাটি, ডাঠ কাগজ, বনৰীয়া বনগুটিৰ ওপৰত ৰং প্ৰলেপ আৰু বালিচন্দা দি তৈয়াৰ কৰা হৈছিল৷ বয়নশিল্প সেই সময়ৰ আন এক অৰ্থনীতিৰ আধাৰ আছিল৷ চৰিতপুথিসমূহত উল্লেখ পোৱা অনুসৰি ভবাণীপুৰ, বৰদোৱা, বৰপেটা আদি থানত তাঁতীসকলে বসবাস কৰিছিল৷ ইয়াৰ উপৰিও অন্যান্য কাৰিকৰ যেনে তেলী, কমাৰ, কুমাৰ আদিয়েও সত্ৰৰ আশে-পাশে আছিল৷ বৰপেটা সত্ৰৰ অধিকাৰ মথুৰা দাস আতা নিজেই তাঁতী আছিল৷ শংকৰদেৱৰ ৰচিত নাটসমূহৰ ভিতৰত 'চিহ্নযাত্ৰা'ই সৰ্বপ্ৰথম নাট৷ গুৰুজনাই নিজেই কাপোৰত সাত বৈকুণ্ঠৰ চিত্ৰ অংকন কৰি গীতি-সূত্ৰ-ধেমালিৰ ঘোষা ভাওনাৰ বাবে ৰচনা কৰিছিল৷ পুৰুষোত্তম ঠাকুৰৰ গীতত এনেধৰণে বৰ্ণনা দিছে
“দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্মিলা৷
সাতো বৈকুণ্ঠৰ পট আঁকিয়া দেখাইলা৷৷''
    পৰৱৰ্তীকালত অসমৰ অৰ্থনীতিত বয়নশিল্পই এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছিল৷ আৰু আজিও সেয়া বৰ্তি আছে৷ গুৰুজনাৰ আৰ্থিক স্বাৱলম্বনৰ আন এক দিশ আছিল চিত্ৰকলা৷ তেওঁ নিজেই এগৰাকী চিত্ৰকৰ আছিল আৰু পৰৱৰ্তী সময়ছোৱাত সত্ৰসমূহে চিত্ৰকলাৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ বিভিন্ন সাঁচিপতীয়া পুথিসমূহত তাৰে অপূৰ্ব নিদৰ্শন দেখা যায়৷ সত্ৰ, থান সমূহত বিভিন্ন চিত্ৰ, মূৰ্তি খোদিত কৰাই সাধাৰণ মানুহক ভক্তিধৰ্মৰ প্ৰতি আকৰ্ষিত কৰা হৈছিল৷ ইয়াৰ ফলত সমাজত এক নতুন শ্ৰেণীৰ পেছাদাৰী ব্যক্তিৰ সৃষ্টি হৈছিল যাক খনিকৰ বোলা হয়৷ সত্ৰ, নামঘৰসমূহৰ সিংহাসনৰ গঠন প্ৰণালী, সিংহদ্বাৰ ইত্যাদি খনিকৰসকলৰ অপূৰ্ব সৃষ্টি৷     সৰ্থেবাৰীৰ কাঁহশিল্পৰ মুখ্য পৃষ্ঠপোষক আছিল এই সত্ৰ আৰু নামঘৰসমূহ৷ ইয়াত ব্যৱহাৰৰ বাবে প্ৰয়োজন হোৱা বৰকাঁহ, ভোৰতাল, সৰুতাল, শৰাই, জাপি, লোটা আদিৰ যোগান ধৰিছিল৷ ই পৰোক্ষভাৱে অসমীয়া লোকক কৰ্মসংস্থাপন দিয়াৰ লগতে অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা আগবঢ়াইছিল৷ গুৰুজনাই খোল, নাগাৰা, ডবা আৰু মৃদংগৰ ব্যৱহাৰ কৰিছিল৷ ইয়াৰ বাবেও কুটীৰ শিল্পৰ উদ্যোগ গঢ় লৈ উঠিছিল৷ নামঘৰত বহিবলৈ আসন হিচাপে ব্যৱহাৰ কৰা কঠৰ প্ৰচলনো সেই সময়ৰ পৰাই হৈছিল৷     গুৰুজনাই সত্ৰীয়া অৰ্থনৈতিক ব্যৱস্থাক সমাজৰ সাংস্কৃতিক ব্যৱস্থাৰ লগত জড়িত কৰিছিল৷ সত্ৰৰ আৰ্থিক ব্যৱস্থাটো সমবায়ভিত্তিক আছিল৷ ইয়াৰ অন্তৰ্ভুক্ত লোকসকলে নিজৰ কচি ৷ অনুযায়ী সামগ্ৰী উৎপাদন কৰিছিল আৰু প্ৰয়োজনীয়তাৰ বাদে বাকীখিনি সত্ৰৰ বাবে ৭ আগবঢ়াইছিল৷ কথাগুৰু চৰিত অনুসৰি স্বয়ং - শংকৰদেৱৰ খাট পামত এসময়ত ত্ৰিশ হাল বলধ, ছ-কুৰি গাই আৰু এশঘৰ গোলাম বহতীয়া আছিল৷ তেওঁ তেতিয়া শিৰোমণি ভূঞা আছিল৷ খেতিয়কসকলৰ লগত সত্ৰসমূহৰ নিকট সম্পৰ্ক আছিল৷ এই লোকসকলে সত্ৰৰ উৎপাদিত সামগ্ৰী যেনে কৃষি আৰু কুটীৰ শিল্পৰে নিৰ্মিত সামগ্ৰী বজাৰলৈ আনিছিল৷ এই কাৰিকৰ বণিকসকলক সত্ৰসমূহে পুঁজিৰ যোগান ধৰিছিল৷ এইক্ষেত্ৰত বৰপেটা কীৰ্তনঘৰৰ হাটী পুঁজি উল্লেখযোগ্য৷ ইয়াৰ যোগেদি অসমৰ অৰ্থনীতিত বেংকৰ দায়িত্বও পালন কৰিছিল এই সত্ৰসমূহে৷ এইদৰে গুৰুজনাই প্ৰৱৰ্তন কৰা কৰ্ম আঁচনিসমূহে অসমীয়া সমাজক আৰ্থিকভাৱে সবল কৰাত যথেষ্ট অৰিহণা যোগাইছিল আৰু আজিও ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি৷ সহায়ক গ্ৰন্থঃ ১) বৰকাকতি, ড° সঞ্জীৱঃ 'সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ'৷ ২) গুহ, ড° অমলেন্দু: 'বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ'৷ ৩) মহন্ত, বাপচন্দ্ৰঃ 'যুগান্তৰত শংকৰদেৱ'৷ ৪) দাস, ড° নাৰায়ণ, ৰাজবংশী পৰমানন্দঃ 'অসমৰ সংস্কৃতি কোষ'৷ ৫) বিভিন্ন আলোচনীৰ পৰা তথ্য সংগ্ৰহ৷ > ড° পূৰবী কলিতা ঐতিহ্য বাৰ্তা ৷৷ ডিচেম্বৰ, ২০২৩

Post a Comment

0 Comments