কল্পবিজ্ঞানৰ দৃষ্টিৰে কুমাৰ কিশোৰৰ 'হিমানী হিল্লোল'

HIMANI HILLOL BY KUMAR KISHORE,কল্পবিজ্ঞানৰ দৃষ্টিৰে কুমাৰ কিশোৰৰ হিমানী হিল্লোলঃ ড° প্ৰাপ্তি ঠাকুৰ

কল্পবিজ্ঞানৰ দৃষ্টিৰে কুমাৰ কিশোৰৰ হিমানী হিল্লোলঃ
ড° প্ৰাপ্তি ঠাকুৰ


    কুমাৰ কিশোৰৰ হিমানী হিল্লোল উপন্যাসখন ৰচনাৰ সময় সত্তৰ দশকৰ প্ৰথমাৰ্ধ৷ বিংশ শতিকাৰ যি সময়ত অসম তথা ভাৰতবৰ্ষতে সাধাৰণজনৰ মাজত কৰ্কট ৰোগ সম্বন্ধীয় বিশেষ সজাগতাৰ সৃষ্টি বা আলোচনা হোৱা নাছিল; চিকিৎসাবিজ্ঞানেও গবেষণা ক্ষেত্ৰখনত বৰ বিশেষ আগবাঢ়িব পৰা নাছিল; সেই সময়তে কুমাৰ কিশোৰে ৰচনা কৰিছিল কেন্সাৰ প্ৰতিৰোধক গৱেষণাৰ কাহিনীসম্বলিত উপন্যাস হিমানী হিল্লোল৷ এই কথা ভাবিলে এতিয়া আচৰিত লাগে! সুকীয়া সুকীয়া বিষয়বস্তু উপস্থাপনেৰে অসমীয়া সাহিত্যত কুমাৰ কিশোৰে এক পৰিৱৰ্তনকামী চেতনা জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল৷ তেখেতৰ প্ৰায়বোৰ উপন্যাসৰ বিষয়বস্তু আছিল অগতানুগতিক৷ ত্ৰিশতকৈয়ো অধিক উপন্যাস লিখি একপ্ৰকাৰ অভিলেখ বচা এইজন সাহিত্যিকৰ জনপ্ৰিয়তা আছিল অপৰিসীম, চামে চামে পঢ়ুৱৈ তেওঁ সৃষ্টি কৰিব পাৰিছিল যদিও আমাৰ সাহিত্যৰ মূলসুঁতিৰ পৰা যেন তেওঁ কিছু দূৰতে বৈ গ'ল৷ ভিন্ন স্বাদব পৰ্যাপ্ত উপন্যাস ৰচনা কৰাৰ পিছতো অসমীয়া সাহিত্যব ক্ষেত্ৰখনত এইজন সাহিত্যিক উপেক্ষিত হৈ থাকিল৷ কুমাৰ কিশোৰৰ সাহিত্যৰাজিক লৈ খুব সম্ভৰ আজিলৈকে তেনে কোনো বিশেষ আলোচনা-গৱেষণা বা চৰ্চা হোৱা নাই৷

১৯৭৫ চনত প্ৰকাশিত হিমানী হিল্লোল উপন্যাসখনত 'বাটৰ জেং' নামকৰণেৰে লিখা পাতনিত কুমাৰ কিশোৰে লিখিছে- 'পঢ়াব যি আনন্দ 'হিমানী হিল্লোলে' পাঠকসকলৰ মনলৈ আনন্দৰ সেই হিল্লোল আনিব নোৱাবে- জানো৷ তথাপি 'আজিকালি নিলিখে কিয় (? )' বুলি মৰমৰ দাবীৰে কৈফিয়ৎ বিচৰাসকলৰ কাৰণেই হিমানী হিল্লোলৰ জন্ম৷ বিষয় বাছনিৰ ক্ষেত্ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ শ্ৰীমান প্ৰণৰে মোক সহায় কৰি আহিছে৷“ এইখন উপন্যাসৰ বিষয়বস্তু চিকিৎসাবিজ্ঞান-আধাৰিত৷ স্বাভাৱিকতেই ঔপন্যাসিকৰ ডাক্তৰী পঢ়ি থকা পুত্ৰৰ সহযোগে কাহিনী নিৰ্মাণত সহায় কৰিছে৷ উপন্যাসখন লেখকৰ শেষৰ সময়ৰ ৰচনা৷ কুমাৰ কিশোৰো আক্ৰান্ত হৈছিল কৰ্কট বোগত৷ তেখেতৰ মৃত্যুৰ দহ বছৰৰ পাছত হিমানী হিল্লোলৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হৈছিল ১৯৯৫ চনত আৰু তেতিয়া তাৰ পাতনিত পুত্ৰ ডাঃ প্ৰণৱ কুমাৰ শৰ্মাই বোম্বাইৰ 'টাটা মেম'ৰিয়েল কৰ্কট গবেষণা কেন্দ্ৰ'ৰ কথা উল্লেখ কৰিছিল- স্তব্ধ হৈ যোৱা জীৱনক গতি দিয়াৰ প্ৰচেষ্টাত ৰৈ থকা এই বৃহৎ গবেষণাগাৰটো যেন মহাজীকাৰ মহাসমবৰ সমবথলী৷ ঘৰটোৰ ভিতৰত বহুতো মানুহৰ বুকুৰ অশৃংখল সপ্পনি বাহিবত সাগবৰ হাহাকাৰ৷ আৰু এই সাগৰৰ পৰা বহু দূৰত নীৰবে থিয় হৈ আছে প্ৰশান্ত হিমালয়৷ যাব বুকুতে আছে কেন্সাবক গৰাভূত কৰিব পৰা সেই মৃত্যুঞ্জয়ী উদ্ভিদ৷ সেই বনৌষধিৰ সন্ধান আৰু তাব বিষয়ে হোৱা গবেষণাক কেন্দ্ৰ কৰিয়েই আৰৰ্তিত হৈছে হিমানী হিল্লোলৰ কাহিনীভাগ৷

কুমাৰ কিশোৰৰ লেখাত সদায়েই এক অনুসন্ধিৎসা, এক বহস্যধৰ্মিতাই ক্ৰিয়া কৰে৷ উপন্যাসৰ কাহিনীভাগ আৰম্ভ হৈছে ফ্লেকে পদ্ধতিবে৷ অসমৰ পৰা হিমালয়লৈ যোৱা পৰ্বতাৰোহণকাৰী দল এটাৰ সদস্য এজনৰ হাতত ঘটনাক্ৰমে উদ্ধাৰ হৈছে ড' বণ্টজেন চাহাবৰ কৰ্কট প্ৰতিবোধী মেডিচিনৰ সবিশেষ৷ দলটোক সহায় কৰা অতান্ত বিশ্বাসী আৰু বিচক্ষণ মালবাহক আংটেম্বাই বেডিঅ' বুলি ফিলিপছ টেপ-বেকডবি এটা সেই সদস্যজনক বিক্ৰী কবিবলৈ আনিছিল৷ সেইটোৰেই আছিল ড° বণ্টজেনৰ টেপ-বেকডাব, য'ত দহটা কেছেটত গৰেষণাৰ বিষয়ে তেওঁ সমস্তখিনি বাণীবদ্ধ কৰি থৈ গৈছিল, যাতে তেওঁৰ মৃত্যুৰ পাছত এই গবেষণাৰ বহুল প্ৰচাৰ আৰু প্ৰসাব হয়৷ কেছেটটো চলাওঁতেই সুন্দৰ স্পষ্ট গলগলীয়া মাতৰ শুদ্ধ ইংবাজীত ভাঁহি আহিল- “বিশ্ব মানৰব দোহাই, সমগ্ৰ মানবজাতিব শাওপাত মূৰ পাতি নল'ব৷ বছল প্ৰচাৰৰ খৰতকীয়া ব্যৱস্থা কৰক৷ নহ'লে বিশ্বমানৱৰ অভিসম্পাত আপোনাৰ মুৰত পৰিব৷ যিকোনো মুহূৰ্ততে মই পৃথিবীৰ বুকুৰ পৰা হেৰাই যাব পাৰোঁ৷ কিন্তু আমাৰ অতদিনৰ সাধনা-পবিশ্ৰম অথলে যোবাটো মই বাঞ্ছা নকৰোঁ৷ মোৰ যদি সঁচাকৈয়ে মৃত্যু হয় তেন্তে বিশ্বমানৱক উপকৃত কৰাৰ দায়িত্ব আপোনাৰ৷ নহ'লে আমাৰ মুটীয়া সাধনাৰ পৰা উপকৃত হ'ব বুলি ধাৰণা কৰা আবিষ্কাৰৰ পৰা বিশ্বমানৰ চিৰদিনলৈ বঞ্চিত হৈ ব'ব- বণ্টজেন৷“

কৰ্কট-প্ৰতিবোধী ঔষধ আবিষ্কাৰণ সেই যুটীয়া গবেষণা আছিল ড“ আৰ্ডিনজন কক আৰু ড' বণ্টজেনব৷ কেইবাবছনযোনা অক্লান্ত গবেষণা আৰু হাড়ভঙা পৰিশ্ৰমৰ অন্তত তেওঁলোক অবগত হৈছিল অসমৰ খাচি পাহাৰত থকা এবিধ বিশেষ হালধিয়া ফুলব বিষয়ে৷ যি ফুলৰ গুটিব তেলেৰে কৰ্কট ৰোগক প্ৰতিহত কৰিব পৰা যায়৷ যাক জনজাতীয় লোকসকলে 'সপশিলা' (Snakerock) বুলি জানে৷ ড' আৰ্ডিন আৰু ড' বণ্টজেনৰ সহযোগী হিচাপে আছিল খাচি যুবতী বোজলিন বা বোজী৷ বৃদ্ধ ড' আৰ্ভিন এদিন শ্বিলং নগৰী পৰিত্যাগ কৰি গুচি উভতি গ'ল নিজৰ ঠাই কানাডালৈ উচ্চ পৰ্যায়ৰ গৱেষণাৰ বাবে৷ ইয়াৰ পৰা তেওঁলৈ বোজী আৰু বণ্টজেনে নিয়মীয়াকৈ বিভিন্ন নমুনা পঠিয়াইছিল আৰু তেওঁ সেইবোৰৰ ৰিপ'ৰ্টসমূহ বণ্টজেনক জনাই থাকিছিল৷ এনেকৈয়ে অনুসন্ধান কৰি ঘূৰি ফুৰোঁতে এদিন বণ্টজেন আৰু বোজীয়ে সৰ্পশিলাব সন্ধান পালে, কিন্তু পাছৰ বাৰ পুনৰ সেই ফুল আনিবলৈ যাওঁতে দেখিলে যে সেইখিনি ঠাইত ফুলখিনি জ্বলাই দি নষ্ট কৰি তাত আফুখেতি আৰম্ভ কৰিছে তাৰ স্থানীয় মানুহখিনিয়ে কিয়নো আফুখেতিত প্ৰচুৰ লাভ কৰিব পাৰি আৰু সেই শিলাময় পাহাৰৰ বুকুত কোনো আইন-প্ৰশাসনে তাৰ ভূ নাপায়৷ গোপনীয়তাবে সেই খেতি নিশ্চিন্তমনে কৰিব পৰা যায় তাত৷ বটজেন আৰু বোজীব আকাশী সৰগ ভাগি পৰিল৷ সি যি হওক, হাতত থকা সমলখিনিৰেই তেওঁলোকে পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিলে৷ শহা, বান্দৰৰ দেহত এই ঔষধ প্ৰয়োগ কৰাৰ পাছত এইবাৰ বণ্টজেনক প্ৰয়োজন হ'ল মানব দেহব৷ বোজীয়ে বৃহত্তৰ মানবৰ কল্যাণৰ স্বাৰ্থত নিজৰ দেহ দান কৰিবলৈ আগবাঢ়ি আহিল৷ বণ্টজেনে বোজীব এই মহানতা প্ৰত্যাখ্যান কৰি অন্য মানুহৰ অনুসন্ধান আবন্ত কৰে৷ সেয়া আছিল বাংলাদেশৰ জন্মৰ সময়৷ ভগনীয়া শিবিবৰ পৰা বণ্টজেনে দালালৰ সহায়ত পাঁচগৰাকী কেলাবত ভোগা নাৰী তেওঁলোকৰ শিবিৰ তথা গবেষণাগাৰলৈ আনিবলৈ সক্ষম হ'ল৷ সৰ্বহাবা সহস্ৰ জনতাৰ ভিতৰৰ এটা সৰু গোট সুৰ্নীতি, সুনন্দা, জয়া, বাসন্তী আৰু কল্পনা৷ পূৰ্ব পাকিস্তানত তেতিয়া বক্ত গংগাৰ জোৱাৰ উঠিছিল৷ সকলো হেকৰাই সিহঁতকেইজনীও পলাই আহিছিল- প্ৰাণব মমতাত, বৰ্বৰ অত্যাচাৰৰ অসহনীয় অমানুষিক তাড়নাত৷ ভাবতবৰ্ষত দালালব অভাৰ নাই৷ ভগনীয়া শিবিৰৰ পৰা সুনীতিহঁতক বণ্টজেনে ঘৰলৈ লৈ আহিছিল দালালৰ জৰিয়তে৷ সুনীতিৰ কণ্ঠনলীব কেলাব, সুনন্দাৰ খাদ্যনলীত, জয়া আৰু বাসন্তীব জবায়ুত আৰু কল্পনাৰ স্তনত৷ অবশেষত সিহঁতৰ ওপৰতে পৰীক্ষা চলোৱা হ'ল৷ ব্যৱহাৰ কৰা দৰৱৰ তাৰতময চাবলৈ গোটেইকেইজনীকে গিনিপিগ সজোৰা হ'ল৷ বিশ্বৰ হাজাৰ হাজাৰ মানুহৰ কল্যাণৰ বাবে কেইজনমানে প্ৰাণ উৰ্দ্ধগা কৰিবই লাগিব এয়াই প্ৰকৃতিব অলিখিত নিয়ম৷ প্ৰথমতে সুনীতি আৰু সুনন্দাৰ মৃতদেহ কেইদিনমানৰ অন্তৰে অন্তৰে শ্বিলং নগৰীত পৰিত্যক্ত অৱস্থাত পোৱা গ'ল৷ পুলিচে ধৰিব নোৱাৰিলে হত্যাকাৰীক৷ তদন্ত অব্যাহত থাকিল৷ সুনীতি-সুনন্দাৰ পাছত জয়া, কল্পনা আৰু বাসন্তীক সুস্থ কৰি তোলা সত্ত্বেও নিবাপত্তাৰ খাতিৰত অত্যধিক ঔষধ প্ৰয়োগ কৰি চিৰদিনলৈ আঁতৰাই পঠিওৱা হ'ল দেশ আৰু দহব স্বাৰ্থৰ বাবে কিয়নো 'এইখন আমেৰিকা নহয়, অসম৷ ভাৰতৰ ভিতৰত পিছপৰা অঞ্চল৷ পাশ্চাত্য দেশবোৰৰ দবে গবেষকক ইয়াত কোনেও সহায় নকৰে৷ আৱিষ্কাৰৰ মৰ্যাদাৰে মোক মুক্তি নিদিয়ে৷ পৰীক্ষা কৰোঁতে মৃত্যু হোৱা সুৰ্নীতি-সুনন্দাৰ হত্যাকাৰী বুলি মৃত্যুদণ্ড বিহিব৷'ইফালে বণ্টজেন-বোজীব সংগ্ৰহত থকা দৰব একেবাৰেই কমি আহিল৷ সৰ্পশিলা ফুলৰ গুটিৰ পৰা প্ৰস্তুত কৰা বিশুদ্ধ তেলৰ পৰাই আবিষ্কৃত হ'ল কেন্সাবৰ প্ৰতিষেধক৷ কিন্তু ইমান বেছি পৰিমাণৰ সৰ্পশিলা ক'ত পোৱা যাব? তেওঁলোকে অনুমান কৰিলে হিমালয়ৰ বুকুতে নিশ্চয় লুকাই আছে সেই অমূল্য সম্পদ, মৃত সঞ্জীবনী সুধা৷ সেই সঞ্জীবনীৰ সন্ধানত বজেনে হিমালয়লৈ যোৱাব সিদ্ধান্ত ল'লে৷

জুলাই মাহব কোনো এটা দিনত তিনিমাহ সময় হাতত লৈ সৰ্পশিলাব সন্ধানত বণ্টজেন ঢাপলি মেলিলে হিমালয়লৈ৷ 'গাভক পত্নীৰ চকুলো আৰু হাজাৰ আকুতিকো আওকাণ কৰি আঁতৰি গৈছিল এজন গবেষক, সদ্যবিবাহিত স্বামী৷ লগত এমুঠি সৰ্পশিলাব বীজ, এটা টেপ-বেকৰ্ডাব, কেইটামান কেছেট, দূৰবীণ, কেমেৰা, কেঁচা শিল্প, অভিযাত্ৰীৰ প্ৰয়োজনীয় সা-সৰঞ্জাম, সাজপাৰ আৰু এটা শকত ধনৰ টোপোলা৷' বণ্টজেন নিশ্চিত আছিল যে হিমালয়ৰ 'ভেলী অব্ ফ্লাৱাৰ'ত সেই পৰম আকাংক্ষিত সম্পদ থাকিবই৷ ড্ৰাগ চেম্পোল, সৰ্পশিলাৰ বীজ অকণমান আৰু বাণীবন্ধ কৰি থোৱা কেইটামান টে'প এবি থৈ গ'লগৈ বণ্টজেন, যাতে উভতি আহিব নোৱাৰিলেও কোনোবাই সেই গৱেষণাৰ বিষয়ে জানিব পাৰে৷ আৰম্ভ হয় হিমালয়মুখী যাত্ৰা৷ এই যাত্ৰাত মটৰ পথৰ শেষ আড্ডা যোশীমঠ৷ তাৰ পাছত আবস্ত পদপথ৷ পাহাৰ- পৰ্বতৰ মাজে মাজে সংকীৰ্ণ পথ৷ ওখ-চাপব, একাবেঁকা, ওখোৰা-মোখোৰা৷ শিলৰ স্তুপ, বৰফৰ দ'ম৷ তাৰ মাজে মাজে মৃত্যুক হাতত লৈ ঢাপে চাপে ওপৰলৈ আগবাঢ়ে দুৰ্গম পাথৰ পথযাত্ৰী৷ অভিযাত্ৰী আৰু তীৰ্থযাত্ৰীৰ দল৷ দুঃসাহসী যাত্ৰীব দল৷ অনুসন্ধিৎসু উদ্ভিদবিজ্ঞানী, প্ৰাণীতত্ত্ববিদ, ভূ-বিশেষজ্ঞ, সৈনিক আৰু সৌন্দৰ্যপিয়াসীৰ জাক৷ সম্মুখত এখনৰ পিছত আন এখন বৰফৰ সাঁকো৷ ওপৰতো বৰফ, তলতো বৰফ নিগৰা জলাধাৰ৷ তাতেই পাহাৰ প্ৰাচীৰেৰে আৱৰা নন্দন-কানন- 'ভেলী অব ফ্লাৰাছ'৷ অপৰূপ সৌন্দৰ্যৰ আধাৰ এই নন্দনকানন৷ অবশ্যে সৌন্দৰ্য বিচাৰি বণ্টজেন নন্দনকাননলৈ অহা নাই৷ বিচাৰি আহিছে দুষ্প্ৰাপ্য উদ্ভিদ৷ বিশ্বৰ মুমূৰ্ষু মানৱৰ মুখত হাঁহি বোলোৱাৰ আকাংক্ষাত৷ বিচাৰি আহিছে জীৱনক ঘূৰাই অনাৰ আশীবাদ-নিৰ্মালি৷ নন্দনকাননত প্ৰস্ফুটিত হৈছে লাখ লাখ ফুল, অজস্ৰ পাপবি৷ নাই মাথোঁঁ সৰ্পশিলাব পাহি৷ হাজাৰ বিপদ-বিঘিণি নেওচি বণ্টজেনৰ সন্ধান অব্যাহত থাকিল৷ তাৰ মাজতে এদিন শ্ৰীমৎ মানবানন্দ স্বামীৰ ওহাত আশ্ৰয়৷ লৈ কথমপি মৃত্যুৰ পৰা বাচি আহিল বণ্টজেন৷ এশ সাতত্ৰিশ বছৰীয়া এইগৰাকী সন্ন্যাসীৰ সান্নিধ্যই তাক গভীৰ প্ৰশান্তি প্ৰদান কৰিলে৷ এই সন্ন্যাসীসকল যেন জ্ঞান আৰু শান্তিব অক্ষয় ভাণ্ডাৰ৷ দুষ্প্ৰাপ্য উদ্ভিদব প্ৰাপ্তিস্থান হিমালয়ত বাস কৰি তেওঁলোকে আপুৰুগীয়া তথ্যৰ সম্ভেদ পায়৷ বণ্টজেনে স্বামী শ্ৰীমৎ মানৰানন্দক সেই সৰ্পশিলাব বীজ দিয়ে৷ স্বামীজীয়ে সেইখিনি হিমালয়ৰ মাটিবেই ঢিপ বনাই সিঁচি থয়৷ আৰু কি আচৰিত৷ যি সৰ্পশিলাৰ বীজ খাচি পাহৰত দুনাই অংকুৰিত হোৱা নাছিল সেই সৰ্পশিলাৰ বীজে, হিমালয়ৰ মাটি-জলবায়ু আৰু আধ্যাত্মিকতাৰ পৰশত গজালি মেলিলে৷

এনেদৰেই এদিন পাহাৰে-শিখবে ভ্ৰমি ফুৰোঁতে বিস্ফাৰিত নয়নেৰে বণ্টজেনে প্ৰত্যক্ষ কৰিলে যে বাশি বাশি সৰ্পশিলা ফুলেবে৷ জকমকাই আছে সিংহ পাহাৰৰ মাজৰ উপত্যকা৷ আনন্দত আত্মহাবা৷ হৈ সি সংগ্ৰহ কৰিবলৈ উদ্যত হয়৷ মালবাহক আংটেম্বা আৰু বাৰ্কে বণ্টজেনৰ সহযোগী হিচাপে বস্তা, বেজী, বছী আদি প্ৰয়োজনীয় সামগ্ৰী লৈ লক্ষ্য অভিমুখে আগবাঢ়ে৷ চাবিওফালে বৰফ আৰু বৰফ, তুষাৰ স্খলন৷ হিমানী হিল্লোল৷ বাটে বাটে হিমানীপ্ৰপাতে পূবাই থোৱা অসংখ্য গাঁত আৰু গহ্বৰ৷ তেনে এটা গভীৰ গহ্বৰত আচম্বিতে বণ্টজেনৰ খোজ পিচল খালে৷ লগে লগে তুষাৰগৰ্ভত হেৰাই গ'ল এটা জীবন৷ বিশ্ব কল্যাণকামী এজন গবেষক-যুৱক৷ আংটেম্বাই আকুল হৈ চিঞৰি চিঞৰি মাতিলে৷ অৱশেষত সেই প্ৰতিধ্বনিও কঁপি কঁপি মিলি হিমালয়ৰ বুকুত মিলি গ'ল৷ সেইদৰেই দহ-পোন্ধৰ ফুট বৰফৰ তলত পোত খাই গ'ল সপশিলাব প্ৰাকৃতিক পীতপুষ্প উদ্যানখন৷ প্ৰত্যেক দহ বছৰৰ অন্তৰে অন্তৰে সিংহ পৰ্বতৰ তুষাৰচূড়া এনেদবে খহি পৰে৷ সেয়েহে বৰফ গলাৰ পাছতহে জনকল্যাণৰ বাবে বিতৰণ কৰিব পৰা যাব কেন্সাৰব মহৌষধ সৰ্পশিলাৰ বীজ৷ এয়াই হিমানী হিল্লোলৰ কল্লোলিত কাহিনী-প্ৰবাহ৷ '৭০ দশকৰ আৰম্ভণিতেই প্ৰথৰ সমাজ-চেতনাসম্বলিত চিন্তাবে কুমাব কিশোৰে লিখি উলিয়াইছিল এইখন ব্যতিক্ৰমী উপন্যাস৷ যি সময়ত কেন্সাৰৰ ভয়াবহতাৰ বিষয়ে ভাৰত তথা অসমৰ জনসাধাৰণ সচেতন নাছিল, কেন্সাৰপ্ৰতিৰোধী দবৰ উদ্ভাৱনৰ গৱেষণাও তুংগত উঠা নাছিল; সেই সময়তেই এনে এখন কল্পবিজ্ঞানভিত্তিক উপন্যাস সৃষ্টি কৰিব পৰাটো কুমাৰ কিশোৰৰ প্ৰশংসনীয় দক্ষতা৷ লক্ষণীয়ভাবে ১৯৭৩ চনৰ অক্টোবৰত গুৱাহাটীত স্থাপন কৰা হৈছিল প্ৰথমখন কেন্সাৰ হাস্পতাল 'ডাঃ বি. বৰুৱা কেন্সাৰ ইন্সটিটিউট'৷ তাৰ তিনি দশক পূৰ্বে বোম্বাইত এছিয়াব প্ৰথমখন কেন্সাৰ হাস্পতাল মুকলি হৈছিল ১৯৪১ চনত 'টাটা মেম বিয়েল চেণ্টাৰ ফৰ কেন্সাৰ'৷

হিমানী হিল্লোলৰ কাহিনী এটা বিশেষ গবেষণাক কেন্দ্ৰ কবি আগবাঢ়িছে৷ গবেষণাৰ বিষয় কেন্সাৰৰ প্ৰতিষেধক আবিষ্কাৰ৷ এনে বিষয়বস্তুৰে নিশ্চিত ৰূপত সেই সময়ত উপন্যাস লিখা হোৱা নাছিল অসমীয়া সাহিত্যত৷ এতিয়াও এনেধৰণৰ উপন্যাসৰ সংখ্যা আঙুলিমূৰত লিখিব পৰা৷ বিজ্ঞান আৰু কল্পনাৰ যেতিয়া সুসমন্বয় সাধন হয়, সেয়াই কল্পবিজ্ঞান৷ কল্পবিজ্ঞান বিষয়টোৱেই হ'ল এনেকুৰা য'ত বিজ্ঞানক আধাৰ হিচাপে গ্ৰহণ কৰি কল্পনাব বসেবে কোনো এক ঘটনাক বিধৌত কৰি পেলোৱা হয়৷ অসমীয়া কল্পবিজ্ঞান- সাহিত্যৰ বিশিষ্ট লেখক আৰু সমালোচক ড° দীনেশ চন্দ্ৰ গোস্বামীৰ মতে- “নিশ্চিত তথ্য বা তত্ত্বৰ আধাৰত ভিত্তি কৰি ৰচনা কৰাতকৈ কল্পনাৰ নাকীজৰী কিছু ঢিলাই দি, প্ৰকৃত বিজ্ঞানৰ জগতখনৰ পৰা সম্ভ্ৰান্ত বিজ্ঞানৰ জগত এখনলৈ এই শ্ৰেণীৰ সাহিত্যত গুচি যাব পাৰি৷” (দীনেশ চন্দ্ৰ গোস্বামীৰ নিৰ্বাচিত গল্প, পাতনি)৷

এই উপন্যাসখনত লেখকে বিজ্ঞান আৰু কল্পনাব অপূৰ্ব সমন্বয় স্থাপন কৰিছে৷ নিশ্চিত তথ্যৰ আধাৰত ভিত্তিনকৰি লেখকে কল্পনাৰ জৰী ঢিলাই দি কেন্সাৰৰ মহৌষধ হিচাপে গবেষণা কৰি উলিয়াইছে অসমৰ খাচি পাহাৰৰ সৰ্পশিলা নামৰ পাতল হালধিয়া গোন্ধযুক্ত ফুলবিধৰ পৰা তৈয়াৰী তেল৷ বিভিন্ন উদাহৰণেৰে এটা যথাৰ্থ পৰিৱেশ লেখকে তৈয়াৰ কৰিব পাৰিছে৷ এই কল্পনাৰ সম্ভাৱনাকো আমি নুই কৰিব নোৱাবো৷ বৰ্তমানেও বনৌষধিৰ পৰা কেন্সাৰৰ প্ৰতিৰোধী দৰৱ তৈয়াৰৰ গৱেষণা অব্যাহত আছে৷ অসমতেই বিভিন্নজনে বনৌষধিৰ দ্বাৰা কেন্সাৰ নিৰাময়ৰ দাবী কৰিছে৷ হিমানী হিল্লোলত কানাডাৰ গবেষক ড' আৰ্ভিনজন ককে উল্লেখ কৰিছে বিশ্বস্বাস্থ্য সম্মিলনত যোগ দিবলৈ যোৱা ভাৰতীয় চিকিৎসাবিদ- গবেষক ড° নানাৱতীৰ দ্বাৰা আবিষ্কৃত কৰ্কট ৰোগৰ মহৌষধৰ এক অসমাপ্ত গৱেষণাৰ বিষয়ে৷ নানাবতীয়ে জানিছিল কৰ্কট ৰোগ নিবাৰণৰ ক্ষেত্ৰত ভাৰতীয় বনৌষধিৰ প্ৰভাৱ৷ কিন্তু দুৰ্ভাগ্যবশতঃ এই ভাৰতীয় উদ্ভিদবিধৰ কথা বিশ্বক জনোৱাৰ আগতেই তেওঁ মৃত্যুবৰণ কৰে৷ সেই তেতিয়াৰ পৰাই ভাৰতীয় উদ্ভিদৰ ওপৰত গৱেষণা কৰিবলৈ আৰ্ভিন ব্যগ্ৰ হৈ আছিল৷ কাৰণ তেওঁৰ বিশ্বাস হৈছিল নানাৱতীৰ তথ্য অমূলক নহয়৷ কুইনাইন, ডিজিটেলীজ, ষ্ট্ৰেপটোমাইচিন, এমিচিন আদি বিখ্যাত ড্ৰাগবোৰ উদ্ভিদৰ পৰাই আৱিষ্কৃত৷ কৰ্কট ৰোগৰ ঔষধো উদ্ভিদৰ পৰাই আৱিষ্কাৰ হোৱাটো একো আচৰিত কথা নহ'ব৷ তাৰ পাছতেই আৰ্ভিনে তেওঁৰ গৱেষণাৰ সহযোগী হিচাপে পালে অসমৰ ৰঞ্জন বাজখোৱাক৷ যিজন চিকিৎসাবিজ্ঞানী কানাডালৈ গৈছিল নিজ মাতৃৰ প্ৰাণঘাতক এই দুৰাৰোগ্য কেন্সাৰৰ বিষয়ে গবেষণা কৰিবলৈ৷ সময়চক্ৰত সেই বঞ্জনেই হৈ পৰে আৰ্ভিনব প্ৰিয় গবেষক ছাত্ৰ বণ্টজেন৷ বঞ্জন-বশ্মিৰ নাম মনত ৰাখি অসমৰ ৰঞ্জনৰ নাম ড° আৰ্তিনৰ মুখত হ'লগৈ বৰ্জেন৷ এই বণ্টজেন নামটোৰ প্ৰকৃত ৰহস্যৰ ভেদ বৰ মনোগ্ৰাহীকৈ ভাঙি লেখকে পঢ়ুৱৈৰ কৌতূহল নিবাৰণ কৰিবলৈ সক্ষম হৈছে৷ ৰঞ্জনৰ ঘৰ অসমতে বুলি গম পাই আৰ্ভিন কক উত্ৰাবল হৈ উঠিছে, কিয়নো খাঁচি পাহাৰেই হৈছে বিশ্বৰ আটাইতকৈ চহকী উদ্ভিদ মণ্ডল৷ কানাডাৰ পৰা আহি আৰ্ভিন আৰু ৰঞ্জনে শ্বিলং নগৰীত তেওঁলোকৰ উপ-গৱেষণা কেন্দ্ৰ এটা স্থাপন কৰিলেহি৷ তাতেই তেওঁলোকৰ সহযোগী হিচাপে এদিন নিযুক্তি লাভ কৰিলে যাচি যুবতী বোজলিন খাকলুকিয়ে৷

কল্পবিজ্ঞান সাহিত্যৰ আন এটা বৈশিষ্ট্য্য হ'ল যে এই ধৰণৰ লেখাত বৈজ্ঞানিক শব্দাবলীৰ (টাৰ্মছল) পয়োভৰ ঘটে৷ স্বাভাবিকভাবেই হিমানী হিল্লোলত এনে ধবণৰ শব্দবাজিব পায়োভৰ আছে৷ কল্পবিজ্ঞানৰ তাত্ত্বিক সমালোচকসকলে উল্লেল্লখ কৰাব দবে ইয়াত এই শব্দবোৰৰ থাৰা বিজ্ঞানৰ এজটিক (Exotic) ফ্ৰেভাব এটা বিয়পি পৰিছে৷

গৰেষণাগান, তাত ব্যবহৃত যন্ত্ৰপাতিসমূহ, বিভিন্ন গবেষণা সম্বন্ধীয় শব্দবোৰ, ঔষধৰ নাম, বায়ছী, অটোপূন্থী, কেমোথেৰাপী, মেলিস্নাণ্ট' চেল, নৰ্মেল চেল, মাইট ছিছ, কেমিকেল এবষ্ট্ৰাই, ট্ৰেপটোমাইডিন, ডিস্থেটিক ট্ৰিটমেণ্ট, ছাইণ্টিফিক ব'টানিকেল জম, কেন্সাৰ চেল, নিউক্লিয়াছ, এট মিক টেষ্ট, অ্যাক্টেঞ্চ এনালাইছিছ, ডায়োফাৰ্ম আদি অজত বৈজ্ঞানিক শব্দই উপন্যাসখনক কল্পবিজ্ঞান সাহিতাৰ সৌৰভ প্ৰদান কৰিছে৷ বছৰৰ পাছত বছৰ যোৰা নিৰালস্য আশাসুধীয়া গৱেষণাৰ ৰসগ্ৰাহী বৰ্ণনাই আমনি নলগোৱাকৈ পঢ়ুৰৈক এক নতুন স্বাদ দিবলৈ সক্ষম হৈছে৷ কুমাৰ কিশোৰৰ আকৰ্ষণীয় কথাশৈলীয়ে পঢ়ুৱৈৰ আগ্ৰহ সহজেই ধৰি ৰাখিব পাবে৷ ইয়াৰ প্ৰমাণ তেওঁৰ প্ৰতিখন উপন্যাসতে পোৰা যায়৷

পৃথিবীৰ ভিতৰত অসমতেই কেন্সাব বোগীৰ সংখ্যা সৰ্বাধিক৷ ইয়াৰ কাৰণ কেবল ৰসায়নিক সাৰ প্ৰয়োগেৰে উৎপন্ন কৰা ভেজাল শস্য বা খাদ্যদ্ৰব্যই নহয়৷ ভেজাল কেৰল লাভখোৰ বেপাৰীয়েই কৰা নাই৷ উৎপাদনৰ লগে লগেই এইবোৰ ভেজাল হৈছে৷ প্ৰকৃতিয়ে কৰিছে, কৰিছে মানুহব জ্ঞানৰ স্পৃহা, আবিষ্কাৰৰ আকাংক্ষাই৷ বিভিন্ন গেছৰ প্ৰভাৱত গছ-গছনি, ফলমূল, খাদ্যশস্যবোৰে স্বাভাবিক গুণ হেৰোৱাই পেলাইছে৷ সেই খাদ্য গ্ৰহণ কৰি মানুহ দুৰাৰোগ্য ৰোগত ভুগিছে৷ আণবিক বিস্ফোৰণ, তেজস্ক্ৰিয়তাৰ ফলতেই অসমত সৰ্বাধিক বোগী৷ জাপানৰ এটম বোমাৰ বিস্ফোৰণে ক্ষতি কৰি থৈ গৈছে অসমৰ জলবায়ুক৷ মৌচুমীৰ প্ৰভাবত আণবিক চেলবোৰ ব্ৰহ্মদেশৰ পাহাৰত খুন্দা খাই অসমলৈ গতি কৰিছিল আৰু অসমৰ পাহাৰত ঠেকা খাই যথেষ্ট পৰিমাণে অসমৰ আকাশত কূপ খাই বৈ গ'ল৷ খাদ্যশস্যব জেনেটিক প্ৰভাৱৰ পৰা অসম মুক্ত হোৱাৰ আশা ক্ষীণ৷ মানুহৰ দবে উদ্ভিদব গুটি, খাদ্যশস্য আৰু ফলমূলবোবেও হেৰুৱাই পেলাইছে স্বাভাবিক গুণ৷ এইবোৰতো আছে আণবিক বিস্ফোৰণৰ প্ৰতিক্ৰিয়া৷ আজি বিস্ফোৰণ বন্ধ কৰিলেও মানুহৰ নিষ্কৃতি নাই- অবশ্যে কিছু পৰিমাণে সকাহ পাব৷

কল্পবিজ্ঞান-সাহিতাৰ আন এটা বৈশিষ্ট্য্য হৈছে ঠায়ে ঠায়ে আচম্বিতে উপস্থাপন কৰা কিছুমান সুতীব্ৰ মনস্তাত্ত্বিক আলোকপাত৷ এই মনস্তাত্ত্বিক পৰ্যবেক্ষণ হিমানী হিল্লোলব ছত্ৰে ছত্ৰে উপলব্ধ৷ ইয়াৰ তিনিটা মূল চৰিত্ৰ ডা আভিনজন কক, ড' বণ্টজেন আৰু বোজী৷ গৰেষক দুজনৰ লগতে বিশেষকৈ নাৰী চৰিত্ৰ বোজীৰ যি মনস্তাত্ত্বিক সূক্ষ্ম পৰ্যবেক্ষণ ঔপন্যাসিকে দাঙি ধৰিছে সেয়া প্ৰকৃততেই চৰিত্ৰানুগ হৈছে৷ বোজীৰ প্ৰথমাৱস্থাৰ শংকা, অনিশ্চয়তা; পাছৰ সময়খিনিত বণ্টজেনৰ প্ৰতি ওপজা গভীৰ প্ৰেম, অথচ বণ্টজেনৰ নিবাসক্ত-নিৰুদ্বেগ আচৰণত ক্ষুণ্ণ আৰু ক্ষোভিত অভিমানেৰে পৰিপূৰ্ণ বোজীৰ মানসিকতাক লেখকে যথাৰ্থ ৰূপত অংকন কৰিবলৈ সক্ষম হৈছে৷ বণ্টজেনৰ কল্যাণকামী চিন্তা, বিশ্বজনীন মানবপ্ৰেমৰ মহৎ সত্তাক অৱশেষত বোজীয়ে উপলব্ধি কৰিব পাৰিছে৷ দুয়োৰে পৰস্পৰৰ প্ৰতি প্ৰেম আছে, কিন্তু সেই প্ৰেম  আছে, কিন্তু সেই প্রেম হৈ পৰিছে গৌণ- মানব কল্যাণৰ চিন্তাইহে প্রাধান্য লাভ কৰিছে। আনকি বোজীয়ে বৃহত্তৰ মানর কল্যাণৰ বাবে নিজকে আগবঢ়াই দিবলৈও কুণ্ঠাবোধ কৰা নাই। বণ্টজেন আৰু ৰোজীৰ প্রেম সাধাৰণ বিষয়-বাসনাৰ অধীন নহৈ এইবোৰৰ ঊর্ধ্বত এক বিশ্বমুখী প্রেমলৈ ৰূপান্তৰিত হৈছে। সুনীতি, সুনন্দা, কল্পনাহঁতৰ লগত বণ্টজেনৰ যি ব্যৱহাৰ, তাতো লেখকে ৰোগীৰ লগত চিকিৎসকৰ, গবেষকৰ লগত সমল ব্যক্তিৰ মনস্তাত্ত্বিক বিশ্লেষণ দাঙি ধৰিছে।

বহস্যধর্মিতাৰ এটা মৃদু আবেশ উপন্যাসখনত সর্বত্র বিৰাজমান। গ্রন্থখনৰ আৰম্ভণিতেই উদ্ধাৰ হৈছে পাঁচোটাকৈ নাৰী- মৃতদেহ। উপন্যাসৰ সামৰণিৰ ফালেহে পঢ়ুৱৈয়ে ধৰিব পাৰে যে সেইকেইটা আন কাৰো নহয়- সুনীতি, সুনন্দা, জয়া, কল্পনা আৰু বাসন্তীৰ মৃতদেহ। পুলিচ তথা স্নিফাৰ ডগৰ চকুত, ঘ্রাণত ধূলি দি অদৃশ্য হোৱা সেইজন হত্যাকাৰী স্বয়ং বণ্টজেন! পাছলৈহে এই কথাবোৰ মুকলি হয়গৈ; এইজন যে সাধাৰণ অভিধাযুক্ত হত্যাকাৰী নহয়, সেয়া পঢ়ুরৈয়ে বুজিব পাৰে।

কল্পবিজ্ঞান সাহিত্যৰ অন্তৰ্গত বিষয়সমূহ প্রথমতে কাহিনী, তাৰ পাছতহে বিজ্ঞান। ইয়াৰ কাহিনীবোৰ গল্প-উপন্যাসৰ কাহিনীৰ দৰেই যদিও তাৰ মাজতেই সাম্ভাব্য বিজ্ঞানৰ কথাবোৰত গুৰুত্ব দিয়া হয়। থঅ'ডৰ টুৰিজনৰ মতে- কল্পবিজ্ঞান কাহিনী হ'ল মানুহৰ চৌপাশে সৃষ্টি কৰা, মানুহৰ সমস্যাৰে সৃষ্টি হোৱা আৰু মানৱীয় সমাধান থকা কাহিনী। বিজ্ঞানৰ বিষয়বস্তু নথকা হ'লে অৱশ্যে এই গল্পটোৱেই নহ'লহেঁতেন। হিমানী হিল্লোল উপন্যাসখনৰ মূল বিষয়বস্তুটোৱেই হৈছে বিজ্ঞানভিত্তিক এটা গৱেষণা। এই গবেষণাতে নিহিত আছে অসমৰ চৌপাশৰ মানুহৰ এক ভয়ংকৰ সমস্যাৰ সমাধান। এটা সুকীয়া আৰু অগতানুগতিক ব্যতিক্রমী চিন্তাক বৰ আকর্ষণীয় ৰূপেৰে কুমাৰ কিশোবে উপস্থাপন কৰিছে এই উপন্যাসত।

ভিন্ন ভিন্ন স্বাদৰ ত্রিশখনৰো অধিক উপন্যাস ৰচনা কৰা কুমাৰ কিশোৰ কিন্তু অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত উপেক্ষিত হৈয়েই আছে। অসমীয়া সাহিত্যৰ মূলসুঁতিৰ পৰা কুমাৰ কিশোৰ এতিয়াও নিলগত- হয়তো ইও নিয়তিৰ পৰিহাস! যি নিয়তিৰ পৰিহাস কুমাৰ কিশোৰৰ প্ৰায়বোৰ উপন্যাসতেই অনুভূত হয়। সুখৰ কথা যে অলপতে এইজন সাহিত্যিকৰ যোগ্য সন্তানসকলৰ দায়বদ্ধ চিন্তাৰ ফলত কুমাৰ কিশোৰৰ উপন্যাস সমগ্র প্রকাশ কৰা হৈছে। হিমানী হিল্লোলৰ বিষয়বস্তু বাছনি কৰি দিয়া লেখকৰ ডাঙৰ পুত্র ডা' প্ৰণৱ কুমাৰ শৰ্মা এজন প্রতিষ্ঠিত লেখক। আমি আশা কৰিছোঁ তেওঁলোকৰ যত্নত, লগতে কুমাৰ কিশোৰ অনুৰাগীসকলৰ প্ৰচেষ্টাত কুমাৰ কিশোৰৰ সাহিত্যৰাজিৰ চৰ্চা হওক, আলোচনা হওক। অসমৰ সাহিত্য আলোচনী কেইখনমানেও এইক্ষেত্রত বিশেষ উদ্যোগ গ্রহণ কৰিব পাবে। অভাৱ আৰু সমস্যাৰ সৈতে চিৰদিন সংগ্রাম কৰিও ভাগবি নপৰা এইজন সাহিত্যিকে সাহিত্যৰ সৌৰভ কেবল বিলাই থৈ গ'ল, প্রতিদানত একো নাপালে; নিবিচাৰিলেও। বিলাই দিয়াই যাব জীবন তেওঁৰ বাবে পোৱাৰ তৃপ্তিতকৈ দিয়াৰ আনন্দৰ দাম বহুত বেছি। তেৱেঁই কৈ গৈছে জীয়া মানুহৰ প্ৰতাৰণাতকৈ কেন্সাৰৰ পোৰণিৰ চোক সহনীয়। হিমানী হিল্লোলৰ দ্বিতীয় সংস্কৰণৰ পাতনিত ডা° প্ৰণৱ শমহি কোৱাৰ দৰে আমাবো এয়েই প্রত্যাশা- জীৱনত একোবেই নোপোৱা অথচ মানৱ কল্যাণৰ কথা চিন্তা কৰা কুমাৰ কিশোৰ অমৰ হৈ ৰওক তেওঁৰ ৰচনাৰে।

মার্চ, ২০২৪ সাতসৰী

Post a Comment

0 Comments