কটন কলেজ। নবীন বৰুবাৰ কটন কলেজ নামৰ অসমীয়া ভাষাত ৰচিত এই উপন্যাসখনে অসমীয়া সাহিত্যজগতত মুকলি কৰি দিছিল এক নতুন ধাবা। আজিৰ পৰা ৫০ বছৰ পূর্বে নীলাচল- নামৰ আলোচনীখনত এই উপন্যাস প্রকাশ হৈ যোৱাৰ পাছত বর্তমানলৈ কেবাটাও সংস্কৰণ প্রকাশ পাইছে।
কটন কলেজ প্রকাশ হোৱাৰ পাছৰে পৰা অসমীয়া ভাষাত কেম্পাছ উপন্যাসৰ এক নতুন ধাৰা আৰম্ভ হ'ল। কটন কলেজ প্রকাশৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে 'আম্রপালী' ছদ্মনামেৰে এগৰাকী লেখিকাই এখন উপন্যাস নীলাচলৰ পাতত লিখাৰ তথ্য পোৱা যায় যদিও উপন্যাসখনৰ গ্ৰন্থৰূপ প্রকাশৰ কোনো তথ্য নাই। পৰৱৰ্তী সময়ত এনে ধৰণৰ কেম্পাছ উপন্যাস বিভিন্ন শিক্ষানুষ্ঠানক কেন্দ্ৰ কৰি বচনা কৰা হয়।
অসম মেডিকেল কলেজৰ বিষয়ে ডাঃ বীৰেন্দ্ৰ নাথ ডেকাই সংক্রমণ, যোৰহাট ইঞ্জিনীয়াবিং কলেজৰ বিষয়ে নগেন্দ্র কলিতাই ইঞ্জিনীয়াৰিং কলেজ, গুৱাহাটী মেডিকেল কলেজৰ বিষয়ে ডাঃ প্ৰণৱ কুমাৰ শৰ্মাই মেডিকেল কলেজ আৰু অসম ইঞ্জিনীয়াৰিং কলেজৰ বিষয়ে বিনোদ ভাগবতীয়ে অসম ইঞ্জিনীয়াৰিং কলেজ নামৰ উপন্যাস ৰচনা কৰে। এনেধৰণে বিভিন্ন লেখকে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানক ভেটি কবি লৈ কেম্পাছ উপন্যাস ৰচনা কৰিছে। তদুপৰি অসমীয়া ভাষাত অসমৰ বাদেও ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানকে ধৰি বিদেশৰ শিক্ষানুষ্ঠানক কেন্দ্ৰ কৰিও উপন্যাস ৰচনা কৰা হৈছে।
এই লেখাত এনে কিছু কেম্পাছ উপন্যাসৰ এখন তালিকা প্রস্তুত কৰা হৈছে, যাৰ পৰা অসমৰ পঢ়ুৱৈ সমাজে কেম্পাছ উপন্যাস সম্পৰ্কত এক ধাৰণা ল'ব পাৰে। এই তালিকাত অন্তর্ভুক্ত তিনিখনমান উপন্যাসক বাদ দি আনবোৰ উপন্যাস অধ্যয়নৰ পাছতহে অন্তর্ভুক্ত কৰা হৈছে। (উল্লিখিত উপন্যাসকেইখন এতিয়াও মোৰ হাতত নথকাত পঢ়ুৱৈৰ তথ্যৰ ভিত্তিতহে অন্তর্ভুক্ত কৰা হৈছে।
উপন্যাসসমূহৰ প্ৰকাশকাল বা কোনো ক্রম নির্দিষ্ট কৰি তালিকাভুক্ত কৰা হোৱা নাই। মাথোঁ এখনৰ পাছত এখনকৈ হাতত তুলি লৈ নামবোৰ টুকি লৈ তালিকাখন কৰা হৈছে।
(১) বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাসসমূহ:
(ক) গুৱাহাটী বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
( ১) গাঁৱৰ মানুহ হিতেশ ডেকা
(২) গুৱাহাটী ইউনিভাছিটী- উর্মিলা দলে
(৩) আৰ চি চি-২ - ড° নবমী গগৈ
(৪) হৃদয়ত কৃষ্ণচূড়া- ধ্রুবজ্যোতি শর্মা
(৫) কৃষ্ণচূড়াৰ লিহিৰী পাত- বিমল মজুমদাৰ
(৬) কৃষ্ণচূড়াৰ কবিতা- ধ্রুবজ্যোতি দাস
(৭) কৃষ্ণচূড়া তোমাৰ নাম- পাপৰি বৰা
(খ) ডিব্রুগড় বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
( ১) নাহৰৰ নিৰিবিলি ছাঁ- অনুৰাধা শৰ্মা পূজাৰী
(২) ডিবৰুৱে বিভিয়াই- সুজাতা গোহাঁই বৰুৱা
(৩) ডিব্রুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী- জুৰী বৰা বৰগোহাঞি
( ৪) কৃষ্ণচূড়াৰ বং- বিশ্বজ্যোতি শর্মা
(৫) হৃদয় এখন মহাকাব্য- কিশোৰ মনজিৎ বৰা
(৬) সূর্য ফুলাৰ সময়- অচ্যুত কৃষ্ণ কলিতা
(৭) নাহৰৰ তলে তলে- শিখামণি বৰুৱা দাস
(গ) তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) নিৰিবিলি- কৌশিক নন্দন বৰুৱা
(ঘ) মেঘালয় (নেহু)ৰ বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) আকনবিন্ধীৰ সোণপৰুৱা- বন্তি শেনচোৱা
(ঙ) দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) সাগৰৰ দবে- হেমেন ৰাজবংশী
(চ) দিল্লী বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) অপ্সৰা গৃহ- মামণি ৰয়ছম গোস্বামী
(ছ) পুণে বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) আপোনজনৰ ঠিকনা- জুৰী বৰা বৰগোহাঞি
(জ) খড়গপুৰৰ আই আই টি ভিত্তিক কেম্পাছ উপন্যাস-
(১) বালিঘড়ী- উপেন্দ্র নাথ মিশ্র
(ঝ) বিদেশী বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) তোমাক বিচাৰি- প্রদীপ্ত বৰগোহাঞি
( ২) কাৰিকৰী শিক্ষানুষ্ঠানভিত্তিক কেম্পাছ উপন্যাসমূহ:
(ক) অসম চিকিৎসা মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) সংক্রমণ ডাঃ বীৰেন্দ্ৰ নাথ ডেকা
(২) মোৰ স্বপ্ন-দুঃস্বপ্নৰ মেডিকেল কলেজ- ডাঃ নীলাক্ষি চলিহা গগৈ
( খ) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) মেডিকেল কলেজ- ডাঃ প্ৰণৱ কুমাৰ শৰ্মা
(২) হৃদয় নিৰুপায়- ৰীতা চৌধুৰী
(গ) যোৰহাট চিকিৎসা মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) ফেকাল্টি এনক্লেভ ডায়েৰী- ডাঃ মেঘালী দত্ত চলিহা
(ঘ) দক্ষিণ ভাৰতৰ চিকিৎসা মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) নুফুলা ফুলৰ সুবাস- ডাঃ শুভ্র কিংকৰ গোস্বামী
(ঙ) ফার্মাচিউটিকেল শিক্ষা প্রতিষ্ঠানভিত্তিক কেম্পাছ উপন্যাস-
(১) ধূসৰ আকাশ- ডাঃ বুদ্ধ প্রসাদ শ্যাম
(চ) কৃষি বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) সীমান্ত হিৰণ্য কাশ্যপ
(ছ) পশু চিকিৎসা মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) মনস্বিনী ডাঃ মিনতি দাস
(জ) যোৰহাট ইঞ্জিনীয়াৰিং মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) ইঞ্জিনীয়াৰিং কলেজ- নগেন্দ্র কলিতা
(২) ইঞ্জিনীয়াৰিং কলেজ- অভিজিৎ শর্মা বৰুৱা
(৩) শিপাৰ সন্ধান- ইঞ্জিনীয়াৰ জাকিৰ হুছেইন
(৪) অর্ণব, আস্থা আৰু JE C- ইন্দ্রাণী শর্মা
(৫) সোণালী অতীত- জে ই চিৰ সোণালী দিনবোৰ- সুকুমাৰ কাশ্যপ
(৬) যোৰহাট ইঞ্জিনীয়াৰিং কলেজ- নিকুমণি হুছেইন
(ঝ) অসম ইঞ্জিনীয়াৰিং মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) অসম ইঞ্জিনীয়াৰিং কলেজ- বিনোদ ভাগৱতী
(২) বেকফি- সিদ্ধান্তপর্ণ শইকীয়া
(৩) কৃষ্ণচূড়াৰ দেশত নীহাৰিকা ৰূপাঞ্জলি নেওগ
( ৩) মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাসসমূহ:
(ক) কটন মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(১) কটন কলেজ নবীন বৰুৱা
(২) দাপোণত চিনাকি মুখ- দীপিকা পৰদেশী
(৩) কটন কলেজৰ হাজাৰ সন্ধিয়া- প্ৰণৱ কুমাৰ বৰ্মন
(৪) মই কটনিয়ান আছিলোঁ- ড° সুনীতা চাংকাকতি
(৫) কটনিয়ান এখন ৰ'দৰ খিৰিকী- অৰ্চনা বৰঠাকুৰ
(৬) পাণবজাৰৰ পাণ্ডুলিপি ৰুদ্রাণী শর্মা
(৭) কটন কলেজ 78- ড° মাধুৰিমা বৰুৱা
(খ) অন্যান্য মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাসসমূহঃ
(১) ৰহা মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) গুৰুকুল কমল শোভিত- দীপ্তি দেরী শর্মা
(২) ডিব্রু মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) ঐ মিলি- ড° ধৰণী লাহন
(৩) জগন্নাথ বৰুৱা মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) প্রেম আহে সংগোপনে- স্বপ্নালী বৰা হাজৰিকা
(খ) জগন্নাথ বৰুৱা কলেজ আৰু মোৰ জীৱন- অৰুণ চক্রৱতী
(৪) বি এড মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) হেল্লো, বি এড কলেজৰ পৰা কৈছোঁ- দুগ্ধচন্দ্র গোস্বামী
(৫) মৰাণ মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) মৰাণ কলেজৰ জ্যোতিৰেখা- লেখক গগৈ
(খ) হিৰণ্ময় সময়- ইলা বৰগোহাঁই
(৬) উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) এন. এল. কলেজ- সমুজ্জ্বল শইকীয়া
(৭) নলবাৰী বালিকা মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) এম. এন. চিৰ নীলা তৰা- কমল শর্মা
(৮) ডি. কে. ডি. মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) হৃদয়ৰ দলিচাত ডি কে ডি কলেজ- দুগ্ধচন্দ্র গোস্বামী
(খ) বটবৃক্ষত আন্দোলিত সময়ত ডি কে ডি কলেজ- সুৰঙ্গনা হাজৰিকা
( ৯) নলবাৰী মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) নলবাৰী কলেজ- কমল শর্মা
(১০) বাণিজ্য মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) কমার্চ পইন্ট মৃণাল কুমাৰ বৰা
(১১) বি বৰুৱা মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) বি. বৰুৱা কলেজ- ড° দীনেশ বৈশ্য
(খ) বর্ষাক্ত বি. বৰুৱা- ডিম্পল শর্মা
(১২) সামূহিক বিজ্ঞান মহাবিদ্যালয়ভিত্তিক উপন্যাস-
(ক) ফার্স্ট চেমিষ্টাৰ সন্দিপনি তাচা
(১৩) আর্য বিদ্যাপীঠ মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) বটগছৰ ছাঁ আৰু বকুলৰ পোহৰ- গীতাঞ্জলি হাজৰিকা
(গ) কাল্পনিক শিক্ষানুষ্ঠানভিত্তিক কেম্পাছ উপন্যাসসমূহ:
(১) কাল্পনিক বিশ্ববিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) এই সময়, সেই সময়- ৰীতা চৌধুৰী
খ) অন্তহীন- ড° সুশান্ত কুমাৰ কাশ্যপ
(গ) দ্য ইউনিভাছিটী- ড° জয়জিৎ ডেকা
(২) কাল্পনিক মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) সোণ হৰিণৰ ঢেঁকুৰ অনুৰাধা শর্মা পূজাৰী
(খ) পোতা পিটনি- মৃদুল শর্মা
(গ) পাটকাই কলেজৰ এজাৰফুলীয়া সেই দিনবোৰ- দীপাঞ্জলি দাস
(৩) কাল্পনিক বিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) কি নাম দি মাতিম ড° সৰলা ভূঞা
( ঘ) আংশিক ৰূপত মহাবিদ্যালয়ভিত্তিক কেম্পাছ উপন্যাস-
(ক) পৰ্বত গড়ৰ প্ৰজন্ম- কল্পনা কুমাৰী দাস
উপৰিউক্ত তালিকাখনকে সম্পূর্ণ তালিকা বুলি ধৰি ল'ব নোৱাৰি। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা
বিভিন্ন কেম্পাছ উপন্যাস প্রকাশ হৈ আছে। কিন্তু সঠিক প্ৰচাৰৰ অভাৱত উপন্যাসসমূহ পঢ়ুৱৈৰ দৃষ্টিগোচৰ হোৱাৰ পৰা আঁতৰত ৰৈ যায়।∎
> ধীৰাজ কুমাৰ ডেকা, দুর্গাসৰোবৰ, কামাখ্যা গেট, গুৱাহাটী, ফোন: ৮২৫৫০-৩০৮৮৪
সাতসৰী । ঊনবিংশ বছৰ,প্ৰথম সংখ্যা,আগষ্ট ২০২৩

0 Comments