যিয়ে ধাৰণ কৰে সিয়েই ধর্ম। ধূ ধাৰয়তি ইতি ধর্ম। “ধৰতি বিশ্বম ইতি ধমন।” অর্থাৎ ধৰা বা ধাৰণ কৰাৰ নামেই ধৰ্ম। যিয়ে ভূত, ভৱিষ্যৎ আৰু বর্তমান তিনিও কালতে সত্য বিদ্যমান জগতক ধৰি ৰাখে সেয়ে ধর্ম। ধর্মই এই বিশ্ব সংসাৰ ধাৰণ কৰি আছে। ধৰ্মৰ ইংৰাজী প্রতিশব্দ Religion আহিছে Re-ligare শব্দৰ পৰা। ইয়াৰ অৰ্থ হ'ল 'পুনর্বন্ধন'। নি'। ধর্মই সমাজৰ প্ৰত্যেক মানুহক জীৱন ধাৰণ, আচাৰ-ব্যৱহাৰ আৰু কাৰ্যকলাপত গভীৰ প্রভাৱ পেলায়। বিশ্বৰ প্রত্যেক মানুহেই কিবা নহয় কিবা এটা ধর্মত বিশ্বাসী।
বিশ্বৰ কোনো ধর্মকে বেয়া বুলি ক'ব নোৱাৰি। প্ৰত্যেক ধর্মই মানুহৰ মংগলৰ বাবে, সমাজৰ মংগলৰ বাবে নানা ধৰণৰ উপদেশ নাইবা কিছুমান নীতি-নিয়মৰ সৃষ্টি কৰে আৰু সেই ধৰ্মৰ লোকসকলে মানি চলাটো বিচাৰে। সেইবিলাক উপদেশ মানি চলি সমাজখন যাতে ভালকৈ পৰিচালিত হয় আৰু মানুহৰ মাজত নৈতিকতা, আধ্যাত্মিকতাৰ মনোভাব গঢ় লৈ উঠে সেইটো বিচাৰে। ধৰ্মৰ দুটা দিশ আছে। ব্যক্তিগত আৰু সামাজিক। ব্যক্তিগত দিশটো হৈছে ব্যক্তিগত বিকাশৰ বাবে আৰু সামাজিক দিশটো হৈছে সমাজৰ বিকাশৰ বাবে। ধৰ্মৰ উদ্দেশ্য হৈছে ব্যক্তিগত বিকাশৰ লগতে সমাজত শান্তি-শৃংখলা বজাই ৰখা আৰু বিশ্বভাতৃত্বৰ মনোভাব গঢ়ি তোলা। ধৰ্মৰ নামত সমাজত অশান্তিৰ সৃষ্টি কৰাটো উদ্দেশ্য নহয়। কোনো ধর্মই তেওঁৰ অনুগামীসকলক বেয়া কামত লিপ্ত হ'বলৈ উপদেশ নিদিয়ে। সমাজখন ভালকৈ ধৰি ৰখাটোৱেই সকলো ধৰ্মৰ মূল উদ্দেশ্য। ধর্মই সমাজৰ মানুহক প্রমূল্যবোধ, সমাজৰ আদর্শ, নৈতিকতা আৰু শান্তি প্রতিষ্ঠা আদিৰ শিক্ষা দি সমাজখন ভাল হোৱাটো বিচাৰে। প্ৰত্যেক ধর্মই পাপ-পুণ্যৰ বিচাৰ, এক অলৌকিক শক্তিক বিশ্বাস, পাৰলৌকিক ধ্যান-ধাৰণা আদিৰ ক্ষেত্ৰত নানাধৰণৰ প্রশ্ন আৰু সেইবোৰৰ ব্যাখ্যা আগবঢ়ায়। প্রত্যেক ধর্মই অলৌকিক শক্তিক আৰাধনা কৰিবলৈ কিছুমান ধ্যান, ধাৰণা, আচাৰ-অনুষ্ঠানৰ সৃষ্টি কৰে। এই নীতি-নিয়মৰ উল্লেখ থাকে সেই ধৰ্মৰ ধৰ্মগ্রন্থবোৰত। ধর্মশাস্ত্ৰত থকা এই নীতি-নিয়মবোৰ সুপৰিচালনাৰ বাবে প্রত্যেক ধর্মত কিছুমান লোক জড়িত হৈ থাকে। তেওঁলোকৰ নেতৃত্বতে সেই ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ হয় আৰু সেই ধৰ্মৰ লোকসকল পৰিচালিত হয়। ধৰ্মৰ অনুগামীসকলৰ উপাসনাৰ বাবে প্রত্যেক ধর্মত উপাসনা গৃহ থাকে। সেই উপাসনা গৃহবোৰত সেই ধৰ্মৰ লোকসকলে কিছুমান নীতি-নিয়মেৰে উপাসনা কৰে। ধৰ্মৰ লক্ষ্যণ কিছুমান সাৰ্বজনীন। সেইবোৰৰ ভিতৰত সকলো ধর্মই এক অতি প্রাকৃত শক্তিৰ ওপৰত বিশ্বাসী।
ধর্ম সম্বন্ধে বিশ্বৰ কেইজনমান মহান পণ্ডিতৰ কেইটামান সংজ্ঞা উল্লেখ কৰা হ'ল। বিখ্যাত পণ্ডিত মেক্স মুলাৰৰ মতে- "Religion is subjective faculty of apprehension of the infinite." আন এগৰাকী বিখ্যাত পণ্ডিত কিলপাট্রিকে কৈছিল-"Religion is a cultural pattern based on relation with supernatural or extraordinary as concerned by particular people involved." বিখ্যাত দার্শনিক পণ্ডিত কাণ্টে কৈছে-"আমাৰ কৰ্তব্যবোৰ দৈৱ আদেশ বুলি বুজি পোৱাই হৈছে ধর্ম।" ("Religion is the recognition of all our duties as divine commands.")। দার্শনিক পণ্ডিত হার্বার্ট স্পেনছাৰে ধৰ্মৰ বিষয়ে এনেদৰে কৈছে—“আমাৰ জ্ঞানৰ পৰিসৰ অতিক্ৰম কৰি থকা এটা মহান শক্তিৰ পৰিচালনাই সকলো বুলি উপলব্ধি কৰাই ধর্ম। ("Religion is the recognition that "all things are manifestation of power which transcends our knowledge.")। ধৰ্ম মানুহৰ গভীৰ বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত। ইয়াত যুক্তিৰ *প্রাধান্য কম, আবেগমিশ্রিত বিশ্বাসেই হৈছে ইয়াৰ মূল চালিকা শক্তি। ধর্মবিশ্বাসী লোক একাংশই ভাবে যে ধর্মতে সকলো সত্য লুকাই আছে। গতিকে গৱেষণা আৰু পৰীক্ষা- নিৰীক্ষাৰ কোনো প্রয়োজন নাই। এটা ধৰ্মৰ শত্রু হৈছে আন এটা ধর্ম। এনেক্ষেত্রত কেতিয়াবা আন ধৰ্মৰ প্ৰতি একাংশই বিৰূপ মনোভাব পোষণ কৰা দেখা যায়। অৱশ্যে প্রকৃত ধার্মিক লোকৰ ক্ষেত্ৰত এইটো প্রযোজ্য নহয়। প্রকৃত ধার্মিক লোক সকলো ধৰ্মৰ প্রতি সমভাবাপন্ন। সৰ্বসাধাৰণৰ ধৰ্মৰ প্রতি আস্থা স্থাপন কৰাৰ ক্ষেত্ৰত মানুহৰ প্ৰধান কাৰণবোৰৰ ভিতৰত ঈপ্সিত ফল লাভ কৰিব বুলি বিশ্বাস কৰা। তেওঁলোকে ভাবে যে জাগতিক সুখ আৰু ঈপ্সিত ফল লাভৰ বাবে ধর্মচর্চাই হৈছে একমাত্র পথ। ধর্মচর্চা কৰিলে পৰলোকত সুখ-শান্তি লাভ কৰিবলৈ সক্ষম হয় বুলি বিশ্বাস কৰে। ধর্মই মানুহক মানসিক শান্তিও প্রদান কৰে। পাৰ্থিৱ জীৱনত আমাৰ নানাধৰণৰ দুখ-বেদনা থাকে। এইবোৰৰ পৰা হাত সাৰিবৰ বাবে আৰু মনত শান্তি পাবৰ বাবে বহুতেই ধর্মত আশ্রয় লয় আৰু নিৰাপত্তা পোৱা যেন অনুভৱ কৰে। বিভিন্ন ধৰ্মৰ পন্থা বেলেগ বেলেগ যদিও সকলো ধৰ্মৰ উদ্দেশ্য বা লক্ষ্য একেই। কোনো ধর্মই কাকো হিংসা কৰিবলৈ নিদিয়ে, কাৰো অপকাৰ কৰিবলৈ নিদিয়ে। সকলো ধর্মই মানুহৰ মংগলৰ বাবে কাম কৰে, নৈতিকতাৰ জ্ঞান দিয়ে আৰু সৎ পথেৰে চলিবলৈ অনুপ্রাণিত কৰে। বিশ্বাসেই ধৰ্মৰ মূল। সেইকাৰণে কোৱা হয় “বিশ্বাসে মিলয় হৰি তর্কে বহু দূৰ।” সকলো ধৰ্মৰে কিছুমান নীতি-নিয়ম থাকে। সেই নিয়মবোৰ একেবাৰে উলাই কৰিব পৰা ধৰণৰ নহয়। আমি যদি ভালকৈ ফঁহিয়াই চাওঁ সেই নীতি- নিয়মবোৰৰ কিছুমানৰ বৈজ্ঞানিক যুক্তি নথকা নহয়। অৱশ্যে কিছুমান নীতি-নিয়মৰ বৈজ্ঞানিক যুক্তি নাথাকিবও পাৰে।
ধৰ্মৰ নীতি-নিয়মবোৰ অন্ধভাৱে সমর্থন কৰাটোৱেই ধর্মান্ধতা। ধর্মান্ধ লোকে ধৰ্মৰ নীতি-নিয়মবোৰ বিনাদ্বিধাই মানি চলে। তেওঁলোকে যুক্তিৰে কথাবিলাক ফঁহিয়াই নাচায় নাইবা চাবলৈ নিবিচাৰে। বৰ্তমান 'যুগটো হৈছে বিজ্ঞানৰ চৰম উন্নতিৰ যুগ। এই যুগত বিজ্ঞানে আমাক সকলো কথাকে প্রমাণ কৰি দেখুৱাইছে। তেনেক্ষেত্রত অন্ধভাবে সকলো কথাকে মানি লোৱাটো অনুচিত। বিজ্ঞান সত্যৰ ওপৰত প্রতিষ্ঠিত। বিজ্ঞানে প্রমাণ নকৰাকৈ একো কথাকে বিশ্বাস নকৰে। বিজ্ঞানে মানৱ জাতিৰ সামগ্রিক বিকাশত সহায় কৰে। বিজ্ঞানে বিশ্বাসৰ ওপৰত নিৰ্ভৰ নকৰে। সদায় সত্যৰ অনুসন্ধান কৰে। ধৰ্মৰ- বাহন হৈছে বিশ্বাস আৰু বিজ্ঞানৰ বাহন যুক্তি বা প্রমাণ। অৱশ্যে এইটো সঁচা যে ধৰ্মৰ নীতি- নিয়মবোৰে সমাজখন সুচাৰুৰূপে চলাত সহায় কৰে। এইখিনিতে এটা প্রশ্নৰ উদয় হয়-ধৰ্মৰ নীতি-নিয়মবোৰৰ লগত বৈজ্ঞানিক যুক্তি নাই নেকি? সেই বিষয়ে এবাৰ ভালকৈ পর্যৱেক্ষণ কৰা উচিত। এই বিষয়ে বুদ্ধদেৱে এনেদৰে কৈছে (পালি ভাষাত)
"পৰীক্ষা ভিকচাম গ্রাহৃম মদ ৱাচ, নাথ গৌৰৱাৎ।”
(ইয়াৰ অৰ্থ হৈছে—কোনো এটা বিষয় গুৰুজনৰ মত বা আগৰ পৰা চলি আহিছে বুলি বিশ্বাস নকৰিবা। পৰীক্ষা কৰা আৰু সত্যাসত্য নিৰূপণ কৰা, যদি সত্য হয়, তেন্তে তুমি বিশ্বাস কৰিবা আৰু সেই দিশত চলিবা।) এসময়ত প্ৰকৃতিৰ পানী, জুই, পাহাৰ, নদী আদিক দেৱত্ব জ্ঞান কৰি ভয় আৰু শ্রদ্ধা কৰিছিল আৰু দেৱত্ব আৰোপ কৰি পূজা- অৰ্চনা কৰিছিল। বিজ্ঞানৰ অগ্রগতিৰ লগে লগে এইবোৰে দেৱত্ব হেৰুৱালে। আগতে মানুহে বিভিন্ন ৰোগৰ কাৰণ হিচাপে পাপৰ পৰিণাম আৰু কিছুমান অশুভ শক্তিৰ ফল বুলি ভাবিছিল। বেমাৰৰ প্ৰকৃত কাৰণ যে রীজাণু সেই বিষয়ে অজ্ঞতাৰ বাবে নানা ধৰণৰ পূজা-পাতল কৰিলে ভাল হয় বুলি ভাবিছিল। এতিয়াও সমাজৰ একাংশ লোক ইয়াত বিশ্বাসী। হিন্দু ধর্মশাস্ত্রতো বিভিন্ন অ বেমাৰৰ নাম পোৱা যায়। অথব সংহিতাত নানা ধৰণৰ বেমাৰৰ নাম আৰু তাৰ প্ৰতিকাৰৰ উপায় দিয়া আছে। বহুতো বেমাৰক অসুৰৰূপে বর্ণনা কৰা আছে। জ্বৰক অসুৰৰূপে কল্পনা কৰি নাম দিয়া হৈছে 'তক্সন' বা জ্বৰাসুৰ। ইয়াৰ পৰা ৰক্ষা পাবলৈ নানা ও ধৰণৰ জৰা-ফুকা, শান্তি পাঠ আদি কৰিছিল। বর্তমান আমাক বিজ্ঞানে বুজাই দিছে জ্বৰৰ প্রকৃত কাৰণ দেহত বীজাণুৰ প্ৰৱেশ। সেই বীজাণু ধ্বংস কৰিব পাৰিলেই আমি সেই বেমাৰৰ পৰা আৰোগ্য হ'ম। আমাৰ ধৰ্মশাস্ত্ৰত লিখা আছে বুলি আমি যদি বেমাৰৰ বাবে আধুনিক চিকিৎসা নকৰোঁ সেইটোৱেই আমাৰ ধর্মান্ধতা। মানুহৰ অসুস্থতাৰ কাৰণ যে বেমাৰৰ বীজাণু সেই কথা ঘোষণা কৰিছিল ষোল শতিকাৰ ছুইজাৰলেণ্ডৰ বেছেল বিশ্ববিদ্যালয়ৰ এগৰাকী প্রখ্যাত ৰসায়ন শাস্ত্র আৰু ভেষজবিদ্যাৰ অধ্যাপক ডা ফিলিপ্ৰাছ আওৰেউলাছ পেৰাছেলছাছে। এয়া কোনো অশুভ শক্তি বা পাপৰ ফল নহয়। তেওঁৰ এই ঘোষণাত সেই সময়ৰ ধৰ্মগুৰুসকল জাঙুৰ খাই উঠিল। ধর্মগুৰুসকলে ইমান দিনে তেওঁলোকে মানি অহা ধর্মশাস্ত্রত লিখা কথাবোৰ মিছা হ'ব নোৱাৰে বুলি পেৰাছেলছাছৰ বিৰুদ্ধে গৰজি উঠিল। তেওঁ বিচাৰৰ সন্মুখীন হ'ল। বিচাৰত তেওঁক মৃত্যুদণ্ড দিয়া হয় যদিও তেওঁ পলাই নিজৰ জীৱন ৰক্ষা কৰে। পৃথিৱী সূৰ্যৰ এটা গ্ৰহ আৰু পৃথিৱীকে আদি কৰি অন্যান্য গ্রহবোৰে সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি খ্রিষ্টপূর্ব ৫০০ বছৰ - আগতে পাইথাগোৰাছ, এনাকু, ছিমেণ্ড আদি মহান বিজ্ঞানীসকলে ঘোষণা কৰিছিল। ইয়াৰ পাছতো পোলেণ্ডৰ নিকোলাছ ক'পাৰনিকাছ, ইটালিৰ জিয়োর্ডানো ব্রুন, গেলিলিঅ' গেলিলিয়ে সেই একে সত্যকে প্রতিষ্ঠা কৰিব খুজিছিল। ফলস্বৰূপে তেওঁলোকে প্রচলিত ধর্মমতৰ বিৰোধী মত প্রকাশৰ বাবে অবর্ণনীয় নির্যাতন ভোগ কৰিবলগীয়া হৈছিল। ঠিক তেনেকৈ চন্দ্ৰৰ যে নিজা পোহৰ নাই আৰু চন্দ্ৰগ্ৰহণৰ কাৰণো খ্রিষ্টপূর্ব প্রায় ৪৫০ বছৰ আগেয়ে আনাক্সাগোৰাছে ব্যাখ্যা কৰিছিল। ধর্ম বিশ্বাসীসকলৰ দৃষ্টিত আছিল এইবোৰ অক্ষমনীয় অপৰাধ। ফলস্বৰূপে নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়াত পৰিছিল। এইবোৰেই আছিল সত্যৰ ওপৰত অসত্যৰ নির্যাতন। আমাৰ হিন্দু ধর্মতো আছে যে পৃথিৱীখন দাঙি ৰখা আঠটা হাতীয়ে গা লৰচৰ কৰিলে ভূমিকম্প হয়। এই কথাটো বর্তমান যুগত কিমান যুক্তিসংগত আমি সকলোৱেই জানো। (অনাদি-পাতন, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি-তত্ত্ব)। এই কথাবিলাক যুক্তিসহকাৰে নমনাটোৱেই ধৰ্মান্ধতা। বিজ্ঞানৰ উন্নতিৰ লগে লগে ধর্মীয় ভ্রান্ত ধাৰণাসমূহ জহি-খহি যাবলৈ ধৰিছে। আগতকৈ মানুহৰ মনত বৈজ্ঞানিক মানসিকতা বহুগুণে বৃদ্ধি পাইছে যদিও এতিয়াও এচাম ধর্মান্ধ লোকে ধৰ্মৰ সেই প্রাচীন নিয়মবোৰকে খামুচি ধৰি থাকে। সময় আৰু পৰিৱেশৰ লগত কিছুমান নিয়ম আমি বাদ দিবও লাগিব যিবোৰ বিজ্ঞানসন্মত নহয়। ধর্মান্ধসকলে এইবোৰ কথা বুজি নাপায় বা বুজিবলৈ চেষ্টা নকৰে।
কথা উপনিষদত এনেদৰে আছে- “বিজ্ঞান সাৰথিৰিয়ান্ত, মনহ প্রগহবান নৰহ, সৌধনহ পৰম আপ্লোতি, তৎ বিষ্ণুই পৰমম পাদম।" (ইয়াৰ অৰ্থ হৈছে বিজ্ঞান হৈছে যুক্তিবাদী বিদ্যা। এই বিদ্যা আয়ত্ত কৰিব পাৰিলে ব্যক্তিৰ মানৱতাবাদ আৰু আধ্যাত্মিক অনুভূতি উপলব্ধি কৰাত সহজ হয় আৰু আত্মা- পৰমাত্মাৰ মিলনৰ জ্ঞান শুদ্ধ হয়।) মহান আইনষ্টাইনে কৈছিল- “ধর্ম বিজ্ঞানী অবিহনে বিজ্ঞান পংগু আৰু বিজ্ঞান অবিহনে ধর্ম অন্ধ।" অর্থাৎ ধৰ্ম আৰু বিজ্ঞানৰ মাজত সম্পর্ক আছে। যিহেতু বর্তমান যুগটো বিজ্ঞান আৰু প্ৰযুক্তিৰ চৰম বিকাশৰ যুগ। এই সময়ত আমি ধৰ্মৰ লগতে বিজ্ঞানকো সমানে গুৰুত্ব প্রদান কৰিব লাগিব। আমি বৈজ্ঞানিক মানসিকতা গঢ়িব লাগিব। বর্তমান সময়ত বিজ্ঞান-প্রযুক্তিক বাদ দি আমি এদিনো চলিব নোৱাৰোঁ। আনহাতে ধৰ্মৰ লগতো আমাৰ এৰাব নোৱৰা সম্পর্ক আছে। সময়ৰ লগে লগে সমাজ পৰিৱৰ্তন হয়। ইয়াক কোনেও - বাধা দি ৰাখিব নোৱাৰে। তেনেক্ষেত্রত আমি = সময়ৰ লগত খাপ খুৱাই বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলো কথা ফঁহিয়াই চাই সেইমতে কাম কৰিব লাগিব। সেই কাৰণে শাস্ত্রত এনেদৰে কৈছে-
“কেৱলং শাস্ত্রমাশ্রিত্য ন কর্তব্য বিনিময়। যুক্তিহীন বিচাৰেণ ধর্মহানি পজায়তে।"
(কেৱল শাস্ত্রত উল্লেখ থাকিলেই বাস্তৱত প্রয়োগ কৰাটো উচিত নহয়। শিৱক দেখি মানুহেও হলাহল বিহপান কৰা অনুচিত।) গোড়ামি আমি ত্যাগ কৰিব লাগিব। আমাৰ ধৰ্মত থাকিলেই বুলি অন্ধভাৱে সকলো কথা সমর্থন কৰিলে সমগ্র মানৱ জাতিৰেই ক্ষতি হোৱাৰ আশংকা বেছি। আমি সকলোৱে বৈজ্ঞানিক দৃষ্টিভংগী গ্রহণ কৰি ধৰ্ম, পালন কৰিব লাগিব। সকলো কথা বর্তমান সময়ত বিচাৰ বিশ্লেষণ নকৰাকৈ মানি লোৱাটো উচিত নহয়। আমি ধর্মান্ধতা বাদ দিব লাগিব। ধৰ্মৰ যিবিলাক নীতি-নিয়মৰ লগত বিজ্ঞান জড়িত আছে আমি সেইবোৰ মানি চলিলে সমাজৰো উপকাৰ হ'ব আৰু আমাৰ ধৰ্মও ৰক্ষা পৰিব।
সহায়ক গ্রন্থ:
১। ধর্ম বিজ্ঞান আৰু যুক্তিবাদ-কৌশিক দাস।
২। বৈজ্ঞানিক মন বৈজ্ঞানিক চিন্তা-ড° দীনেশ চন্দ্র গোস্বামী
৩। বিজ্ঞান অন্ধবিশ্বাস আৰু সমাজ-সম্পাদনা ৪। অলৌকিক নহয় লৌকিক-প্ৰবীৰ ঘোষ
৫। বেদৰ পৰিচয়-ড° যোগীৰাজ বসু
৬। গীতা অন্বেষণ-অঞ্জনা চলিহা
- কল্যাণ কুমাৰ ৰায়চৌধুৰী
ঠিকনা: বীৰকুছি, নাৰেংগী, গুৱাহাটী-৭৮১০২৬,
"প্রান্তিক"
একচত্বাৰিংশ বছৰ, উনবিংশ সংখ্যা। ১-১৫ ছেপ্টেম্বৰ ২০২২ চন

0 Comments