ঐ ৰিক্সা



'ঐ ৰিক্সা' প্রকৃত পৰিচয়বিহীন এটি নাম। কর্মক্ষেত্ৰখনত এজন ৰিক্সাচালকৰ নিজৰ প্রকৃত নামৰ অস্তিত্বই হেৰাই যায়। কম বয়সীয়া ল'ৰা বা ছোৱালীয়ে হওক অথবা বয়োজ্যেষ্ঠ ব্যক্তিয়েই হওক সকলোৱে ৰিক্সাচালক এজনক তেওঁলোকৰ বয়সৰ অনুপাতে সম্বোধন কৰাৰ পৰিৱৰ্তে 'ঐ ৰিক্সা' বুলিয়ে মতা পৰিলক্ষিত হয়। এজন ৰিক্সাচালকৰ বয়সলৈ লক্ষ্য কৰি 'ঐ ৰিক্সা'ৰ পৰিৱৰ্তে দাদা, ভাইটি, খুৰা বা বৰতা বুলি সম্বোধন কৰি তেওঁলোকক সন্মান দিব নোৱাৰি জানো? খাটি খোৱা কর্মী হিচাপে তেওঁলোকো জানো সন্মানৰ পাত্ৰ নহয়, তেওঁলোকো জানো এষাৰি ভাল মাতৰ যোগ্য নহয়? তেওঁলোকক তুচ্ছাৰ্থত তই বুলি কোৱাৰ সলনি তুমি বা আপুনি বুলি ব্যৱহাৰ কৰিব নোৱাৰি নে? কামৰ সৰু-বৰ নাই। হয়তো আজিলৈকে কোনো ৰিক্সাচালকে কোনো যাত্রীক কৈ পোৱা নাই 'ঐ ৰিক্সা' যে তেওঁলোকৰ নাম নহয়, পৰিচয় নহয়।

- দিপাঞ্জলী শইকীয়া,

Post a Comment

0 Comments