অসমীয়া সমাজত অনৈক্য



হাতৰ দ্বাৰাই উচ্চ-নিম্ন বৰ্ণৰ স্থান নির্ণয় হয়। নিম্নবৰ্ণৰ হাতে উচ্চবর্ণই খোৱা- বোৱাতো নকৰেই, পাণ-তামোল, টকা- সিকাও দূৰৈৰ পৰাহে গ্রহণ কৰে। এইসকল লোকে ফিটো গোট হিচাপে সামাজিক স্থিতি লয়, সেই গোটটোক খেল বোলে। এটা খেলে আনটোৰ হাতে সিদ্ধ অন্ন নাখায়। কেতিয়াবা একেখন গাঁও বা সমাজত বহু খেলৰ সৃষ্টি হয়। কোনোবা মাহেকীয়া, কোনোবা এঘাৰদিনীয়া, কোনোবা হৰিধ্বনীয়া, কোনোবা অনাসংঘ ইত্যাদি এশ এবুৰি খেল। দার্শনিক সত্যনাথ বৰাদেৱে কৈছিল- "মানুহৰ সোঁত অনাদি কালৰ পৰা বৈ আছে, অনন্ত কাললৈ বৈ থাকিব।” সেই সূত্ৰত এই হাত, খেলবোৰ বৈ থাকিব নে স্তব্ধ হ'ব?

- প্রশান্ত প্রসাদ দত্ত

Post a Comment

0 Comments