প্ৰজাৰ কল্যাণ সাধে ৰাজনীতিকৰ বৌদ্ধিক দক্ষতাই



অস্থিৰ অৰ্থনীতিৰ (Gig Economy) কালত চৰকাৰ অথবা কোম্পানিসমূহে নিয়মীয়া দৰমহাৰ কৰ্মচাৰী কমাই, যিখিনি কর্মী নহ'লে নহয়, তেওঁলোকক ন্যূনতম পাৰিশ্রমিকেৰে ঠিকাভিত্তিক নিযুক্তি দিয়াটোৱেই চৰকাৰ বা কোম্পানিসমূহৰ 1 নীতি। নতুন পদৰ সৃষ্টিৰে সেৱাখণ্ডক সমৃদ্ধ ই কৰাটো বাদেই পুৰণা চাকৰিয়ালৰ ক্ষেত্ৰতে অৱসৰৰ পাছত পদৰ বিলুপ্তি সধা হৈছে নতুবা -ঠিকাভিত্তিক মকৰল কৰা হৈছে। নিবনুৱাই ঐ উৱাদিহ নাপাই তাকে জীৱিকাৰ সম্বল 1 হিচাপে গ্রহণ কৰিছে। মন কৰিবলগীয়া কথাটো হ'ল-তেনে অস্থায়ী কৰ্মচাৰী কর্তব্যনিষ্ঠ আৰু দায়িত্বশীল নহয়। কোম্পানিৰ কথাটো সুকীয়া, তেওঁলোকে - ব্যৱস্থাপনা আৰু কায়দাৰে কাম আদায় কৰে। । সম্প্রতি কেন্দ্ৰীয় চৰকাৰে মানুহৰ বৰ্ধিত গড় আয়ুসৰ ভিত্তিত চাকৰিয়াল ঊর্ধ্বতম ৬৫ বছৰ কৰাৰ কথা ভাবিছে। তেতিয়া নিযুক্তিৰ হাৰ আৰু কমিব। চিন্তা হয় শিক্ষিত নিবনুৱাক লৈ। এটা বিশৃংখল পৰিৱেশে ৰাষ্ট্ৰক অস্থিৰ নকৰিবনে? অলপতে দেখা গ'ল এখন ৰাজ্যত অসামৰিক বিষয়াৰ পদ বঢ়োৱা হৈছে, কিন্তু চিকিৎসককে ধৰি আন প্রয়োজনীয় পদবোৰ কমোৱা হৈছে। ইয়াৰ প্ৰচ্ছন্ন অৰ্থটো হ'ল, ঠিকাভিত্তিক কাৰিকৰী কৰ্মীসকলক তদাৰক কৰিব অসামৰিক বিষয়াই আৰু ৰাজ্যখনৰ মুঠ ঘৰুৱা আয় (GDP) বাঢ়ি শ্রীবৃদ্ধি ঘটিব। কিন্তু সেৱাখণ্ডৰ সংকোচনে দেশৰ অর্থনীতিত সুদীর্ঘ কুপ্রভাৱ পেলাই পংগু কৰাটো নির্ঘাত। অসমত বা আন ৰাজ্যতে ষাঠিৰ ঊর্ধ্বৰ চিকিৎসকে বার্ন আউট (burn out) হৈ কি শামুকটো ফুলাব? নাগৰিক আৰু চিকিৎসকৰ সংঘাত বৃদ্ধি পাব। নতুনচাম চিকিৎসকে চৰকাৰী চাকৰিৰ প্ৰতি অনীহা প্রকাশ কৰিব। নিম্ন বেতনৰ বাবে এনেয়েও চিকিৎসকৰ অসন্তুষ্টি এটা আছেই। ছিংগাপুৰৰ বিকাশৰ বাবে প্রাক্তন প্রধানমন্ত্রী লি কুৱান ইবে লোৱা পদক্ষেপ অনুকৰণীয়। তেওঁ অত্যাবশ্যকীয় সেৱাৰ মেধাসম্পন্ন কৰ্মীক উচ্চ হাৰৰ বেতন দিছিল আৰু কোম্পানিবোৰকো বাধ্য কৰিছিল। তাকে নকৰি তেনে সেৱাক •আইনগত ব্যৱস্থাৰে বাধ্যতামূলক কৰা হ'লে ভৱিষ্যতৰ মেধাবী ছাত্র-ছাত্রীক নিরুৎসাহ কৰা হ'লহেঁতেন। ৰাজনীতিকৰ বৌদ্ধিক দক্ষতাইহে প্ৰজাৰ মংগল সাধে।

- নিত্যানন্দ শইকীয়া

Post a Comment

0 Comments