আমি সততে উল্লেখ কৰা ধৰ্মৰ সৈতে ব্যক্তি বা সমূহ বিশেষে বিশ্বাস ৰখা আধ্যাত্মিকতা একেই নে? অলপ দ-কৈ চিন্তা কৰিলে আমি দেখিম যে ধৰ্মৰ যি ব্যাপকতা তাৰ মাজত আধ্যাত্মিকতা এটা সৰু বিন্দু মাত্র। প্ৰকৃততে ধর্ম কি আৰু ইয়াৰ ব্যাপকতা কিহত আমি অনুধাৱন কৰা উচিত। আহক, অলপ ফঁহিয়াই চাওঁ।
ধর্ম হ'ল জগতৰ চিৰাচৰিত নিয়মবোৰ ধৰি ৰখা এটা প্রকৃতিগত নিয়ামক (parameter)। সূৰ্যৰ চাৰিওফালে পৃথিবী ঘূৰে, ই পৃথিৱী আৰু সূৰ্যৰ ধৰ্ম। বতাহ বলে, ই বতাহৰ ধৰ্ম। জুলীয়া ৰূপ ধাৰণ কৰাটো পানীৰ ধর্ম। জন্মিলে মৰণ বহন কৰাটো জীৱৰ ধৰ্ম। মানুহে প্রকাশ কৰা চিৰাচৰিত এটা আচৰণ হ'ল মানৱীয়তা, ইয়াক মানর ধর্ম বোলা হয়। এনেদৰে চৰাচৰৰ যি সমগ্রতা, এই সমগ্ৰতাৰ প্ৰত্যেকৰে আছে চিৰাচৰিত গুণ। ধর্ম হ'ল এই গুণবোৰ ধৰি ৰখাৰ এটা বৃহৎ আৰু অলংঘনীয় নিয়ামক। অর্থাৎ প্ৰকাৰভেদে সৃষ্টিৰ চিৰন্তন নিয়ম ধৰি ৰখাই হ'ল ধর্ম। তেনেহ'লে আধ্যাত্মিকতা কি? আধ্যাত্মিকতাক ধর্ম বুলিব পাৰিনে নোৱাৰি? আধ্যাত্মিকতাক নিশ্চিতভাৱে ধর্ম বুলিব পাৰি, কিন্তু ই ধৰ্মৰ ব্যাপকতাৰ মাজৰ এটা বিন্দুহে। জীব মাত্রে মৃত্যুৰ পৰা ৰেহাই পাব বিচৰাটো এটা ধৰ্ম আৰু মৃত্যুরে কাকো ৰেহাই নিদিয়ে সেয়াও ধর্ম। জীব মাত্ৰৰে সদভাৱনা (অন্যার্থত মানবীয়তা) গুণ থাকে, ই এটা ধর্ম। কিন্তু আধ্যাত্মিক ভাবনা থাকে কেৱল মানুহৰ, ইও এটা ধর্ম। গতিকে আমি ধর্ম আৰু আধ্যাত্মিকতাক একাকাৰ কৰি ব্যৱহাৰ কৰোঁ যদিও দুয়ো সমার্থক বুলি ভাবিব নোৱাৰোঁ। ধর্ম হ'ল এটা দর্শন, এটা নিয়ামক আৰু আধ্যাত্মিকতা হ'ল এটা বিশ্বাস, এটা মানবীয় সদভাৱনা। ধর্ম হ'ল সমূহীয়াৰ মান্যতা প্রাপ্ত ৰূপ, সার্বজনিকভাবে স্বীকৃত। আধ্যাত্মিকতা হ'ল ব্যক্তি বিশেষৰ গাইগুটীয়া ভাৱনা অর্থাৎ ব্যক্তি বিশেষৰ অন্তর্লীন বিশ্বাস। অৱশ্যে ধর্ম আৰু আধ্যাত্মিক বিশ্বাসৰ এটা যোগসূত্র আছে। ব্যক্তিৰ সমষ্টি পৰিয়াল, পৰিয়ালৰ সমষ্টি চুবুৰীয়া, চুবুৰীয়াৰ সমষ্টি গাঁও, গাঁৱৰ সমষ্টি সমাজ, সমাজৰ সমষ্টি ৰাজ্য-দেশ-ৰাষ্ট্ৰলৈ ব্যাপ্তি লাভ কৰাৰ দৰে ব্যক্তিৰ আধ্যাত্মিকতাৰ পৰাও এটা সামুহিক মান্যতাৰ সূচনা হ'ব পাৰে আৰু কালক্ৰমত ই ধৰ্মৰ পৰ্যায়লৈ উন্নীতও হ'ব পাৰে। হিন্দু সমাজৰ নিজা নিজা আধ্যাত্মিক ভাবনা আছে, কিন্তু সাংস্কৃতিকভাবে ইয়াৰ এটা উমৈহতীয়া ব্যাপ্তি আছে যাক কোৱা হৈছে হিন্দুত্ব আৰু ই এটা দর্শনলৈ উন্নীত হৈছে। এই দর্শনে নির্দেশিত কৰে জীৱন-ধাৰণৰ শৈলী। জীবনৰ মোক্ষতা প্রাপ্তিৰ মার্গ। কোনো কোনো সময়ত ই আধ্যাত্মিক যেন লগা হ'লেও Religious কিন্তু নহয়, বহুত ক্ষেত্রত Philosophicalহে। Philosophy বা দর্শন হ'ল এনে এটা বিষয় য'ত চৌষষ্ঠী কলাৰ অবাধ বিচৰণ সম্ভৱ। কিন্তু ধর্ম হ'ল ধর্মই, ই সর্বকুলৰ আদিমূল। আধ্যাত্মিকতাৰ পৰা ধৰি সমাজনীতি, শাসন নীতি, অর্থনীতি, সংস্কৃতি, দর্শন, পদার্থ- ৰসায়ন বিজ্ঞান, গণিত শাস্ত্র, জ্যোতির্বিজ্ঞান, জ্যোতিষবিদ্যা, শৰীৰ তত্ত্ব, ভূ-তত্ত্ব, মনোবিজ্ঞান, সাহিত্য, নাই ক'ত ধৰ্মৰ পৰাকাষ্ঠা?
■ হেমচন্দ্র দলে

0 Comments