চিৰকুমাৰ-সদাগৰ ভোলানাথ বৰুৱাৰ জন্ম ১৮৫০ চনৰ ২৮ ছেপ্তেম্বৰত। অসমত জন্ম লাভ কৰা এইগৰাকী ব্যক্তিয়ে দুটা শতিকাৰ সন্ধিক্ষণত অসম আৰু ভাৰতৰ বিভিন্ন ঠাইত ব্যৱসায় কৰি শিক্ষা আৰু ভাষা-সাহিত্যৰ বাবে যিমানখিনি কৰি গ'ল সেয়া চন্দ্র-দিবাকৰ থকালৈকে সকলোবে সোঁৱৰিব।
নগাঁও জিলাৰ পুৰণিগুদামত জন্ম হোৱা এইগৰাকী ব্যক্তিৰ পিতৃৰ নাম ঘনশ্যাম বকবা আৰু মাতৃ ভোগদৈ বৰুরানী। ১৮৬৫ চনত তেওঁক নগাঁৱৰ বিদ্যালয়ত নাম লগাই দিয়া হৈছিল। খোজকাঢ়িয়েই অহা-যোবা কৰিছিল তেওঁ, কিন্তু সেইখিনি সময়তে পিতৃ ঘনশ্যাম বৰুৱাৰ বিয়োগ হোৱাত ভিনিহিয়েক দত্তনাৰায়ণ কৰাই তেওঁক গুৱাহাটীলৈ লৈ আহে আৰু গুৱাহাটীত থকা অবস্থাতেই তেওঁৰ জীৱনৰ চন্দ্ৰ সলনি হয়। সেইখিনি সময়ত ৰাধানাথ বৰুৱা, বায়বাহাদুৰ ভুৱন ৰাম দাস, লক্ষ্মীপ্রসাদ বৰুৱা আদি ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰে আৰু হেমচন্দ্র বৰুৱাৰ লগত চিনাকি হোৱাৰ পাছত দুয়োৰে সম্পর্ক গাঢ় হয় আৰু ভোলানাথ বৰুৱাই হেমচন্দ্র বৰুৱাৰ ঘৰত থকাৰ সিদ্ধান্ত লয়। হেমচন্দ্ৰ বৰুৱাৰ লগত থকাৰ সময়তে ভোলানাথ বৰুৱাৰ পেহীয়েকৰ দুই সুযোগ্য পুত্র মাণিক চন্দ্র বকরা আক ফটিক চন্দ্ৰ বৰুৱাৰ লগত চিন্তা আৰু মনৰ মিল ঘটে আৰু ফলস্বৰূপে বৰুৱা-ফুকন চাহ কোম্পানীত মাহে ৩০ টকা দৰমহা লৈ কাম আৰম্ভ কৰে। তেওঁৰ সময়ৰ সদব্যৱহাৰ আৰু কর্মস্পৃহাৰ প্রতি আপ্লুত হৈ কোম্পানীয়ে তেওঁক কাঠৰ কাৰবাৰৰ মেনেজাৰ পাতে আৰু সুযোগসন্ধানী বৰুৱাই তেওঁৰ ব্যৱসায় বৰদুৱাৰ, কুকুৰমাৰা, ৰাণীগুদাম আদি ঠাইলৈ বিস্তাৰ কৰে। সেই সময়তে কোম্পানীৰ অন্যতম প্রতিষ্ঠাপক অন্নদাৰাম ফুকনৰ মৃত্যু হয় আৰু গাৰো পাহাৰত হোৱা দুর্ঘটনাৰ বাবে কোম্পানীৰ বেয়া দিন আৰম্ভ হ'বলৈ ধৰে। কিন্তু ভোলানাথ বৰুৱা আছিল উদ্যোগী পুরুষ, সেয়েহে তেওঁ অলপো বিচলিত নহৈ ১৮৯০ চনত কলিকতালৈ গুচি যায়।
কলিকতাত কাঠৰ ব্যৱসায়ী কালীকৃষ্ট পৰমাণিকৰ লগত থাকি ব্যৱসায়ৰ সোঁ-বাঁও নিৰ্দ্ধাবণ কৰি পুৰণি কলেজৰ ওচৰত কাৰ্যালয় খুলিলে। সেইসময়ত গুৱাহাটীৰ পৰা মহীনাৰায়ণ বৰাও আহি লগ হ'লহি। পাছৰ পৰ্যায়ত ৰসৰাজ বেজবৰুৱা আৰু গোপীনাথ বৰুৱাও এই ব্যৱসায়ীৰ অংশীদাৰ হৈছিল। এনেদৰে বৰুৱাৰ ব্যৱসায় বেংগল, নাগপুৰ, গাঁঙ্গপুৰ, ময়ূৰভঞ্জ আদি ঠাইত বিস্তাৰিত হ'বলৈ ধৰে আৰু সহজে আনক আকর্ষণ কৰিব পৰা ব্যক্তিত্বৰ বাবে বৰুৱা ভাৰতৰ বিভিন্ন ঠাইত সমাজসেরক কাঠ ব্যৱসায়ী হিচাপে উচ্চ প্রশংসিত হ'বলৈ ধৰিলে। ১৯০৮ চনত তেওঁ বিদেশলৈ গৈছিল আৰু যোৱাৰ আগতে কয়লা ব্যবসায় আৰম্ভ কৰিছিল যদিও সেই ব্যৱসায়ে তেওঁক লগ নিদিলে আৰু সেই সময়ত ১৪ লাখ টকাৰ এক ভাবিব নোৱাৰা লোকচান হ'ল। কিন্তু নিজৰ আদর্শগত জীবন। আৰু চেষ্টাৰ দ্বাৰা তেওঁ ১৯১৯ চনত হেকওরা অতীত ঘূৰাই আনিবলৈ সমর্থ হয় আৰু তেওঁৰ কাঠৰ কাৰবাৰে লিমিটেড কোম্পানীৰ মর্যাদা লাভ কৰে।
সঁচা কথা ক'বলৈ হ'লে ভোলানাথ বকরা আছিল এজন দানী পুরুষ। তেওঁৰ দানেৰে অসমৰ আৰু বাহিৰৰ অনুষ্ঠানৰ শ্রীবৃদ্ধি হৈছিল। তাৰে এটা লেখ দিয়া হ'ল-
১) কলিকতা বিশ্ববিদ্যালয় : দহ হাজাৰ
২) বাণী বিশ্ববিদ্যালয়: এক লাখ বিশ হাজাৰ
৩) পাৱেট (১৯২৭) : এক লাখ
৪) বিশাখাপট্টনমৰ কিং জর্জ হাস্পাতাল : দহ হাজাৰ
৫) বালিগঞ্জৰ ছোৱালী বিদ্যালয় : পাঁঁচ হাজাৰ
উল্লেখযোগ্য যে অসমৰ প্রসিদ্ধ মহাবিদ্যালয় বি.বৰুবা মহাবিদ্যালয় (১৯৪৩) এইজনা ব্যক্তিৰ নামতেই প্রতিষ্ঠিত। তেওঁৰ কর্ম নিপুণতা, ব্যক্তিত্ব আৰু সমাজ সচেতন মনৰ বাবে ১৯২৪ চনতেই ব্রিটিছ চৰকাৰে 'Kai- ser-i-Hind' সোণৰ পদকেৰে তেওঁক স্বীকৃতি দিছিল। ১৯২২ চনত তেওঁৰ শৰীৰৰ অৱস্থা কিছু বেয়া হৈছিল। অসম, ভাৰত আৰু পৃথিৱীৰ। বিভিন্ন ঠাইত ব্যবসায়িক সুত্র ৰক্ষা কৰি স্বদেশ আৰু স্বজাতিৰ নাম ৰাখি আজীবন বৈবাহিক সম্পর্ক নকৰাকৈ থাকি কর্মকেই ধর্ম হিচাপে গণ্য কৰা এইজনা সঁচা অসমীয়াই ১৯২৩ চনৰ ৩০ মে'ত কলিকতাৰ হাওৰাৰ নিজা বাসভবনৰ পৰা জীৱনৰ মায়া-মোহ এৰি অনন্তধামলৈ গতি কৰে। বিঃদ্রঃ প্রবন্ধটো প্রস্তুত কৰোঁতে বাতৰিকাকত, আলোচনী আদিত প্রকাশ হোবা আন আন প্ৰৱন্ধ আৰু ৱিকিপিডিয়াৰ সহায় লোৱা হৈছে।
> ড° ত্রিদিৱ গোস্বামী
"ঐতিহ্য বাৰ্তা"
ষষ্ঠ বছৰ। দ্বাদশ সংখ্যা।। ১৪৩০ ভাস্কৰাব্দ।। ১৯৪৫ শকাব্দ। ডিচেম্বৰ, ২০২৩

0 Comments