আজিৰ পৃথিৱীত সসম্মানেৰে বৰ্তি থাকিবলৈ এজন ব্যক্তিৰ মাজত ভালেমান গুণ-গৰিমা থাকিব লাগিব। সমাজৰ এজন উল্লেখযোগ্য লোক হ'বলৈ মাথোন ধন-সম্পত্তিৰ বৃহৎ ভাণ্ডাৰেই পর্যাপ্ত নহয় যদিহে মানুহ এজন পৰোপকাৰী, নিৰহংকাৰী আৰু সৎ চৰিত্ৰৰ নহয়। আনহাতে ধন-সম্পত্তিৰ বিচাৰেৰে নগণ্য হৈয়ো এজন লোক জ্ঞান, শিক্ষা, আচাৰ-ব্যৱহাৰৰ দিশেৰে উত্তম পুৰুষ হোৱাৰ লগতে সাহিত্য, সংগীত, ক্রীড়া, শিল্পৰ ক্ষেত্ৰত উল্লেখযোগ্য কৃতিত্ব প্ৰদৰ্শন কৰি এজন বৰেণ্য ব্যক্তিৰূপে স্বীকৃত হয়। এজন সার্থক ব্যক্তিৰ দৰে এটা জাতি সমগ্র বিশ্ববাসীৰ মাজত মূধাফুটা হ'ব পৰাটো এটা অতি আনন্দদায়ক আকাংক্ষা। এখন দেশক সন্মানীয় হ'বলৈ এটা বিশেষ কৃতিত্বৰ বলেই পর্যাপ্ত নহয়। নৈতিকতা, নিকা চৰিত্ৰ আদি গুণো থাকিব লাগিব। দেশে ভালেমান দিশেৰে সমগ্র সচেতন বিশ্ববাসীৰ সমুখত নিকা ভাবমূর্তি গঢ়িবলৈ বৃহত্তম গণতান্ত্রিক দেশ বুলি দাবী কৰিলেই নহ'ব। গণতন্ত্রক কিমান মূল্য দিছে সেইটোও বিচার্য।
বর্তমান ক্রীড়াৰ ক্ষেত্ৰত দেশে পূৰ্বৰ তুলনাত চমৎকাৰী নহ'লেও উন্নত সাফল্য লাভ কৰিছে। 'বিশ্বৰ দৰবাৰ'ত এনে সাফল্যই সন্মান বৃদ্ধিৰ ক্ষেত্ৰত কিছু অৰিহণা যোগায়। আন্তঃৰাষ্ট্ৰীয় ক্রীড়াৰ ক্ষেত্ৰত অসমেও আশাপ্রদ সাফল্য আৰ্জিব পৰা হৈছে। ইয়াকে লৈ আমাৰ মাজত উদ্যম বাঢ়িছে। নক'লেও হ'ব যে ক্রীড়াত সাফল্য লাভ কৰিবলৈ অপৰিসীম সাধনাৰ অতি প্রয়োজন। অৱশ্যে নিজা প্রতিভাও লাগিব। সমগ্র বিশ্বতে ক্রীড়াৰ ক্ষেত্ৰখন দ্রুতগতিত প্ৰসাৰিত হ'বলৈ ধৰিছে। ফুটবল, গল্ফ, ক্রিকেট, টেনিছ আদিয়ে একোটা উদ্যোগৰ ৰূপ লৈছে। সুপৰিকল্পিতভাবে সাংগঠনিক চাতুর্যৰে খেলুৱৈ, উদ্যোক্তা, আনুষংগিক সা-সঁজুলি নির্মাতা ইত্যাদিৰ বাবে প্ৰচুৰ অৰ্থাগমনৰ বাট মুকলি হৈছে। টেলিভিছন আৰু ছপা মাধ্যমৰ যোগেদি উপযুক্ত প্রচাৰে ক্ৰীড়াৰ জনপ্রিয়তা বঢ়াত প্ৰচুৰ প্ৰভাৱ পেলায়। ইমানৰ অন্ততো অসমৰ সংবাদ মাধ্যমে আমাৰ সফল খেলুৱৈসকলৰ প্ৰতি অজানিতে এটা অন্যায় কৰিছে যাৰ দ্বাৰা তেওঁলোকৰ সাফল্যক লঘু কৰা দেখা গৈছে। খেলুৱৈ এগৰাকীৰ নিৰৱচ্ছিন্ন, আশাশুধীয়া তপস্যাসদৃশ নিতৌ নেৰানেপেৰা অনুশীলনৰ ফলস্বৰূপে পোৱা পুৰস্কাৰ একোটাৰ প্রাপ্তিক এটা অবাঞ্ছনীয় শব্দৰে প্ৰকাশ কৰা আমাৰ সাংবাদিকসকলৰ একাংশই নির্বিচাৰে অভ্যাসত পৰিণত কৰি লৈছে। শব্দটো হ'ল 'আঁজোৰ'। "অমুকে অলিম্পিকত অমুক খেলত স্বর্ণ পদক আঁজুৰি" অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। অভিধান অনুসৰি আঁজোৰাৰ অৰ্থ হ'ল নিজৰ ফালে বলেৰে একচিপে টান। ইংৰাজীত a snatch। চোৰটোৱে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ হাৰ আঁজুৰি নিয়াৰ বাতৰিত পতিয়ন যাম। কিন্তু য'ত এক ছেকেণ্ডৰ এশ ভাগলৈকে বিবেচনাৰে পুৰস্কাৰ ঘোষণা কৰে তাত কোনোবাই পদক আঁজুৰি অনাটো অবিশ্বাস্য আৰু অসন্মানীয় উক্তি।
এইখিনিতে আমাৰ উদ্যমী সাংবাদিকে অযুক্তিকৰৰূপে একোটা অতি গুৰুত্বপূৰ্ণ স্থানৰ নাম বিকৃত কৰাৰ উদাহৰণ দিয়া যাওক। গুৱাহাটীৰ গোপীনাথ বৰদলৈ পথ আৰু ডা° ভুবনেশ্বৰ বৰুৱা পথে কটাকটি কৰা স্থানত লক্ষ্মীনাথ বেজবৰুৱাৰ এটা নয়নাভিৰাম পূর্ণাংগ প্রতিমূর্তি স্থাপন কৰা হৈছে। ঘূৰণীয়াকৈ এখন ফুলনিৰে ঠাইখিনি অতি ধুনীয়া কৰি তোলা হৈছে। ইংৰাজী ভাষাত এনে স্থানক বোধহয় rotary বোলা হয়। অসমীয়াত ইয়াৰ উপযুক্ত শব্দ আছে বুলি নাভাবোঁ। 'আবর্ত' বুলি এটা যুক্তিৰে কোৱা যায় যদিও ৰ'টাৰি শব্দটোৱে অসমীয়াত সসম্মানে প্রৱেশ কৰা যেন লাগে। আনহাতে Rotary Club নামৰ এটা আন্তর্জাতিক জনকল্যাণ সংঘৰ নাম প্রায় সকলো শিক্ষিত আৰু সচেতন লোকৰ পৰিচিত।
এতিয়া এই ৰ'টাৰিটোৰ উত্তৰ ফালে দুটা লে'নৰ অংশটোত যানবাহনৰ বিশেষ ভিৰ নাথাকে। বিভিন্ন সংগঠনে এই সুচল স্থানত নানা তৰহৰ গণ সমাৱেশৰ আয়োজন কৰি আহিছে। বহু দিশৰ বিচাৰেৰে ঠাইখন অতি মনোৰম। সংবাদ মাধ্যমত এই স্থানক গুৱাহাটী ক্লাব ৰ'টাৰি বুলি প্রকাশ কৰে। আগলৈ ঠাইখণ্ডৰ গুৰুত্ব ক্রমে বাঢ়ি আহিব। ইয়াৰ কাষতে শতবর্ষ অতিক্রম কৰা তাৰিণী চৌধুৰী বালিকা বিদ্যালয়খন আৰু তিনিশ বছৰ অতিক্ৰম কৰা বুঢ়া মছজিদটো আছে। এনে এখন 'গুৰুত্বপূৰ্ণ স্থানৰ সৰ্বসম্মত আৰু অর্থবহ নাম এটা পোৱাৰ অধিকাৰ আছে। পূৰ্বৰে পৰা হেদায়েৎপুৰ বুলি জনা স্থানখনত ছিটিবাছ ৰ'লে কণ্ডাক্টৰে আস্ফালন কৰে- “গুৱাহাটী ক্লাব, গুৱাহাটী ক্লাব।"-এইটো এটা অন্য পৰ্যায়ৰ নামাংকন।
''প্রান্তিক''
একচত্বাৰিংশ বছৰ, উনবিংশ সংখ্যা। ১-১৫ ছেপ্টেম্বৰ ২০২২ চন

0 Comments