ইতিহাসৰ পাত লুটিয়ালে দেখা পোৱা যে প্রাগ্জ্যোতিষ বা কামৰূপ বা অসমত প্রব্রজনৰ সোঁত প্রাগৈতিহাসিক যুগৰ পৰাই চলি আহিছিল আৰু এই ধাৰা কুৰি শতিকাৰ দ্বিতীয় দহকলৈ কোনো বাধা-বিঘিনি নোহোৱাকৈ চলিয়েই আছিল। কিন্তু কুৰি শতিকাৰ দ্বিতীয় দহকত কিছু সংখ্যক অসমীয়াই এই প্রব্রজনৰ সোঁত বন্ধৰ আহবান জনায়, যাৰ ফলত সেই সময়ৰ ব্রিটিশ শাসক সকলে প্রথম বাৰৰ বাবে “লাইন প্রথা, অসম-১৯২০” প্রৱর্তন কৰে। (কাৰ কাৰণে , কিয় আৰু কেনেকৈ কৰা হৈছিল – এই বিষয়ে অন্য প্রবন্ধত লিখিছো)
১. জনসংখ্যা বিস্ফোৰণ
২. অপৰাধ প্রবণতা
৩. আর্থিক উশৃখলতা
৪. মানসিক অকর্মণ্যতা
৫. মাদক সেৱন প্রবণতা
২. অপৰাধ প্রবণতা
৩. আর্থিক উশৃখলতা
৪. মানসিক অকর্মণ্যতা
৫. মাদক সেৱন প্রবণতা
এতিয়া প্রশ্ন হয় – শিক্ষাৰ দিশত এই মানুহ খিনিক পিছ পেলাই ৰাখিলে কোনে ? উত্তৰ সকলোৱে জানে কিন্তু মুখ খুলি ৰাজহুৱা কৰাৰ সৎ সাহস কাৰো নাই, এনেকি মোৰ নিজৰো নাই। ভূতৰ ওপৰত দানব দেখা দিয়া দি ১৯৭১ চনত ভাৰত চৰকাৰৰ প্রতক্ষ্য সহযোগত সৃষ্টি হ’ল – বাংলাদেশ , কেৱল মাত্র ভাষাৰ দোহাই দি। ভাৰত চৰকাৰৰ ভুল-শুদ্ধ নির্ণয়ৰ দৃষ্টতা মোৰ নাই যদিও তথাপি – যুদ্ধ জয়ৰ বাহানা লৈ পূর্ব পাকিস্তানক নিজৰ অঙ্গৰাজ্য কৰিব পাৰিলেহেঁতেন যিহেতু গোটেই পাকিস্তান খনেই ভাৰতৰ অঙ্গ আছিল গতিকে এই ক্ষেত্রত পুনৰ বিবেচনা কৰাৰ থল আছিল। বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত বহু মানুহ ভাৰতত আশ্রয় লৈছিল, সেই মানুহখিনি (হিন্দু -মুছলিম উভয়) দেশ স্বাধীনৰ পিছত নিজ দেশ লৈ ওলটি যোৱাৰ কোনো চৰকাৰী তথ্য নাই। ইয়াৰোপৰি “নেহেৰু-লিয়াকত চুক্তি” বহু মানুহ তদান্তীন পুব পাকিস্তানৰ পৰা অসমত স্থান দিয়া হৈছিল। এই ঘটনা ৰাজিয়েই আছিল কিজানো “অসম আন্দোলন”ৰ তাৎক্ষণিক উৎস।
কথাখিনি যদি অলপ বহল কৈ চিন্তা কৰা হয় – আমাৰ একাংশ জাতীয়তাবাদীৰ মতে অকল “বঙ্গমূলীয় মুছলমান” খিনি বিদেশী , আন কিছুমানৰ মতে “বঙ্গমূলীয় হিন্দু -মুছলমান” উভয়ে বিদেশী আৰু সাধাৰণ অসমীয়াৰ মতে – বঙ্গমূলীয় মুছলমান , বঙ্গমূলীয় হিন্দু , নেপালী , ভুটিয়া আদি সকলোৱে বিদেশী। ইয়াৰ অর্থ হল – এই সমস্যা টো বিদেশ সম্পর্কীয় আৰু ইয়াৰ বাবে প্রতক্ষ্য ভাবে দিলীস্থ কেন্দ্রীয় চৰকাৰেহে সিদ্ধান্ত লব পাৰিব কাৰণ অসম ৰাজ্যিক চৰকাৰৰ “বিদেশ নীতি” সম্পর্কীয় কোনো ক্ষমতা নাই।
বিদেশী বহিস্কাৰৰ প্রাৰম্ভিক কাম:
১. নির্দিষ্ট নীতি নির্দেশনাৰে বিদেশী চিনাক্ত কৰণ কৰা
২. জাতি ধৰ্মৰ দোহাই দি যাতে কোনো দেশীয় মানুহে হাৰাশাস্তি নাপায় সেয়া নিশ্চিত কৰা
৩. বিদেশী নাগৰিকৰ তালিকা প্রস্তুত কৰা
৪. সংশ্লিষ্ট দেশ সমূহক এই তালিকা অর্পণ কৰা
৫. অবৈধ নাগৰিক প্রত্যাবর্তন চুক্তি সম্পাদন কৰা
এই কাম খিনি যদি নিয়াৰিকৈ কৰিব পৰা যায় তেন্তে মই আশাবাদী – “বিদেশী মুক্ত অসম” পোৱাত কোনো অসুবিধা নাথাকিব। এই চেগতে সততে “সন্দেহযুক্ত নাগৰিক” ৰ স্বয়ম্ভূ অভিভাৱক হিচাবে জাহিৰ কৰি ফুৰা দল সংগঠনে মুক্তমনে চৰকাৰ আৰু জাতীয়তাবাদী সংগঠনৰ লগত কান্ধত কান্ধ মিলাই কাম কৰিলে ভৱিষ্যত প্রজন্মই “ইজ্জত” সহকাৰে নাম লবলৈ বাধ্য হব।

1 Comments
Nice
ReplyDelete