বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ দিনটো আমাৰ স্কুল-কলেজৰ ছাত্র-ছাত্রীৰ কাৰণে বিশেষ তাৎপৰ্যপূৰ্ণ । অকল পঢ়া-শুনাতে নহয়, সংগীত, নৃত্য-নাটক, চিত্রাংকন, ভাস্কৰ্যকে আদি কৰি সকলো কলাবিদ্যাৰে সাধনাত ব্রতী মানুহ মাত্রৰে পূজা দেৱী “মা সৰস্বতী” । তাহানিৰ সৰস্বতী পূজাৰ উদযাপনত চেমনীয়া আৰু তৰুণ চামৰ ল’ৰা-ছোৱালীৰ উৎসাহ-উদ্দীপনাৰ মাত্রা আটাইতকৈ বেছি আছিল এতিয়াতকৈ । সেই দিনটোত সৰু সৰু ল’ৰা-ছোৱালীবোৰে স্কুলৰ নীতি-নিয়ম আৰু অনুশাসন মনাৰ পৰিৱৰ্তে মুকলি মনেৰে ৰং-ধেমালি কৰি আৰু স্কুলৰ-ইউনিফৰ্ম সলনি নিজৰ খুচীমতে সাজি-কাচি আহি অতি আগ্রহেৰে সকলোৱে পূজাত ভাগ লৈছিল । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ দিনটো তেওঁলোকে অতি উলহ-মালহেৰে পালন কৰিছিল । কিন্তু এতিয়াৰ যুজ-পজন্মৰ বিশেশকৈ মহিলাসকলৰ অৰ্থাৎ তৰুণী চামৰ মাজত আটাইতকৈ আলোচনাৰ প্রিয় বিষয় সৌন্দৰ্য চৰ্চা । সৰস্বতী পূজাৰ প্রসংগতে মই আজি একাষাৰ ক’বলৈ বাধ্য হ’লো- যোৱা বেলি সৰস্বতী পূজাৰ প্রবাক্ষণত অসমৰ কোনো কোনো মহাবিদ্যালয়ত টিভিৰ ব্যক্তিগত বাতৰিৰ চেনেল এটাই ছাত্রীসমূহক সাক্ষাৎকাৰ লৈছিল । তাত সৰস্বতীৰ পূজাৰ দিনা ছাত্রীসকলে কি সাজপাৰ, গহনা-পাতি, বিউটি পাৰ্লাৰলৈ গৈ কেনেকৈ নিজ সৌন্দৰ্য বৰ্ধন কৰিব ইত্যাদি চেনেলৰ কর্ম-কর্তসকলে সুধা প্রশ্নৰ উত্তৰ দিবলগীয়া হৈছিল ছাত্রীসকলে । তাকে দেখি শুনি মোৰ যেন এনে ভাৱ হৈছিল, সৰস্বতী পূজা যেন এক সৌন্দৰ্য প্রতিযোগীতাৰহে উপলক্ষ্য, সৰস্বতী যেন জ্ঞান আৰু বিদ্যা-চৰ্চাৰ নহয়, ৰূপ-চৰ্চাৰ অধিষ্ঠাত্ৰী দেৱী । এই কাৰণেই হয়তো কেইজনীমান উদ্যম ছাত্রীৰ বাহিৰে বেছিভাগ ছাত্রীয়ে পূজাত ভাগ লোৱাৰ পৰা বিৰত থাকি নিজৰ সৌন্দৰ্যৰ ওপৰতহে বেছি গুৰুত্ব সহকাৰে লৈছিল । সেইবাবেহে ব্যৱসায়িক টিভি চেনেলৰ কর্ম-কর্তসকলে সৰস্বতী পূজাৰ প্রকৃত তাৎপৰ্যক উপেক্ষা কৰি ছাত্রীসকলৰ সাজোন-কাচোনকহে উক্ত অনুষ্ঠানটোত অগ্রাধিকাৰ দিয়ে । তাহানিৰ স্কুল-কলেজৰ ছোৱালীবিলাকেও ধুনীয়াকৈ সাজ-পাৰ পিন্ধি আহি সৰস্বতীৰ পূজাত অতি আগ্রহেৰে কৰ্মত ভাগ লৈছিল কিন্তু এতিয়াৰ ছাত্রীসকল নিজৰ সৌন্দৰ্যকলৈহে ব্যস্ততাপূৰ্ণ । এই বর্ষৰো যোৱা সৰস্বতী পূজাত টিভিৰ ব্যক্তিগত বাতৰি চেনেলৰ কর্ম-কর্তসকলে অসমৰ বিভিন্ন প্রান্তত থকা মহাবিদ্যাল্যসমূহ ঘূৰি ‘কোনজনী ছোৱালী ধুনীয়া’ ইত্যাদি প্রশ্নৰ লক্ষ্যহে তেওঁলোকৰ কেমেৰাত বন্দী হৈছিল । কিন্তু তেওঁলোকে এটা কথা নাভাবিলে যে জনপ্রিয়তা আর্জিবলৈ গৈ যিকোনো অবঞ্ছিত বা অনুচিত কাৰ্য্যক মাত্রাধিক গুৰুত্ব দি প্রচাৰ কৰাৰ ফলত বহুতো যুবক-যুবতী চঞ্চলমতি হোৱাৰ নাইবা বিপথগামী হোৱাৰ পথৰ সন্মুখীন হ’ব পাৰে । এনেধৰনৰ কাৰ্য্যসূচী হলে এটা সময়ত দেখিম যে সৰস্বতী পূজাত মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকল ওতঃপ্রোতহভাবে জড়িত হোৱাৰ পৰিবৰ্তে নিজৰ সৌন্দৰ্যকলৈহে ব্যস্ততা হৈ থাকিব । ফলত উঠি অহা যুৱতীসকল আগন্তক সৰস্বতীৰ পূজাৰ নিজৰ শিক্ষানুষ্ঠানত জড়িত হোৱাৰ বিপৰীতে তেখেতসকলৰ মনত লক্ষ্য হ’ব ময়ো কেনেকৈ কেমেৰাত বন্দী হওঁ “ এজনী সুন্দৰ যুবতীৰ ৰূপত ” । সেয়েহে মই অনুৰোধ কৰো এজন ছাত্র হিচাবে, আমাৰ সমাজৰ সচেতন ব্যক্তিসকল আৰু উদ্যামী ছাত্র-ছাত্রীসকলক সৰস্বতী পূজাৰ এই দিশটোলৈ চকু-কাণ দিয়াৰ বা তাক প্রতিৰোধৰ বাবে প্রচাৰ মাধ্যমসমূহক তেওঁলোকৰ সামাজিক দায়ৱদ্ধতাৰ কথা মনত ৰাখি এনে ধৰণৰ সস্তীয়া অনুষ্ঠান প্রচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ এটা নীতি গ্রহণ কৰে যেন ।

0 Comments