পৃথিৱীত বিচাৰিব জানিলে সকলোতে সুখ । সেইয়ে সুখ বিছাৰিব নজনা দুখত জীৱনটোৰ সৰহভাগ সময়েই বহুতোমানুহে দুখত ছটফটাই থাকে । সৰুতে আমি ধন ,টকা- পইছা থকাজন ;যিজনৰ ৰাজ আট্টালিকাৰ দৰে ঘৰ আছে বিলাসী গাড়ী আছে সেইজনকে সুখী মানুহ বুলি শিকো ।আনহাতে ধন টকা পইছা নথকাজন আমাৰ মানত দুখীয়া মানুহ । দুখীয়া শব্দটো দুখ শব্দটোৰ পৰাই অহা যেন বোধ হয় । যাৰ ধন নাই তেওঁৰ নিজা অভাৱবোৰ পূৰ কৰাৰো সাৰ্মথ্য নাথাকে সেইয়েতেওঁ জীৱনটো দুখত কটাব লগা হয় আৰুতেওঁ জীৱনটো দুখতে পৰে বাবেই তেওঁক সমাজে দুখীয়া বোলে । আমাৰ সমাজত ধন সম্পদ থকাজনৰহে মান বেছি । সেইয়ে সম্পত্তিৰ পাহৰ গঢ়াৰ মানসিকতাক আমাক সমাজে প্ৰত্যক্ষভাবে নহ’লেও পৰোক্ষভাবে অৰিহনা যোগায় । আৰু টকা পইছাৰ পাছত দৌৰিফুৰি আমি সামাজিক স্বাৰ্থতকৈ ব্যক্তিস্বৰ্থাকহে বেছি গুৰুত্বদিয়ো । যাৰ বাবে আমি টকা পইছাৰ পাহাৰ গঢ়িব পাৰিলেও সুখ বিচাৰি নোপোৱা হৈছো । কিয়নো আমি কিমান টকা ঘটিম তাৰ আমাৰ কেইখন গাড়ী , কিমানটা অট্টালিকা থাকিব লাগে তাৰ কোনো সীমা নাই । আনহাতে আমি পৰিয়াল পৰিকল্পনাৰ দৰে আচঁনিক মানি পৰিয়াল সীমিত কৰিবলৈও শিকিছো। কিন্তু সম্পত্তি সীমিত কৰাৰ তেনে কোনো আঁচনি আমাৰ সমাজত নাই । তাতে সম্পত্তি ঘটাৰ ক্ষেত্ৰত আকৌ আমাৰ প্ৰতিদ্বন্দ্বিবোৰো জানো কম নহয় ! সেইয়ে আমি সম্পত্তিৰ পাহাৰ গঢ়ি সুখী হ’ব বিচাৰিলেও সমাজখনে দিনক দিনে আমাৰ সুখ আৰু মানসিক সন্তুষ্টি নোহোৱা কৰিছে ।

0 Comments