টিউৱলাইট লগৰবোৰে মোক টিউৱলাইট বুলি জোকায় । কিয় জোকাৱ বুলি সুধোতে বন্ধু মানসে এদিন মোক বুজাই দিছিল উদাহৰণসহ। - তোক এদিন বিদিশাই অংক এটা কৰিব দিছিল নি? - ও দিছিল। মনত পৰিল কথাটো । ফ্ৰাষ্ট ইয়েৰত থাকোতে বিদিশা নামৰ ছোৱালীজনী দুদিনমান কলেজ অহা নাছিল । নোটচ্ খিনি লিখি লওঁ বুলি মেজৰৰ বহীখন খুজি ঘৰলৈ নিছিল। দুদিনৰ পিছত বহীখন ঘুৰাই দি কৈছিল অংক এটা আছে মাজত। শুদ্ধ উত্তৰটো যদি দিব পাৰা যি বিচৰা তাকে দিম মই। ঘৰলৈ আহি বহীখন মেলি চালো। 1+4+3= 3নে 2 ?
অংকত মই এক্কেবাৰেই কেঁচা।ৰামানুজনৰ নাম শুনিলেই পেটত হাত - ভৰি লুকায় । তেনেস্থলত এই সাধাৰণ যেন লগা অসাধাৰণ অংকটো মই কেনেকৈ কৰোঁ? শুদ্ধ এটাও নহয় বুলি লিখি পাছদিনা ঘুৰাই দিলো কাগজখন। এই অংকটোৰ লগত আকৌ কি সম্পৰ্ক টিউৱলাইটৰ ।
সম্পৰ্কটো বুজাই দিছিল মানসে - চা গৰু, 1 মানে I, 4 মানে LOVE, 3 মানে YOU , একেদৰেই 3 মানে YES আৰু 2 মানে NO নহ'ল জানো ? .....অংকৰ কালিকা দেখি মই অবাক। এতিয়া মই কি কৰো? তাক সুধিছিলো। - কি কৰিবি আৰু ? এইবাৰ এপ্ৰিলত তাইৰ বিয়া। ফাৰ্ণিচাৰখিনিকে থৈ আহিম ওলাবি। সেই তেতিয়াৰে পৰা মই অলপ সজাগ । কিবা এটা কওঁতে,কৰোতে দহবাৰ ভাবোঁ । হ'লে কি হ'ব? যিমান টানিলেও কুকুৰৰ নেজ পোন নোহোৱাৰ দৰে মোৰো একেই দশা। আকৌ এবাৰ ভালকৈ উজুটি খালো অনিতাৰ ওচৰত। অনিতা মোৰ অন্যতম বন্ধু অমলৰ ভনীয়েক। সেই সূত্ৰেই অনিতাক মই ভন্টি জ্ঞান কৰো। ককায়েক হৈ তাইৰ আবদাৰ পূৰণ কৰিবৰ চেষ্টা কৰো। সেই অনিতাই এদিন ৰাতি দহমান বজাত ফোন কৰিলে। তেতিয়া তাই ইউনিভাৰছিটিত। সুধিলে মোক , এই যে অনুষ্ঠান আৰু অনুস্থান শব্দ দুটাৰ মাজৰ পাৰ্থক্য কি? ....খঙেই উঠিছিল মোৰ, এই ৰাতিখন কেঁচা টোপনি ভাঙি সুধিবলৈ আৰু কথা নাপালি মোক ! তথাপিও সকলোবোৰ সহি সামৰি যি জানো বুজাই দিছিলো। অলপ পাছত মেছেজ কৰিছিল মোক- 'বেয়া নাপাব, আচলতে মাতটো শুনিবলৈহে ফোন কৰিলো । কিমান দিন যে হ'ল আপোনাৰ মাত শুনা নাই ।'
কথাবোৰ বুজি পাব লাগিছিল তেতিয়াই, কিন্তু নাপালো। টিউৱলাইট যে!সময়বোৰ আগৰ দৰেই গৈ থাকিল হয়; মই তাইৰ ককায়েক হৈয়ে থাকিলোহেঁতেন যদি এদিন তাই নকলেহেঁতেন
- - পেহীয়ে মোৰ বাবে ল'ৰা এটাৰ কথা কৈছে। - ভাল কথা।
পঢ়ি শুনি যেতিয়া আজৰি বিয়া হোৱাই ভাল, বয়সতো আৰু ৰৈ নাথাকে ।
- মোৰ খাৰাংখাচ উত্তৰ । - সব কথাতে ধেমালি নহয় ।
কথাবোৰ কৈ দিয়াই ভাল নেকি ! - কোনবোৰ কথা ? - অলপ আচৰিত হ'লো।
- আমাৰ সম্পৰ্কটোৰ কথা। এনেকৈ আৰু ভাল লগা নাই।
- কি সম্পৰ্ক আমাৰ। মই তোক ভনী বুলিয়েই ভাবোঁ । - কিন্তু মই নাভাবো।
মই আপোনাক মনে-প্ৰাণে বিচাৰো। কি কম মই ? উত্তৰ বিচাৰি বাকৰুদ্ধ হৈছিলো। নিজৰ কথাই ভাবিছিলো। এটা জীনচ্ যদি দেউতাৰ পৰা লওঁ, ইটো সৰকাও বাইদেউৰ পৰা । তেনেস্থলত আনৰ দায়িত্ব লোৱাৰ মৰসাহস মোৰ নাই । এদিন কৈছিলো- এয়া অসম্ভৱ। তই মোৰ ভনী- আগতেও, এতিয়া আৰু ভৱিষ্যতেও। ইয়াতকৈ আৰু বেছি ভাবিব নোৱাৰো।
তাই উচুপিছিল। অপূৰ্ণ আশাবোৰ বুকুত বান্ধি এদিন বিয়া হৈ গৈছিল পেহীয়েকে কোৱা সেই লৰাটোৰ লগত। মই ককায়েক হৈ বিন্দাচ বিয়া খাই আহিলো । এতিয়া তাইৰ ভৰা সংসাৰ। মোৰহে দূুৰ্দশাৰ ওৰ নপৰিল। চাকৰি এটাত মূৰটো গুজিব পাৰি বিয়াখন পাতো বুলি ভাবিলো। বয়সেও ইতিমধ্যে বিয়াৰ বয়স গৰকিছে। পিছে, ছোৱালী পোৱাটো যে বৰ সহজ নহয় সেয়া গম পাইছোঁ এতিয়াহে । প্ৰথমে ভালেই লাগিছিল, আজি যদি ছোৱালীৰ সন্ধানত লগৰ এটাৰ মাহীয়েকৰ ঘৰত, কাইলৈ আকৌ পেহী ছোৱালীজনীৰ দদাশশুৱেকৰ ঘৰত হাজিৰ হৈছোঁ । কিন্তু বিচৰা ধৰণৰ ছোৱালী হ'লে মিলা নাই । কাৰোবাক যদি মোৰ পছন্দ হয়, তেওঁ আকৌ মোৰ নামটোও শুনিব নুখোজে। কথাবোৰ এনেকুৱা ধৰণৰ। পাছলৈ সকলোৱে এইক্ষেত্ৰত গা এৰা দিবলৈ ধৰিলে। মইও ধৰি ললো, এই অধ্যায়ৰ আৰম্ভণি নোহোৱাকৈয়ে শেষ হ'ব কিজানি মোৰ জীৱন নাট ।
তেনেকুৱাতে আশাৰ এগচি চাকি হৈ মোৰ সন্মুখত অগাদেৱা কৰিলেহি অন্তৰাই ।অন্তৰাই মই কৰা স্কুলখনৰ আগৰ স্কুলখনত নতুনকৈ জইন কৰিছেহি । মোৰ জীৱনত ন বসন্তৰ জোৱাৰ তুলিব পৰাকৈ অন্তৰা সৰ্বগুণে বিভূষিতা । গতিকে পলম কৰাৰ প্ৰশ্নই নাই । আমি সদায় একেখন বাছেৰেই স্কুল যাওঁ । কেতিয়াবা তাইক মই বহি অহা ছীটতো এৰি দিব লাগে ।
বেয়া নালাগে তেতিয়া । পিছে কওঁ বুলিও মনৰ কথাটোহে কব পৰা নাই । কথা প্ৰসংগত এদিন গম পালো তাই মোৰ ওচৰ সমন্ধীয় ভতিজা দীপাংকৰৰ লগত একেলগে কলেজত পঢ়া । দুয়োটাৰে মাজত বোলে ভাল বন্ধুত্বও আছে । সেই তেতিয়াৰে পৰা তাই মোক খুৰা বুলি মাতে ।
এদিন পতকৈ মনলৈ আহিল দীপাংকৰক কৈয়েচোন কথাটোৰ কিবা হেস্তনেস্ত কৰিব পাৰি । সেই দিনাই নিশা কলকতাত কিবা মেনেজমেন্ট কৰ্ছ কৰি থকা দীপাংকৰক ফোন কৰি পাকে প্ৰকাৰে মোৰ মনৰ কথা কলো । কথা শুনি সি সুধিলে মোক, তাই আপোনাক কি বুলি মাতে? মই বুলো- খুৰা বুলি ।
তাত মোৰ কোনো আপত্তি নাই ।
- তপৰাই কলো ।
- একেলগে চাকৰি কৰা ছোৱালী এজনীয়ে আপোনাক ছাৰ বা দাদা বুলিও মাতিব পাৰে,
কিয় খুৰা বুলি মাতে ভাবি চাওকচোন এবাৰ ।
ওৰহী গছৰ ওৰ পালো এতিয়াহে । নিজৰ ওপৰতে ধিক্কাৰ জন্মিল ।
ছেহ্, এই এল ই ডিৰ দিনতো মই টিউৱলাইট হৈয়ে থাকি গলো ।
0 Comments