যান-বাহনৰ পৰীক্ষাৰ অত্যাধুনিক পদ্ধতি - আই এম এছ



বিশ্বৰ বিভিন্ন ঠাইৰ লগতে ভাৰততো দ্রুগতিত বাঢ়ি আহিছে যান-বাহনৰ সংখ্যা । লগতে বাঢ়ি আহিছে দূর্ঘটনা আৰু পৰিবেষ প্রদূষন। এখন গাড়ী সকলো অংগ প্রত্যাঙ্গ অংশ ঠিকমতে কাম কৰিলেহে দূর্ঘটনাৰ পৰা হাত সাৰিব পাৰি। প্রধানকৈ গাড়ীখনৰ ব্রেক, হেডলাইট, চাচপেঞ্চন, স্পিড’মিটাৰ, যয়েন্ট প্লে , আৰু নির্গমন পৰীক্ষা কৰা অতি দৰকাৰ। ভাৰতীয় CMVR নিয়মানুসৰি এই পৰীক্ষা কৰা উচিত। আমেৰিকা, ইউৰোপ আদি ঠাইত যানবাহন পৰীক্ষা সম্পূর্ণ স্বয়ংচালিতভাৱে কৰা হয় । দুচকীয়াযানবাহনৰ পৰা ভাৰী বাণিজ্যিক গধুৰ যানবাহনলৈ প্রায় সকলো গাড়ীলৈ পৰীক্ষা কৰা হয় । বর্তমান ভাৰতত এনে স্বয়ংচালিত পৰীক্ষা পদ্ধতি তেনেই আঙুলিৰ মূৰত গণিব পৰা।দিল্লীৰ বুৰাৰী, গোৱা, হায়দৰাবাদ, বাংগালোৰ আৰু শিলচৰত এনে আধুনিক যানবাহন পৰীক্ষা পদ্ধতি আছে। এনে পদ্ধতিক সাধাৰণতে ভেহিক’ল ছেফতি লেন বা IMS (inspection and maintenance station) বোলা হয়। ই আকৌ দুই ধৰণৰ এবিধ এঠাইত স্থিৰ (fixed) আৰু আনবিধ মোবাইল ভেন (mobile lane)। দুয়োবিধ আই এম এছ পদ্ধতিতে লঘু আৰু ভাৰী যানবাহন পৰীক্ষা কৰাৰ সক্ষমতা আছে। আৰু ওপৰত উল্লেখ কৰা সকলোবোৰ পৰীক্ষা কৰা হয়।এনে টেস্টিং লেন দিজাইন কৰা কোম্পানী এটা হ’ল আমেৰিকাত অহাইঅ’ত অৱস্থিত মাষ্টাং এডভাঞ্চদ ইঞ্জিনিয়াৰিং। বর্তমান ভাৰতত থকা এনে লেন এই বহুজাতিক কোম্পানীটোৱে যোগান ধৰিছে। এনে পৰীক্ষা পদ্ধতিত গাড়ীৰ সক্ষমতা বা ফিটনেছ মূল্যায়ন কম্পিঊটাৰে কৰে। ভাৰতত থকা আইন আৰু নিয়মানুসৰি গাড়ীখন পাছ হোৱাৰ নিম্নতম গুণ কম্পিঊটাৰত আগতেই প্রগেম কৰি থোৱা হয়। এই গোটেই পদ্ধতিটোত সাধাৰণ যাত্রী, চালক, ট্রেফীক আৰক্ষী, মটৰ নীৰিক্ষক, ঊচ্চ পদস্থ বিষয়া সকলো জড়িত থাকে। কার্বন-ডাই –অক্সাইড, কার্বন মনক্সাইড, নাইট্র’জেন অক্সাইড, হাইড্রকার্বন­ গেদ আদি মূল বায়ু প্রদূষক সমূহ ধৰা পৰে। লগতে ব্রেক, লাইট, স্পিড’মিটাৰ, চাচপেঞ্চন আদি ঠিক আছেনে নাই সম্পূর্ণ ধৰাপৰে। নির্দিষ্ট অন্তৰালত এনে পৰীক্ষা কৰালে দূর্ঘটনা আৰু প্রদূষণ হ্রাস পাব বুলি ক’ব পাৰি।


Post a Comment

0 Comments