ইচলামত মাতৃভাষাৰ স্থান কেনে জানো আহক …
পৰম কৰুণাময় আল্লাহৰ কৰুণাত প্ৰত্যক মানুহে মনোভাৱ আদান প্ৰদান কৰিবলৈ ভাষা ব্যৱহাৰ কৰে আৰু জন্ম হৈয়ে মাতৃৰ ভাষাৰ সৈতে পৰিচয় লাভ কৰে|আৰু একসময়ত সেই ভাষা আয়ত্ব কৰি লয়|এইদৰে মানৱ সমাজৰ বিকাশৰ লগে লগে বিকাশিত হৈ আহিছে ভাষা| মানুহৰ ভিন্নতাৰ কাৰণে ভাষাও হৈ পৰিছে স্থানভেদে ভিন্ন ভিন্ন|
মহান সৄষ্টিকৰ্তাও ভাষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া যেন অনুভৱ হয়|কাৰণ তেঁও পৄথিৱীত প্ৰেৰণ কৰা দূত(নবী)সকলক প্ৰত্যেককে নিজ নিজ মাতৄভাষাত দক্ষ কৰি পঠাইছে তদুপৰি তেঁওলোকলৈ প্ৰেৰণ কৰা ঐশ্বৰিক গ্ৰন্থ সমূহো নিজ মাতৄভাষাত অবতীৰ্ণ কৰাইছে| আল্লাহপাকে কোৰাণ শ্বৰিফত কৈছে(ইব্ৰাহীম:৪) “মই সকলো দূত(নবী)ক সিহতৰ স্বজাতিৰ ভাষাভাষী কৰিয়েই প্ৰৰেণ কৰিছো যাতে সিঁহতৰ বাণীসমূহ বুজিব সুবিধা হয়|”
ইয়াৰ উপৰিও নবীসকলৰ জীৱণী অধ্যয়ন কৰিও বুজা যায় যে তেঁওলোকো নিজ ভাষাত পাৰদৰ্শিকতাসম্পন্ন আছিল|উদাহৰণ স্বৰুপে হজৰত দাউদ (আ:)ৰ প্ৰতি অবতীৰ্ণ হোৱা যবুৰ আছিল গ্ৰীক ভাষাত,মুছা(আ:)প্ৰতি অবতীৰ্ণ হোৱা তাওৰাত আছিল হিব্ৰু ভাষাত ইত্যাদি|
সদৌ শেষত কব বিচাৰিছো আমি আমাৰ মাতৄভাষা অসমীয়াক লৈ গৰ্বিত|উল্লেখযোগ্য যে অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিবলৈ কিমান জনে প্ৰাণ আহুতি দিলে তাৰ আজি খাতিয়ান নাই|১৯৬০ চনৰ ৪ জুলাইত অসমীয়া ভাষা আন্দোলনৰ ফলস্বৰুপে প্ৰথম পুলিচৰ গুলিত প্ৰাণ আহুতি দিছিল ৰঞ্জিত বৰপূজাৰীয়ে| আমাৰ এই ভাষা নিজ মাতৃৰ দৰেই আপোন,গভীৰ মমতাৰে ভৰপূৰ|নিষ্ঠতা আৰু আন্তৰিকতাৰে ভাষা চর্চা কৰিলে নিশ্বয় সেইয়া হৈ পৰিব এক প্রকাৰৰ এবাদত|প্রত্যক অসমীয়াৰ দায়িত্ব হ’ল নিজ মাতৄভাষা চর্চা কৰি বিশ্বৰ দৰবাৰত ইয়াক প্রতিষ্ঠ কৰা|আমি আমাৰ ভাষাক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰিলেহে আমাৰ ভাষা আন্দোলনৰ শ্বহিদসকলৰ আত্মত্যাগ সার্থক হব|আহক আমি সকলো মিলি পার্যমানে অসমীয়া ভাষা ব্যৱহাৰ কৰো আৰু ইয়াক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰো |এইয়া হওক আমাৰ আজিৰ শপথ……….
0 Comments